শিৱ আৰু শিৱৰাত্ৰি – অনামিকা (সংগীতা)কলিতা

Pc Trip to Temples

শিৱ আৰু শিৱৰাত্ৰি

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

ওঁম নমঃ শিবায় ,শিৱৰাত্ৰি হিন্দুধৰ্মৰ এক  পবিত্ৰ অনুষ্ঠান। ভাৰতবৰ্ষৰ ঐতিহাসিক যুগৰ পৰা হিন্দুধৰ্মৰ লোক সকলে পালন কৰি আহিছে  ,ইয়াৰ উপৰি  বেলেগ বেলেগ দেশতো বাস কৰা সনাতন ধৰ্মৰ লোক সকলেও পালন কৰে বুলি জানিব পাৰিছোঁ  ।

শিৱৰাত্ৰী শিৱ আৰু হিমালয়ৰ দুহিতা দেৱী  পাৰ্বতীৰ বিবাহৰ দিন মিলনৰ ৰাতি বুলি আইতাহতৰ মুখত শুনাৰ উপৰিও ধৰ্মীয় গ্ৰন্থতো পাইছোঁ।।শিৱ প্ৰভুৰ প্ৰথমা পত্নী সতীৰ মৃত্যুৰ পিছত প্ৰভু  শিৱ একান্ত ধ্যানত মগ্ন আছিল ।সেই সময়তে দেৱী পাৰ্বতীয়ে শিৱক আৰাধনা কৰি তেওঁক স্বামীৰূপে পাব’লৈ কঠিন ব্ৰত কৰে। দেৱীৰ স্তুতিত সন্তুষ্ট হৈ বৰদান দিয়ে কিন্তু বিবাহ কৰিবলৈ প্ৰথমে প্ৰস্তুত নাছিল। ব্ৰহ্মা,বিষ্ণু  নাগ, দেৱতা গন্ধৰ্ব সকলোৰে সহমত আৰু প্ৰভু শিৱই  মা পাৰ্বতী দেৱীৰ কিছু পৰীক্ষা লয়।সেই  পৰীক্ষাত দেৱী সফল হোৱাত ফাগুন মাহৰ কৃষ্ণ  চতুৰ্দশী তিথিত শিৱ আৰু পাৰ্বতীৰ  বিবাহ সম্পন্ন হয় । শিৱ প্ৰভুক ভোলানাথ বুলিও কয় তেওঁ অলপতে সন্তুষ্ট হয় কাৰণে,প্ৰভু শিৱৰ  ১০৮নাম আছে । শিৱ কেৱল দেৱতাৰে নহয়,অসুৰসকলৰো আৰাধ্য।

ভাৰতবৰ্ষত আজিও ভগৱান শিৱৰ ১২ টা জ্যোতিৰ্লিঙ্গ বিৰাজমান—-সেই স্থানত  মহা ধুমধামেৰে শিৱৰাত্ৰি পালন কৰা হৈছে। শিৱৰাত্ৰিৰ দিনা  হিন্দু ধৰ্মাৱলম্বী লোকসকলে ৰাতি উজাগৰে থাকি ব্ৰত পালন কৰি  নীলকন্ঠ প্ৰভু ভোলানাথক স্মৰণ কৰে।  ১২ টা জ্যোতিৰ্লিঙ্গৰ অৱস্থিতি——-

(১)সোমানাথ/গিৰ সোমনাথ,গুজৰাট

(২)মল্লিকাৰ্জুনা/শ্ৰীশৈলম,অন্ধ্ৰপ্ৰদেশ

(৩)মহাকালেশ্বৰ/উজ্জৈন,মধ্যপ্ৰদেশ

(৪)ঔমকাৰেশ্বৰ/খাণ্ডুৱা,মধ্যপ্ৰদেশ

(৫)কেদাৰনাথ/ৰুদ্ৰপ্ৰয়াগ,উত্তৰাখণ্ড

(৬)ভীমাশঙ্গৰ/পুণে,মহাৰাষ্ট্ৰ

(৭)বিশ্বেশ্বৰ/বাৰানসী,উত্তৰ প্ৰদেশ

(৮)ত্ৰয়ম্বকেশ্বৰ/নাচিক,মহাৰাষ্ট্ৰ

(৯)বৈদ্যনাথ/দেউঘৰ, ঝাৰখণ্ড

(১০)নাগেশ্বৰ/দ্বাৰকা,গুজৰাট

(১১)ৰামেশ্বৰ/ৰামেশ্বৰম,তামিল নাডু

(১২)গ্ৰিশনেশ্বৰ/ঔৰংগাবাদ,মহাৰাষ্ট্ৰ

সকলোৰে ওপৰত ভোলানাথৰ  কৃপাদৃষ্টি অটুট থাকক।