“শিৱৰাত্ৰি ব্ৰতৰ মহত্ব” – শ্ৰী অখিল বৰুৱা

pc India Today

            এবাৰ দেৱৰ্শি নাৰদে পিতা ব্রহ্মাক সুধিলে, পিতাশ্রী শিৱব্রত কৰিলে কি ফল পায়? যিবিলাকে একো নাজানিও ব্রত পালন কৰে তেওঁলোকে কি ফল পায়? কথা শুনি পিতাকে এই প্রশ্ন উত্তৰ দি এটা কাহিনী পুত্ৰক শুনালে – শিৱৰাত্ৰি পূজাত মনুষ্য-পশু-পক্ষী, দানৱ সকলোৱে শিৱৰ কাহিনী শ্রোত্র শুনি ও পাঠ কৰে। তেওঁলোকৰ মঙ্গলময় হয়। মনৰ কামনা পূর্ণ হয়। এইদৰে ১৪ বছৰ ধৰি শিৱৰাত্ৰি চাৰি প্ৰহৰ ভগবান শিৱক পূজা, জপ, নাম আদি কৰিলে তেওঁলোকৰ সকলো কাৰ্য্য সম্পূর্ণ হয় ঐচর্যা-বিভূতি, সুখী সংসাৰী হয়।

                প্রাচীনকালত নিষাদ নামৰ এটা চিকাৰী আছিল। তেওঁ সকলো জীবক শান্তিৰে থাকিবলৈ নিদিছিল। প্রতিদিনে সংঘাৰ ৰূপ ধৰি ধন আৰু চুৰি ডকাইটি কৰি ধন যোগাইছিল। শিশু কালৰ পৰা কোনো শুভ কাম কৰি নাপাইছিল। সি যিখন অৰণ্যত থাকে তাত কাকো শান্তিত থাকিবলৈ নিদিয়ে। এনেদৰে কু কৰ্মৰ দ্বাৰাই ব্ৰৰ্তী আছিল। হে নাৰদ, এদিন এটা এনে এটা সন্ধিক্ষণত পৰিল, কোনো ভোজনৰ যোগাৰ কৰিব নোৱাৰাত পিতৃ-মাতৃ-স্ত্রী সকলো ভোকত আছিল আৰু ভোকাতোৰ অৱস্থাৰে তেওঁক ভোজনৰ ব্যৱস্থা কৰিবলৈ ক’লে। তেওঁলোকৰ কথা শুনি নিষাদে বহুত দুখ অনুভৱ কৰিলে আৰু হাতত ধনু লৈ অৰণ্যত প্ৰৱেশ কৰিলে। যিদিনাখন এই ঘটনা হৈছিল সেইদিনা আছিল শিৱৰাত্রি ব্রত। নিষাদে গোহ অৰণ্য ঘূৰিফুৰি ক’তো এটা চিকাৰ কৰিব নোৱাৰি বিষন্ন মনেৰে নদীৰ পাৰ পালে। নিষাদে নদীৰ পাৰত এজোপা বেল গছত উঠি নদীত কোনোবা পশু-পক্ষী আহে নেকি তাক গছৰ ওপৰৰ পৰাই নিৰিক্ষণ কৰিলে। এইদৰে প্ৰথম প্ৰহৰ ৰাতি পাৰ হ’ল, সেই সময়তে এজনী হৰিণীয়ে পিয়াহত আতুৰ হৈ নদীত পানী খাবলৈ লওঁতে নিয়াদে হাতত থকা ধনুৰে কাঁৰ নিক্ষেপ কৰিলে। কিন্তু কি আচৰিত কথা। ধনুকাঁড়ডাল হৰিণীলৈ নগৈ বেল গছৰ ডালত লাগি তেওঁ লগত নিয়া ঘটিৰ পানী আৰু বেলপাত তলতে থকা এটা শিৱলিংগত পৰিল । এইধৰণে এক প্ৰহৰ পাৰ হ’ল। নজনাকৈ ভাগ্যবসত তেওঁ নিজেও নজনাকৈ শিৱৰ ব্ৰত এক প্ৰহৰ পাৰ হ’ল আৰু নিষাদেও সেই ব্ৰততে বহুতখিনি পাপ মোচন হ’ল। হৰিণীয়ে ওপৰলৈ উঠাৰ সময়ত গছৰ ওপৰত এজন ব্যাধক দেখি লগত ধনুকাড় লৈ সুধিলে- সেই ব্যাধ, তুমি ধনুকাড়েৰে কি কৰিবলৈ লৈছা? হৰিণী কথাত চিকাৰীয়ে হৰিণীক ক’লে- তোমাৰ বধ কৰি তোমাৰ মাংসৰে মোৰ ঘৰত থকা পৰিয়ালক ক্ষুধা নিবাৰণ কৰিবলৈ লৈছো। তাকে শুনি হৰিণীয়ে তেওঁ মাংসৰে যদি জীৱ শ্রেষ্ঠ মানুহক আপ্যায়িত কৰিব পাৰে সেইটো তেওঁৰ বাৰে গৌৰৱৰ বিষয়। কিন্তু এটা কথা, মোৰ ল’ৰা-ছোৱালীকেইটা অকলে এৰিথৈ আহিছো। কিবা এটা যোগাৰ কৰি আহোঁগৈ। চিকাৰী সন্মত নহ’ল। কেনেকৈ তোমাক মই বিশ্বাসত ল’ও। হৰিণীয়ে কাতৰ প্ৰাৰ্থনা জনাই ক’লে- সেই অবিশ্বাস যদি বাধা হয় বেদে মোক ক্ষমা নকৰিব। শেষত উপায়ন্ত হৈ যাবলৈ দি গছৰ ওপৰত হৰিণী ঘূৰি নহালৈকে অপেক্ষাত ৰ’ল। হৰিণীয়েও ঘৰলৈ ঘূৰি গৈ ভনীয়েকক আদ্যবিদান্ত কলে। ভনীয়েকে লগত সন্ধী হৈ ব্যাধৰ ওচৰলৈ আহিল। ব্যাধে দেখিয়েই হাতৰ ধনুৰে আকৌ সেই হৰিণীলৈ নিক্ষেপ কৰিলে। কিন্তু কাড়ডাল হৰিণীৰ গাত নালাগি গছৰ পাতহে সৰিল আৰু তলত থকা শিৱলিংগত পৰিল। তেতিয়া আছিল সময় দুই প্ৰহৰ। ক্ৰমাত এইদৰে হৰিণীৰ মাংস লৈ ব্যাধে বিনিদ্ৰ ৰজনী কটালে। ব্যাধে তেওঁলোক গুচি যাবলৈ বিচৰাত ক্রধান্বিত হৈ যাবলৈ দিবলৈ অমান্তি হ’ল। ইফালে হৰিণীক নাপাই হৰিণাই পো পোৱালীৰহঁতে সকলো ব্যাধৰ ওচৰ পালেগৈ। তেওঁ ব্যাধক প্রার্থনা জনাই ক’লে- হে ব্যাধ, তুমি হৰিণীক বধ নকৰিবা ৷ কাৰণ ঘৰত ল’ৰা-ছোৱালীবিলাক অসহায় হ’ব। লাগিলে মোৰ মাংসৰে যদি তোমালোকৰ ক্ষুধ নিবাৰণ কৰে মই অতিকৈ ধন্য। যথা সময়ত তেওঁলোক সকলো ঘৰমূৱা হ’ল। ব্যাধেও গছৰ ওপৰতে হৰিণীলৈ অপেক্ষাত ৰ’ল। এইদৰে তৃতীয় প্ৰহৰো হ’ল। ৰাতিপুৱা হৰিণীৰ লগত সকলো ল’ৰা-ছোৱালী দেখি বৃক্ষৰ ওপৰৰ পৰাই ধনু কাঁড় নিক্ষেপ কৰিলে। কিন্তু আচৰিত কথা, কাঁড়ডাল সিহঁতলৈ নগৈ পুনৰ গছৰ অসংখ্য পাত পৰিল তলত থকা শিৱলিংগৰ ওপৰত। ইতিমধ্যে ব্যাধৰো বহুতখিনি পাপ খণ্ডন হ’ল। ব্যাধেও সিহঁতৰ একাগ্ৰতা আৰু মনোবল দেখি তেওঁলোকৰ ওচৰলৈ নামি আহিল আৰু ক’লে- যি পশুক বুদ্ধিহীন বুলি ভবা হয়। তওঁলোকৰ বুদ্ধিত মই হাৰ মানিছো। তোমালোকে মোক বহুত জ্ঞান দিলা। যে পৰৰ শৰীৰে মোৰ ওপকাৰতকৈও তোমালোকে মোক স্বজ্ঞান ঘুৰাই দিলা, তাত মই ধন্য আৰু হাতৰ পৰা ধনু নমাই দিলে।

                ব্ৰহ্মাই ক’লে, হে নাৰদ- ব্যাধে যি অপকর্ম কৰি জীৱন নিৰ্বাস কৰিছিল মনত বহুতো দুখ লাগিল আৰু চকুপানী টুকিলে। সেই সময়ত শিৱ অত্যন্ত প্রসন্ন হ’ল আৰু নিষাদ অর্থাৎ ব্যাধক হাতত ধৰি ক’লে- হে নিষাদ, মই বৰ সন্তুষ্ট হ’লো। তেনেকৈয়ে চাৰি প্ৰহৰত ভোকে-লঘোনে মোক যি পূজা দিলা তোমাৰ সকলো পাপ খণ্ডন হ’ল আৰু এতিয়া তুমি যি ইচ্ছা কৰা মোক কোৱা, মই সকলো ইচ্ছা পূৰণ কৰিম। ভগৱান শিৱৰ কথা শুনি নিষাদে চৰণ চুই হাতযোৰ কৰি কেৱল এটাই ক’লে। প্ৰভূ আপোনাক চৰণত ধৰি মই সকলো ইচ্ছা পূৰ্ণ কৰিলো। তেতিয়া ভগৱান ভূত-ভাৱনাত অত্যন্ত প্রসন্ন হ’ল আৰু নিষাদৰ নাম স্কন্দ ৰাখিলে। আৰু তেওঁক ক’লে- এতিয়া শৃগেস্বৰ সুৰত তোমাৰ এখন ৰাজ্য বনাই দিছো তাতে সুখেৰে জীৱন কটোৱা।

                সঁচাকৈয়ে ত্রয়োদশি তিথিত ব্ৰত ইমানেই মহিমা সকলো ভক্তই এই তিথি ব্ৰত কৰি যি বৰ বিচাৰে সেই ফল পায় বুলি বিশ্বাস।