শিৱৰাত্ৰিৰ লগত জড়িত লোকপ্ৰথা
শিৱৰাত্ৰি হৈছে ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ ৷ হিন্দু ধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যি মহাশিৱৰাত্ৰি প্ৰতিবছৰে ধুমধামেৰে আয়োজন কৰা হয় ৷ মহাশিৱৰাত্ৰি উৎসৱৰ ক্ষেত্ৰত বহু লোকপ্ৰথা আৰু কাহিনী আমি দেখিবলৈ শুনিবলৈ পাওঁ ৷ লোকবিশ্বাস অনুসৰি যেতিয়া দেৱতা আৰু দানৱৰ সাগৰ মন্থন হৈছিল তেতিয়া কোলাহল বিষৰ আৱিৰ্ভাৱ হৈছিল,বিষৰ প্ৰভাৱত সমষ্ট জগত প্ৰভাৱিত হৈছিল,তেতিয়া শিৱই সেই কোলাহল বিষ পান কৰি সমষ্ট জগতক ৰক্ষা কৰিছিল ৷ যাৰবাবে সেইদিনটো মহাশিৱৰাত্ৰিৰ দিন হিচাপে হিন্দু সকলে আয়োজন কৰি আহিছে ৷ শিৱৰাত্ৰিৰ মহত্ত্ব বুজিবলৈ হ’লে আমি প্ৰথমে শিৱ কোন ? সেয়া বুজিব লাগিব,আধ্যাত্মিক দৃষ্টিত শিৱৰ অৰ্থ হৈছে সত্য ৷ যাৰবাবে কোৱা হয় সত্যম,শিৱম,সুন্দৰম ৷ শিৱে সত্য,আৰু শিৱৰাত্ৰিৰ অৰ্থ হৈছে শিৱময় হোৱাৰ বাবে ধ্যান ৷ মানে সত্যৰ উপাসনা কৰা দিন হৈছে শিৱৰাত্ৰি ৷ কিন্তু শিৱৰাত্ৰিৰ দিনাখন আমি সত্যৰ উপাসনা কৰাৰ পৰিৱৰ্তে গাঞ্জা,ধতুৰা,ভাং ইত্যাদি সেৱন কৰি শিৱময় নহৈ নিচাময় হে হওঁ ৷ শিৱৰাত্ৰিৰ দিনা ভাং,গাঞ্জা,ধতুৰা সেৱন কৰি বিভিন্ন ধৰণৰ নৃত্যগীত পৰিবেশন কৰি মনোৰঞ্জন বিচাৰোঁ ৷ কিন্তু পৌৰাণিক বেদ,পুৰাণত দূৰদূৰণিলৈ শিৱৰাত্ৰিত গাঞ্জা,ভাং,ধতুৰা সেৱন কৰাৰ কথা উল্লেখ নাই ৷ শিৱৰাত্ৰি হৈছে বোধ,চেতনা আৰু ধ্যান জাগ্ৰত কৰাৰ দিন ৷ কিন্তু বৰ্তমান সমাজত শিৱৰাত্ৰিৰ নামত মনোৰঞ্জন আৰু উপদ্ৰৱ হে পৰিলক্ষিত হয়,বোধ আৰু চেতনাৰ কথা কোনেও চৰ্চা নকৰে,শিৱৰাত্ৰিৰ বাস্তৱিক অৰ্থ বুজিবলৈও চেষ্টা নকৰে ৷ আজিৰ সমাজে শিৱৰাত্ৰিক কেৱল প্ৰতীক মাত্ৰ হিচাপে উপাসনা কৰি উপাসনাৰ নামত গাঞ্জা,ধতুৰা সেৱন কৰি উপদ্ৰৱ চলাই ৷ শিৱৰাত্ৰিৰ অৰ্থ জনকল্যাণ,বোধ,মানৱীয় উদাৰতা,দুষ্টক দমন আৰু শান্তশিষ্টক পালন হোৱা উচিত ৷ শিৱৰাত্ৰিৰ নামত নিচাসক্ত হৈ মনোৰঞ্জনৰ নামত উপদ্ৰৱ চলোৱা অনুচিত ৷
শৈলেন কুমাৰ
মিৰ্জা