শিৱসেনাৰ প্ৰধান তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে অসুস্থ 

শিৱসেনাৰ প্ৰধান তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে অসুস্থ 

ৰঙিলী বাৰ্ত্তাসেৱা- অসুস্থ শিৱসেনাৰ প্ৰধান তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে। সোমবাৰে পুৱা অসুস্থ হৈ পৰা শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক শাৰীৰিক পৰীক্ষাৰ বাবে সোমবাৰে পুৱা প্ৰায় ৮ বজাত মুম্বাইৰ ৰিলায়েন্স হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁৰ হৃদযন্ত্ৰত কোনোধৰণৰ ব্লকেজ আছে নেকি সেই বিষয়ে জানিবলৈ এঞ্জিওগ্ৰাফী কৰা হয়। এই পৰীক্ষাৰ পাছতে তেওঁৰ হৃদযন্ত্ৰত ব্লকেজ ধৰা পৰিছে। সেয়ে তেওঁৰ চিকিৎসাৰ বাবে হাস্পতালত লগে লগে ভৰ্তি কৰা হয়। উল্লেখ্য যে, দেওবাৰে দশেহৰা উৎসৱত অংশগ্ৰহণ কৰিছিল উদ্ধৱ ঠাকৰেয়ে। এই উৎসৱৰ পৰা উভতি অহাৰ পাছৰে পৰা তেওঁ অসুস্থ হৈ পৰে। নিশা তেনেদৰে অসুস্থ অৱস্থাৰে পাৰ কৰাৰ পাছত পুৱাৰে পৰা তেওঁৰ শাৰীৰিক অসুস্থা বৃদ্ধি হয়। এনে পৰিস্থিতিত পৰিয়ালে আৰু অধিক পলম নকৰি পুৱা ৮ বজাতে তেওঁক হাস্পতাললৈ লৈ যায়। উদ্ধৱ থাকৰেৰ পুত্ৰ তথা দলৰ নেতা আদিত্য থাকৰে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসালয় যোৱাটো পূৰ্ব পৰিকল্পিত আছিল। শিৱসেনাৰ প্ৰবীণ মুৰব্বীগৰাকীৰ ৰুটিন চেক আপ কৰা হয় আৰু এতিয়া তেওঁ ঠিকেই আছে।