শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুলৈ জিমি দাস আৰু নাই

শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুলৈ জিমি দাস আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ৰহস্যজনক মৃত্যু।জিমি দাসৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্য সৃষ্টি কৰিছে জিলাখনত। সোমবাৰে নিশা  যুৱতীগৰাকী অসম চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বেই জিমি দাসে মৃত্যুক সাৱতি লয়।জানিব পৰা মতে জিমিয়ে খাদ্যৰ সতে বিহপান কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সন্দেহ কৰিছে আত্মীয়ই।ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে নিশা খেলুৱৈগৰাকীয়ে বিহ পান কৰিছিল। লগে লগে পৰিয়ালৰ লোকে যুৱতীগৰাকীক হাস্পাতালত ভৰ্তি কৰাই যদিও তেওঁক মৃত্যুক সাৱতি লয়। খেলুৱৈগৰাকী শিৱসাগৰ দিচাংমুখ ৰংচাইৰ বাসিন্দা। জিমি দাসৰ মাতৃয়ে সন্দেহ কৰিছে যে প্ৰেমজনিত কাৰণতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাৰ পাছতে এতিয়া আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। গতিকে ঘটনাৰ অন্ততহে জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীৰ। উল্লেখ্য যে, প্ৰায় এটা বছৰ পূৰ্বে এক বিক্ষিপ্ত ঘটনাৰ বাবে চৰ্চালৈ আহিছিল শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাস।ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীক কেইগৰাকীমান বহিৰাগত ব্যৱসায়ীয়ে আক্ৰমণক কৰা কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ২০২৪ চনৰ ১৩ আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীক প্ৰহাৰ কৰিছিল। যাৰ পিছত উত্তাল হৈ পৰিছিল শিৱসাগৰ। দল, সংগঠনৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছিল শিৱসাগৰ। জিমিৰ হৈ ন্যায় বিচাৰি কৰা সেই সংগ্ৰামে সফলতাও লাভ কৰিছিল।