শিৱসাগৰৰ প্ৰগতি হাস্পতাল ছীল কৰিলে প্ৰশাসনে

শিৱসাগৰৰ প্ৰগতি হাস্পতাল ছীল কৰিলে প্ৰশাসনে

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃক্কৰ সাধাৰণ সংক্ৰমণৰ বাবে শিৱসাগৰৰ প্ৰগতি হাস্পতালত ভৰ্তি হোৱা বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী তথা ৱাৰ্ড কমিছনাৰ উপমা বৰাৰ মৃত্যুক লৈ শিৱসাগৰ জিলাত  প্ৰতিবাদ হোৱাৰ পিছতে প্ৰশাসনে হাস্পতালখন ছীল কৰে। সন্ধিয়া তদন্তকাৰী দল উপস্থিত হৈ ছীল কৰে হাস্পতালখন। ৰাজহ চক্ৰ বিষয়া জীৱনকৃষ্ণ গোস্বামীৰ নেতৃত্বত হাস্পতালখনলৈ অহা দলটোৱে প্ৰতিটো চিকিৎসা কক্ষ, কাউন্টাৰ, গেটত “closed” লিখি আঁৰি দিয়ে পোষ্টাৰ। ইয়াৰ পিছত মূল গেটত তলা লগাই চাবি লৈ যায় তদন্তকাৰী দলে। উল্লেখ্য, ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উপমা বৰা আৰু ২১ জানুৱাৰীত নৃপেন খঙীয়াৰ মৃত্যু সন্দৰ্ভত ইতিমধ্যে অতিৰিক্ত জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালভাৱে এই সমগ্ৰ ঘটনা অনুসন্ধান কৰিবৰ বাবে অতিৰিক্ত জিলা দণ্ডাধীশ চন্দনা বৰুৱাৰ অধ্যক্ষতাত তিনিজন জ্যেষ্ঠ চিকিৎসকসহ এক মেডিকেল টীম গঠন কৰা হৈছে।