শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনা

শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে পুৱা শিৱসাগৰৰ ভটীয়াপাৰ ৰূপহীমুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা।  এই দুৰ্ঘটনাত থিতাতে নিহত হয় এটা পৰিয়ালৰ দুজন সদস্যৰ ৷ আনহাতে, কথমপি প্ৰাণ ৰক্ষা পৰে এটি ২ বছৰীয়া দেৱশিশুৰ ৷ ঘন কুঁৱলীৰ বাবে পথৰ কাষত ৰখাই থোৱা HR 39 2359 নম্বৰৰ এখন ডাম্পাৰত AS 04 AJ 3863 নম্বৰৰ হোণ্ডাই এস্কট্ৰাৰাৰে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় ৷ বিপুল হাতীমূৰীয়া (৫১) নামৰ ব্যক্তিজন পৰিয়ালসহিতে নলবাৰীৰ পৰা শিৱসাগৰ বেতবাৰীস্থিত গৃহাভিমুখে অভিমুখে আহি থকা অৱস্থাতেই দুর্ঘটনাটো সংঘটিত হয়।দুর্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূর্ণ বিচূর্ণ হৈ পৰে।এই ভয়াৱহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্বামী বিপুল হাতীমূৰীয়া। আনহাতে পত্নী নমিতা শইকীয়াক প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছৰ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ নি থাকোতেই মৃত্যু হয়। নিহত দম্পতিৰ ঘৰ শিৱসাগৰ বেতবাৰী বাকচুত। ইফালে, সৌভাগ্যবশত মাতৃৰ কোলাত সোমাই থকাৰ বাবে দেৱ শিশু ৰিয়াঞ্চ হাতীমূৰীয়াৰ প্ৰাণ ৰক্ষা পৰে। দুৰ্ঘটনাটোত বাহন খনৰ চালক অৰুণ শীল গুৰুত্বৰভাৱে আহত হৈছে ৷  অৰুণজ্যোতি শীলৰ ঘৰ ঢেকীয়াজুলিত। আহত অৰুণ শীলক শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে। এই ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই গভীৰ শোকৰ ছাঁ পেলাইছে ৷ ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হৈ দুর্ঘটনাটোৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।