শিৱসাগৰত অগ্নিদগ্ধ হৈ মাতৃ কন্যাৰ ৰহস্যজনক মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ অ’ এন জি চি ক’লনীৰ সমীপত পুৱতি নিশা চাঞ্চল্যকৰ ঘটনা।ঘৰৰ ভিতৰতে নিজৰ জীৱন শেষ কৰি দিলে মাতৃ-কন্যাই।জানিব পৰা অনুসৰি ঘৰত নিজেই অগ্নি সংযোগ কৰি চৰম সিদ্ধান্ত লয় ৭-৮ বছৰ পূৰ্বে স্বামীহীনা ৫০বছৰীয়া ৰূপা বৰগোহাঁই আৰু ৩৪ বছৰীয়া বিবাহিত কন্যা উপাসনা বৰগোঁহায়েই। পুৱতি নিশা বাসগৃহটোত অগ্নিসংযোগৰ ফলত দুয়োৰে মৃত্যু হোৱা বুলি চুবুৰীয়াই সদৰী কৰিছে। উক্ত বাসগৃহত জ্বলি প্রায় ছাই হোৱা মাংসপিণ্ড উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনহাতে কোঠাটোৰ ভিতৰত থকা সকলো আচ বাব জ্বলি ছাৰখাৰ হয়। ইতিমধ্যে এটা বটলৰ ভিতৰত দুখনকৈ ছুইছাইড নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, বাসগৃহটোত বিগত প্রায় এটা বছৰ ধৰি বিবাহিত উপাসনা বৰগোহাঁই আৰু মাতৃয়ে বসবাস কৰি আহিছে। উপাসনা বৰগোহাঁয়ে দুবছৰ পূৰ্বে চাৰিং হাফলুটিঙৰ বিদ্যুৎ নাথ নামৰ শিক্ষকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। উপাসনা আৰু স্বামী বিদ্যুৎ দুয়ো ডিমৌ নিতাইপুখুৰী অঞ্চলৰ দুখন পৃথক বিদ্যালয়ত শিক্ষকতা কৰিছিল। ২০২৪ চনৰ ১০ মে’ত ডিমৌৰ এটা ভাৰাঘৰৰ চাদৰ পৰা দুয়ো আত্মহত্যাৰ চেষ্টা চলাইছিল। তেতিয়া উপাসনা যথেষ্ট পৰিমাণে আঘাতপ্রাপ্ত হৈছিল। তাৰ পিছৰে পৰা উপাসনাই মাতৃগৃহ অর্থাৎ ঘটনা সংঘটিত হোৱা বাসগৃহটোলৈ গুচি আহিছিল আৰু চিকিৎসা গ্ৰহণ কৰি আছিল। কিন্তু স্বামী বিদ্যুৎ নাথে এই বাসগৃহৰ পৰা উপাসনাক বিদ্যালয়লৈ অনা-নিয়া কৰি আছিল। ঘটনা সম্পর্কত এতিয়াও সকলো কথা সম্পূর্ণ স্পষ্ট হোৱা নাই যদিও উদ্ধাৰ হোৱা ছুঁইছাইড নোটত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালী কোঁৱৰক উদ্দেশ্যি দুয়ো মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰা বুলি উল্লেখ থকাৰ কথা বিশেষ সূত্রে জানিব পৰা গৈছে। উপাসনা বৰগোহাঁইৰ দদায়েকে ঘটনা সন্দর্ভত কয়, নিশা প্রায় ১২.৩০ বজাত চুবুৰীয়াই ফোন কৰি তেওঁক ঘৰটো জ্বলাৰ কথা অৱগত কৰে। লগে লগে তেওঁৰ লগতে চু বুৰীয়াসকলো ওলাই আহে। ইতিমধ্যে অগ্নিনির্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। তেতিয়ালৈকে দুয়োৰে দেহ জ্বলি প্রায় ছাই হৈছিল বুলি দদায়েকে জানিবলৈ দিয়ে। ইতিমধ্যে উপাসনা বৰগোহাঁইৰ স্বামী বিদ্যুৎ নাথক আৰক্ষীয়ে আটক কৰিছে।
