শিৱদৌলৰ বিষয়ে কিছু কথা – লখিমী শৰ্মা

PC - Wikipedia
শিৱদৌলৰ বিষয়ে কিছু কথা
 লখিমী শৰ্মা, যোৰহাট 
এই ঐতিহাসিক শিৱদৌল শিৱসাগৰ জিলাত অৱস্থিত । শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ শিৱসাগৰ পুখুৰীৰ পাৰত ঐতিহ্য বহন কৰিছে । শিৱসাগৰৰ শিৱদৌল উত্তৰ – পূৱ ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ আৰু জাগৃত শিৱ পূজাৰ স্থান । স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা  মদাম্বিকা নাম দি বৰৰজা পাতিছিল ।স্বৰ্গদেউ শিৱসিংহৰ পত্নী , ৰাণী অম্বিকাৰ নিৰ্দেশক্ৰমে ১৬৫৫ শক ( ১৭৩১ খ্ৰীষ্টাব্দত ) শিৱসাগৰ পুখুৰীৰ পাৰত ভগৱান শিৱৰ পূজা – অৰ্চনাৰ অৰ্থে সোণৰ ক’লচীৰে সৈতে এই দৌল নিৰ্মাণ কৰাই।শিৱসাগৰ শিৱদৌলৰ উচ্চতা ১২০ হাত আৰু দৌলটিৰ ওপৰৰ ক’লচীৰ উচ্চতা ৭.৫ ফুট । এই শিৱদৌলত দৈনিক পূজা – অৰ্চনা কৰা হয় । শিৱৰাত্ৰিত এই শিৱদৌলৰ চৌপাশ দেশ – বিদেশৰ অগণন ভক্তই ভিৰ কৰেহি ।শিৱদৌলৰ কাষতে শিৱৰাত্ৰিত মেলাৰ আয়োজন কৰা হয়।স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকাৰ নিৰ্দেশক্ৰমেই ১৭৩১ খ্ৰীষ্টাব্দত সোণৰ ক’লচীৰ সৈতে শিৱদৌল , দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল । এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল । শিৱৰাত্ৰিত এই দৌলৰ কাষতে এখন ডাঙৰ মেলা হয় । জানিবলৈ পোৱামতে ১৯৫০ চনৰ ভূমিকম্পত শিৱদৌলৰ ক’লচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয় । এই দৌলটোত সদায়ে শিৱৰ পূজা কৰা হয়।দৌলটিৰ ওপৰত থকা ক’লচীৰ উচ্চতা প্ৰায় ৮ ফুট । শিৱদৌলৰ ক’লচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল , কিন্তু ক’লচীটো বা সোণখিনি খহাব নোৱাৰিলে  ।