শিশু সেৱা আঁচনিৰ শুভাৰম্ভ

pc Times of India

অনলাইন বাৰ্ত্তাসেৱা – মহামাৰী কৰ’নাৰ সংক্ৰমণৰ ফলত বহুতো শিশু তথা কিশোৰ-কিশোৰীয়ে নিজৰ পিতৃ-মাতৃক হেৰুৱাব লগা হৈছে। এনে শিশুসকলৰ কল্যাণৰ হকে মুকলি কৰা হয় শিশু সেৱা আঁচনি। বৰ্তমানৰ বয়সৰ পৰা ২৪ বছৰ বয়সলৈ এই অনাথ শিশুসকলক মাহিলি পৰিচৰ্যা বা ব্যক্তিগত খা-খৰচৰ বাবে ৩,৫০০ টকাকৈ প্ৰদান কৰা হ’ব বুলি ইতিপূর্বে কৰা ঘোষণা অনুসৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখনৰ হিতাধিকাৰী শিশু, কিশোৰ-কিশোৰীসকলক টকাকৈ ফিক্সড ডিপ’জিট কৰি দিয়ে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে প্ৰতিগৰাকী গাইপতি ৭,৮১,২০০ অনাথ শিশুৰ বিপৰীতে ষ্টেট বেংকত এই নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি ফিক্সড ডিপ’জিট কৰাৰ পাছত এই ধনৰ পৰা লাভ কৰা যাব মাহিলি ৩,৫০০ টকাকৈ। এই ধনখিনি সংশ্লিষ্ট শিশুটোৱে মাহিলি লাভ কৰিব৷ ২৪ বছৰ বয়সলৈ প্ৰতি মাহে এই ধন লাভ কৰাৰ অন্তত এই ফিক্সড ডিপ’জিটৰ ধনখিনিও সংশ্লিষ্ট হিতাধিকাৰীগৰাকীয়ে বেংকৰ পৰা আহৰণ কৰি ল’ব পাৰিব। কেৱল শিশুৱেই নহয়, কোভিড মহামাৰীত বিধৱা হোৱা মহিলাসকলৰ বাবেও ‘মুখ্যমন্ত্ৰীয়ে আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে আন এখন অভিলাষী আঁচনি ৷ ৰাজ্য চৰকাৰখনৰ প্ৰথম ৩০ টা দিন অতিক্ৰম কৰাৰ দিনটোতে কৰ’না ভাইৰাছত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু ঘটা মহিলাসকলক ২.৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। তদুপৰি সংশ্লিষ্ট মহিলাসকলে লাভ কৰিব বিধৱা পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধনো। মুখ্যমন্ত্রীয়ে কয় যে এই মহিলাসকলে অৰুণোদয় আঁচনিৰ অধীনত সদ্যহতে ৮০০ টকা পালেও অদূৰ ভৱিষ্যতে এই ধনৰাশি ৩ হেজাৰ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰসংগতঃ উল্লেখ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ সাতবছৰীয়া বৰ্ষপূর্তি উপলক্ষে অলপতে মুখ্যমন্ত্রী ড০ শৰ্মাই মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিখন ঘোষণা কৰিছিল। এই আঁচনিৰ অধীনত প্ৰদান কৰিবলগীয়া ধনৰাশিৰ লগতে সংশ্লিষ্ট শিশুসকলক কেতবোৰ উপহাৰৰ টোপোলা আৰু একোটাকৈ লেপটপ প্ৰদান কৰা হয়। উল্লেখ্য যে ফিক্সড ডিপ’জিটৰ ধনৰাশিৰ জৰিয়তে অহা মাহৰ পৰাহে শিশুটিয়ে ৩,৫০০ টকাকৈ লাভ কৰিব। সেয়েহে ৰাজ্য চৰকাৰে চলিত মাহৰ বাবদ আজি হিতাধিকাৰীসকলক ৩,৫০০ টকাৰ একোখন চেক প্রদান কৰে। মুঠতে ১১ টি শিশু-কিশোৰক এই আঁচনিৰ অধীনত ঘোষিত সা-সুবিধাসমূহ প্ৰদান কৰা হয়। ইফালে অনাথ হোৱা কন্যা শিশুসকল ডাঙৰ হ’লে তেওঁলোকৰ বিবাহৰ সময়ত বৰ্তমানে অব্যাহত থকা অৰুন্ধুতী আঁচনিৰ অধীনত এক তোলা সোণ দিয়াৰ লগতে অন্যান্য আর্থিক সাহায্যও আগবঢ়োৱা হ’ব। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিখনৰ বাবদ ব্যয় হোৱা সমগ্ৰ ধনৰাশি যোগান ধৰা হ’ব মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ডিব্ৰুগড়ৰ খুশী সোণোৱাল, যোৰহাটৰ অংকিতা শ‍ইকীয়া, যোৰহাটৰ অৰ্পণ শ‍ইকীয়া, মধুযামিনীকে ধৰি মুঠতে ১১ টি শিশুক এই আঁচনিৰ ধন আৰু উপহাৰৰ টোপোলা প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে আজি এই কথাও কয় যে পৰৱৰ্তী দিনসমূহত ৰাজ্যৰ বিভিন্ন স্থানত থকা এনে শিশুসকলৰ নিকটাত্মীয়ৰ ভিত্তিত তেওঁলোককো এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা ধনৰাশিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে এই পর্যন্ত সাহায্য পুঁজিত মুঠতে ১১৪ কোটি টকা জমা হৈছে আৰু ইয়াৰে ভিতৰত ৫০ কোটি টকাৰে কোভিড ভেকচিন ক্ৰয় কৰা হৈছে। বাকী থকা ধনেৰে হস্পিতাল পৰিচালনাকে ধৰি আনুষংগিক কাম-কাজত ব্যয় কৰা হব।