শিশু সকলৰ প্ৰিয় নেহৰু খুড়া
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল।ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাত তেখেতৰ গুৰুত্বপূৰ্ণ অৱদান আছে।এগৰাকী ব্যক্তিক যেতিয়া সমগ্ৰ দেশে শ্ৰদ্ধা কৰে তেখেতৰ আদৰ্শ নিশ্চয় উল্লেখনীয়। নেহৰু খুড়া বুলি সকলো শিশুৱে সম্বোধন কৰিছিল ।ইয়াৰ একমাত্ৰ কাৰণ তেওঁ শিশুসকলক খুব মৰম কৰিছিল। তেওঁৰ পকেটত এপাহ গোলাপ ফুল সদায় লগতে ৰাখিছিল ।শিশু সকলকো ফুলৰ লগত তুলনা কৰিছিল। ভাৰত বৰ্ষৰ সকলো শিশুৱে যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় তেওঁ এই দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।এই বিষয়ে মহামানৱ মহাত্মা গান্ধীৰ লগত আলোচনাও কৰিছিল ।তেওঁ তেতিয়াই অনুভৱ কৰিছিল আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক হ’ব ।গতিকে শিশুৰ যত্ন লোৱা আৰু শিশুৰ বিকাশ সাধন হোৱাৰ কাৰণে বিভিন্ন মত বিনিময় কৰিছিল।শিশু সকলৰ লগত বাৰ্তালাপ কৰিবলৈ বিভিন্ন সভা অনুষ্ঠিত কৰিছিল ।সেই কাৰণে ১৪নৱেম্বৰ জৱাহৰলাল নেহৰুৰ জন্মদিনটো গোটেই ভাৰতবৰ্ষত” শিশু দিৱস” ৰূপে পালন কৰে।
