শিশু প্ৰতিভা বিকাশ মঞ্চ অসম-ৰ উদ্যোগত মাজুলীৰ জেষ্ঠ সাংবাদিক ৰাজীৱ পাতিৰলৈ “কপিলি সংবাদ সুৰুষ বঁটা ২০২৪” ; মঞ্চৰ বিভিন্ন বঁটা প্ৰদান মাজুলীৰ সোণাৰিআটীত

শিশু প্ৰতিভা বিকাশ মঞ্চ অসম-ৰ উদ্যোগত মাজুলীৰ জেষ্ঠ সাংবাদিক ৰাজীৱ পাতিৰলৈ “কপিলি সংবাদ সুৰুষ বঁটা ২০২৪” ; মঞ্চৰ বিভিন্ন বঁটা প্ৰদান মাজুলীৰ সোণাৰিআটীত
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-   অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ সাংবাদিক ৰাজীৱ পাতিৰলৈ জে ডি পি নিউজৰ শিশু প্ৰতিভা বিকাশ মঞ্চই  “কপিলি সংবাদ সুৰুষ বঁটা ”২০২৪ আজি প্ৰদান কৰে। আজি মাজুলীৰ ৰঙাচাহী সোনাৰিআটী নৱজ্যোতি কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য প্ৰতিযোগিতা লগত সংগতি ৰাখি আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিক ৰাজীৱ পাতিৰক “কপিলি সংবাদ সুৰুষ ” বঁটা ২০২৪  প্ৰদান কৰে । উল্লেখ্য যে, ২০০৮ চনত অসমৰ জনপ্ৰিয় সংবাদ পত্ৰ “অসমীয়া প্ৰতিদিন’ত সাংবাদিকতা জীৱন আৰম্ভ কৰা ৰাজীৱ পাতিৰে ইয়াৰ  পূৰ্বে ২০১৭ চনত গোৱালপাৰা জিলা সাংবাদিক সন্থাই আগবঢ়োৱা “সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা ” ২০২২ চনত মাজুলী সাংবাদিক সন্থাই আগবঢ়োৱা প্ৰয়াত কুমুদ দত্ত সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । সামাজিক, সাংস্কৃতিক আদি বিভিন্ন সংগঠনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থাকি সেৱা আগবঢ়াই  ৰাজীৱ পাতিৰে “কপিলি সংবাদ সুৰুষ ” বঁটা লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত মাজুলী জিলা সাংবাদিক সন্থা, মাজুলী জিলা হাইস্কুল শিক্ষক সংস্থা, মাজুলী জিলা যুৱ ছাত্র পৰিষদ, মাজুলী জিলা ছাত্র সন্থা, মাজুলী জিলা টি এম পি কে, মাজুলী- ডায়েৰী পৰিয়াল, অনাতাঁৰ মৰম পৰিয়াল, জেংৰাইমুখ টাউন উন্নয়ন সমিতি, জেংৰাইমুখ ব্যৱসায় সন্থা আদি বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছে । ইফালে  জে ডি পি নিউজৰ শিশু প্ৰতিভা বিকাশ মঞ্চই “নৃত্যশিল্পী সন্মান -২০২৪”  ক্ৰমে আৰাধ্যা চাংমাই (ডিব্ৰুগড়), ভৈৰৱ শ‍ইকীয়া (ধেমাজি), নৱনীতা তামুলী, (শিৱসাগৰ), উমাকান্ত টায়ে  (শিৱসাগৰ), চুমু টায়ে (শিৱসাগৰ) ৰিয়া মুণ্ডা (শিৱসাগৰ) গংগোত্রী নাথ (যোৰহাট), নভন্যা গগৈ ( ডিব্ৰুগড়)। ইপিনে “কণ্ঠশিল্পী সন্মান -২০২৪” ৰ  ধনীষ্ঠা এছ বৰুৱা (ঢকুৱাখনা), আৰু “নৃত্য সাধনা বঁটা-২০২৪” ৰ হিমেন কলিতা ( মাজুলী)ক প্ৰদান কৰে। তদুপৰি অসমৰ ২৫ গৰাকী প্ৰতিভাৱান শিশুক “শিশুশিল্পী সন্মান-২০২৪” প্ৰদান কৰে। অনুষ্ঠানত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ নিৰ্বাচিত হোৱা ৩৫ গৰাকী বিহুৱতীয়ে নৃত্য পৰিৱেশন কৰাৰ লগতে শতাধিক নিৰ্বাচিত নৃত্য শিল্পীয়ে নৃত্য পৰিৱেশন কৰে।