শিশু দিৱস
এহিয়া আহমেদ,
বৰথল কছাৰী গাঁও, মৈৰাবাৰী
শিশু হৈছে যিকোনো জাতিৰ ভৱিষ্যৎ। শিশুসমূহক সঠিক শিক্ষাৰ সৈতে সুস্থ আৰু সুসংস্কৃত কৰি গঢ়ি তোলাৰ দায়িত্ব আমাৰ। শিশু সকলৰ অধিকাৰ সুৰক্ষিত কৰি সুস্থ পৰিৱেশত তেওঁলোকক গঢ়ি তোলাৰ উদ্দেশ্যেৰে ১৪ নৱেম্বৰ দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়।
১৪ নৱেম্বৰ দিনটো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। তেখেত শিশু সকলৰ সৈতে গভীৰ মমতা আৰু স্নেহৰ সম্পৰ্ক ৰাখিছিল। শিশুসকলে তেওঁক “চাচা নেহৰু” বুলি সম্বোধন কৰিছিল। নেহৰু বিশ্বাস কৰিছিল যে শিশুসকলৰ সঠিক বিকাশেই দেশৰ উন্নতিৰ মূল ভিত্তি। তেওঁ সদায় কৈছিল যে যিকোনো জাতিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে সেই জাতিৰ শিশুসকলৰ ওপৰত।
শিশু দিৱসৰ মূল উদ্দেশ্য হ’ল শিশু অধিকাৰ, শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কে জনসাধাৰণক সজাগ কৰা। এই দিনটোত বিভিন্ন বিদ্যালয় আৰু প্ৰতিষ্ঠানে নানা কাৰ্যসূচীৰ আয়োজন কৰে, যেনে—চিত্ৰাংকন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, নাটক, সংগীত, নৃত্য আদি। এই কাৰ্যসূচীসমূহে শিশুসকলৰ মাজত আনন্দ আৰু সৃজনশীলতাৰ বিকাশ ঘটায়।
শিশু দিৱস পালনৰ মূল উদ্দেশ্য সফল কৰিবলৈ সকলোৱে একেলগে আগবাঢ়িব লাগিব। যিকোনো ধৰণৰ শিশুশ্ৰম, বাল্যবিবাহ আৰু শিশুৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰি শিশুসমূহক এখন সুন্দৰ আৰু সুৰক্ষিত পৰিৱেশ দিয়াৰ প্ৰয়াস চলাব লাগিব।
সেয়ে শিশু দিৱসৰ মাধ্যমেৰে এই কথাষাৰ উপলব্ধি কৰাটো আৱশ্যক যে যদি আমি এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ গঢ়িবলৈ খোজোঁ, তেন্তে সৰ্বপ্ৰথমে আমি আমাৰ শিশু সকলৰ উন্নতি, সুৰক্ষা আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। যিহেতু শিশুসকলেই হ’ল আগন্তুক দিনৰ পথ প্ৰদৰ্শক, সেয়ে তেওঁলোকৰ সঠিক বিকাশই আমাৰ দেশৰ উন্নতিৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।