শিশু দিৱস উপলক্ষে ড° মামণি ৰয়ছম গোস্বামীৰ ওপজা দিন পালন
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ১৪ নবেম্বৰ তাৰিখ বৃহস্পতিবাৰে শিশু দিৱসৰ লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু আৰু ড° মামণি ৰয়ছম গোস্বামীৰ জন্ম দিন উপলক্ষে সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ এখনি সভা বৰকুচিৰ চিনাকী ভৱনত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে গোষ্ঠীৰ কাৰ্যকৰী সভাপতি শ্ৰী ৰণজিৎ চৌধুৰীয়ে। তেখেতে শিশু দিৱস সম্পৰ্কে নেহৰুৰ ওপৰত বক্তৃতা প্ৰদান কৰি কয় যে শিশু সকলক সকলো ফালৰ পৰা সংৰক্ষিত কৰি ৰাখিব পাৰিলেহে মূল্যায়ন কৰা হ’ব। শিশু হ’ল এখন দেশৰ ভৱিষ্যত । আজিৰ শিশু কাইলৈৰ নাগৰিক। দেশ এখনৰ ভৱিষ্যত প্ৰগতিৰ বাবে শিশু হ’ল সাম্ভাব্য আৰু উপযোগী মানৱ সম্পদ। শিশু সকলক সকলো ফালৰ পৰা সুৰক্ষিত কৰিব পাৰিলেহে শিশু দিৱস উদযাপনৰ প্ৰাসংগিকতা থাকিব। ড° শৈলেন ঠাকুৰীয়াই শিশু দিৱস আৰু মামনি ৰয়ছম গোস্বামীৰ ওপৰত বক্তব্য প্ৰদান কৰি ড° মামনি ৰয়চম গোস্বামীক মানৱতাৰে লিখা এজনী নাৰীবাদী লেখিকা বুলি বিশেষভাৱে বাখ্যা কৰে। সভাৰ সভাপতি শ্ৰী মালব্য মালী, আৰু অশ্বিনী কুমাৰ তালুকদাৰ, প্ৰফুল্ল চৌধুৰী, বিজিত চন্দ্ৰ চৌধুৰী, মমত চন্দ্ৰ মজুমদাৰ, কুতুবুদ্দিন আহমেদ, দ্বীজেন তালুকদাৰ আদিয়ে জৱাহৰলাল নেহৰু আৰু মামণি ৰয়ছম গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি জনাই পুস্পাঞ্জলী প্ৰদান কৰি বক্তব্য প্ৰদান কৰে।