শিশু দিৱস আৰু ইয়াৰ তাৎপর্য – এছ ইছলাম

শিশু দিৱস আৰু ইয়াৰ তাৎপর্য
এছ ইছলাম, শিক্ষক
                    বৰপেটা
আজি শিশু দিৱস।  প্ৰতি বছৰে ১৪ নবেম্বৰত আমাৰ দেশত পালন কৰা হয় শিশু দিৱস।  আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এই শিশুৱে হ’ল মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ  জীৱন। যি চিৰ সুন্দৰ। শিশুৰ মন অভিজ্ঞতাৰ আঘাতে নোকোবোৱা এধানি কলি স্বৰূপ। শিশু সকলৰ বাবে ই এক উল্লেখযোগ্য দিন। এই দিনটো শিশু সকলৰ বাবে উৎসৰ্গীত দিন। শিশুৰ প্ৰতি স্নেহৰ বাবে বিখ্যাত সেইজন মহান মনিষী, আমাৰ সকলোৰে পৰিচিত মুক্তিযোদ্ধা স্বাধীনতা আন্দোলনৰ নেতা, প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশু সকলক  তেওঁলোকৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু সৱলীকৰণ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয়।
প্ৰতি বছৰে ১৪ নবেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। ১৪ নবেম্বৰ দিনটো ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হয়। শিশু সকলৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ বাবে সকলোৱে তেওঁক খুৰা বুলি কয়। তেখেতৰ শিশু সকলৰ প্ৰতি থকা অগাধ মৰমক শ্ৰদ্ধা জনাই প্ৰতি বছৰে তেখেতৰ জন্ম দিনটো ‘শিশু দিৱস’ হিচাপে পালন কৰা হয়। তেখেত শিশু সকলক ৰাষ্ট্ৰৰ  ভৱিষ্যত আৰু কাইলৈ দেশৰ নাগৰিক হিচাপে গণ্য কৰা হয়। জৱাহৰলাল নেহৰুৱে কৈছিল,– “আজিৰ সন্তান কাইলৈৰ ভাৰতগঢ়ি তুলিব। আমি তেওঁলোকক যি ধৰণে ডাঙৰ-দীঘল কৰিম সেয়াই দেশৰ ভৱিষ্যত নিৰ্ণয় কৰিব।”
শিশু সকলৰ মাজত নেহৰু খুৰা নামেৰে পৰিচিত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নবেম্বৰত এলাহাবাদৰ আনন্দ ভৱনত। তেখেতৰ পিতৃ আছিল মতিলাল নেহৰু আৰু মাতৃ আছিল স্বৰূপা ৰাণী। নেহৰু আছিল তেওঁলোকৰ একমাত্র সন্তান। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ কাৰ্য্য নিৰ্বাহ কৰাৰ পাছত তেওঁ ১৯৬৪ চনত ২৭ মেত এই মহান নেতাজন ইহলীলা সম্বৰণ কৰে৷ ১৪ নবেম্বৰৰ এই দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ প্ৰধান তাৎপর্য হ’ল–শিশু সকলৰ প্ৰতি থকা নেহেৰুৰ অকৃত্রিম ভালপোৱা আৰু আকাংখা। তেখেত কৈছিল–“আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। তেওঁলোকৰ সৰ্বপ্ৰকাৰে উন্নতিৰ কাৰণে আমি সদায় যত্নপৰ হ’ব লাগে।শিশু সকলক নেহৰুৱে বাগিচাৰ ফুলৰ কলিৰ লগত লগত  তুলনা কৰিছিল। তেখেত ১৯৫৫ চনত কেৱল শিশুৰ বাবে “চিল্ডাৰচ ফিল্ম ছচাইটি, ইণ্ডিয়া” স্থাপন কৰি শিশু দিৱস হিচাপে উচৰ্গা কৰিছিল। ১৯৫৬ চনৰ পৰা ভাৰতবৰ্ষত ২০ নবেম্বৰ দিনটো শিশু দিৱস হিচাপে উৎযাপন কৰা হৈছিল যদিও জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছত ভাৰতীয় সংসদে দেশৰ প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ‘জন্ম জয়ন্তী’ক শিশু দিৱস হিচাপে পালন কৰাৰ এক প্ৰস্তাৱ গৃহীত কৰে। এনে কৰাৰ কাৰণ আছিল নেহৰুৱে শিশুৰ শৈক্ষিক, মানসিক, বৌদ্ধিক বিকাশৰ বাবে অহোপুৰুষাৰ্থ বাবে কাম কৰিছিল। উল্লেখযোগ্য যে নেহৰুয়ে আছিল একমাত্র প্ৰধান মন্ত্ৰী যি শিশুৰ বাবে নিজৰ জীৱনৰ বেছি ভাগ সময় নিয়োজিত কৰিছিল।।