শিশু কবিতা ৷
জীয়াই থকাৰ আশা
জীৱন বৃক্ষৰ আমি ছাৰুলীয়া শিপা
জীৱনত আমাৰ আছে বহুতো আশা
নতুন পোখা মেলি আকাশলৈ চাম
মূৰ দাঙি থিয় হ’ম
প্ৰকৃতিৰ গাত ৷
ফুল হৈ ফুলিম
ফল হৈ থাকিম
সযতনে ৰাখিম শৰীৰ,
নাজানো এইয়া কিহৰ ঈঙ্গিত
জীৱন বৃক্ষত দেখোন
ঘুনে ধৰিছে
পাত বোৰ এফালৰ পৰা সৰি গৈছে
ডাল বোৰো দেখোন
শুকাব ধৰিছে
আমিবোৰ কলিতে
মৰহি যাম যেন লাগিছে
ক’ৰোণা নাম লৈ
আহিছে যমদূত
মহামাৰীৰ যেন সংহাৰীৰূপ
আমি বাৰু দেখিবলৈ পামনে ?
বিশ্বৰ এই মোহনীয়া ৰূপ ৷
ইৰা বৰুৱা
যোৰহাট