শিশু আৰু সংগীত
জ্যোতিস্মিতা গোস্বামী শৰ্মা
শিশুৰ মাত কথা, হাঁহি কান্দোনে এখন ঘৰ প্ৰাণময় কৰি তোলে। কথাতে কয়”ল’ৰাই হাহিলে হাঁহিবা, ল’ৰাই কান্দিলে কান্দিবা”।শিশুৰ বাবে সংগীত এক আকর্ষণীয় বিষয়। সকলো শিশুৰে অজ্ঞাতে সংগীতৰ প্ৰতি মোহ থাকে। শিশু ভূমিষ্ঠ হৈ”ওয়া” বুলি এক অস্ফুট প্রতি -ধ্বনি তোলে।”ওয়া”ৰ লগত ‘ম’বৰ্ণ সংযোগ কৰিলে “ঔম”ধ্বনি সৃষ্টি হয়। সংগীতে শিশুৰ সহজ সৰল মনক আৰু পবিত্ৰ কৰি তোলে। মাতৃৰ কলাতেই শিশু এ নিচুকণি গীতৰ মাধ্যমেৰে সংগীতৰ তৃপ্তি লাভ কৰে। নিচুকণি গীতৰ মূল বৈশিষ্ট্য হ’ল কল্পনা প্রবন শিশু সকলক এখন কাল্পনিক পৃথিৱীৰ লগত চিনাকী কৰোৱা। প্রচলিত নিচুকণি গীত সমূহৰ ভিতৰত ‘অ ফুল অ ফুল ফুল কিয়’, “শিয়ালি এ নাহিবি ৰাতি”, “আমাৰে মইনা শুব এ”আদি।শিশু গীত সমূহে সংগীত জগতৰ স্বনামধন্য সংগীত শিল্পী সকলৰ হাতত প্ৰাণ পাই উঠিছে। গীত সমূহৰ ভিতৰত খগেন মহন্ত দেৱৰ “বাঁহৰ মুঢ়া”, পাৰ্বতী প্ৰসাদ বৰুৱা দেৱৰ”অ’চিত পখিলি”, ৰুদ্ৰ বৰুৱা দেৱৰ ” অ তুল তুল অ বুলবুল”, আদি অন্যতম গীত। এই গীত বোৰে সহজ সৰল শিশুৰ মনত এক অনাবিল আনন্দ প্ৰদান কৰে। মনো বৈজ্ঞানিক সকলৰ মতে সংগীতে শিশুৰ শাৰীৰিক,মানসিক তথা আধ্যাত্মিক বিকাশত সহায় কৰে। বিশ্বৰ উন্নত দেশ ৰুছ, আমেৰিকা আদিত শিক্ষাৰ আঁচনিত শিশু সকলৰ বাবে সংগীত কলা এটি বিশেষ বিষয়৷ শিক্ষনীয় বিষয় । পশ্চিমীয়া দেশ সমূহত শিশু সকলৰ বাবে সংগীত, বাদ্য, আৰু নৃত্যক প্রাধান্য দিয়া দেখা যায়। “ফিনলেণ্ডৰ” শিক্ষা ব্যৱস্থাত সংগীত অনিবার্য শিশু কাল সকলো বিদ্যা শিক্ষাৰ মূল সময়৷ ল’ৰালি কালত আহৰণৰ ক্ষমতা প্ৰখৰ হৈ থাকে। শিশু আৰু কিশোৰৰ স্মৃতি শক্তি আৰু মনোযোগ বঢ়াবলৈ সংগীত নিত্যান্ত প্রয়োজনীয় বিষয়৷