“শিশু আমাৰ ভৱিষ্যতৰ সপোন” – ৰশ্মিৰেখা দুৱৰা

Pc CUInsight.com

“শিশু আমাৰ ভৱিষ্যতৰ সপোন” 

ৰশ্মিৰেখা দুৱৰা

         শিশু আমাৰ ভৱিষ্যতৰ সপোন।আজিৰ শিশু কাইলৈ সু-নাগৰিক হ’ব।সেইবাবে শিশুক আমি মৰম চেনেহৰ মাজেৰে সকলো শিক্ষা দিয়াটো উচিত।কাৰণ শিশুক খঙত ক’লে বেছি অবুজনহে হৈ পৰে।শিশুৰ ভৱিষ্যতৰ লগত ঘৰ খনৰ পৰিৱেশটো জড়িত হৈ থাকে।ঘৰখনৰ লগতে সমাজখনো যদি মূল্যবোধেৰে গঢ় দিয়া হয়,নিশ্চয় শিশুৰো ভৱিষ্যৎ সুন্দৰ হ’ব।এজন শিশুৰ মাতৃয়ে হৈছে প্ৰথম গুৰু।মাক-দেউতাক পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়াৰ পৰিৱেশটো ভাল হ’লে শিশুৱে ভাল দিশটোৱে আয়ত্ত কৰি লব পাৰে।আৰু মানসিকভাৱেও সবলহৈ পৰে।নৈতিক,আধ্যাত্মিক,নন্দনতাত্ত্বিক আদি মূল্যবোধৰ বিষয়ে মাতৃয়ে সহজ-সৰল ভাৱে বুজাই দিলে শিশুৱে সমাজ আৰু শিক্ষণ পদ্ধতিৰ দ্বাৰা প্ৰকৃত মূল্যবোধ আয়ত্ত কৰি লব পাৰে।শিশু এটা সুস্থিৰ কৰি ৰাখিবলৈ মাতৃয়ে প্ৰত্যেক ক্ষণতে পঢ়া-শুনা,আচাৰ-ব্যৱহাৰৰ লগতে পুষ্টিকৰ খাদ্য খুওৱাৰ প্ৰতিও গুৰুত্ব দিব লাগিব।পৰিয়ালটোৰ লোকে শিশুৰ লগত সু সম্পৰ্ক কৰি মানসিকভাৱে সুস্হ কৰি ৰাখিলে শিশুৱে নিশ্চয় উন্নতিৰ পথত আগুৱাই যাব পাৰিব।আৰু এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ’ব।এজন শিশুক সংযম,সহানুভূতি,সহযোগিতা,অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা,পৰিষ্কাৰ-পৰিচ্ছন্নতা,নম্ৰতা,মানৱতাবোধ,অহিংসা,দেশপ্ৰেম আদি মূল্যবোধেৰে গঢ়ি তলিব পাৰিলে শিশুৱে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা হোৱাৰ লগতে সমাজখনো আগবাঢ়ি যোৱাত সুবিধা হ’ব।