শিশু আমাৰ  ভবিষ্যৎ- ছেলিমা বেগম

” শিশু আমাৰ  ভবিষ্যৎ” 
ছেলিমা বেগম
নগাঁও
আমাৰ শিশু আমাৰ
দেশৰ ভবিষ্যতৰ সম্পদ ,
কোনেও নকৰিব নষ্ট
 সাৰ পানী দি গঢ়ি  তুলিব
 এই কথা আমাৰ কাম্য ৷
আমাৰ শিশু আমাৰ
ঘৰখনৰ নহয় দেশৰ
ভবিষ্যতৰ সম্পদ ৷
আজিৰ শিশু কালিলৈ
 দেশৰ নাগৰিক ,
শিশু আমাৰ জাতিৰ
 অমূল্য সম্পদ ৷
শিশুক সুস্থ কৰিলেহে
 দেশখন সুস্থ হ’ব ৷
সৰল আৰু  নিষ্ঠা
শিশু সকল এখন
 দেশৰ মানৱ সম্পদ ৷
জাতিৰ খুড়া নেহৰু
শিশুসকলক মৰম ,
স্নেহ কৰি গঢ়ি তুলিছিল
 অতি যতন কৰি ,
খুড়া তোমাৰ আদৰ্শ
পালন কৰি আমিও
কৰিছোঁ শিশুক সুৰক্ষিত ৷
আমাৰ দেশৰ ভবিষ্যতৰ
 সম্পদ যাতে কোনেও
 কৰিব নোৱাৰে নষ্ট ৷