শিশুৰ সমস্যা-জড়িত দূৰ কৰাৰ উপায় – হিমাদ্ৰী বৰকটকী

pc The Child Whisperer

শিশুৰ সমস্যা-জড়িত দূৰ কৰাৰ উপায়

হিমাদ্ৰী বৰকটকী,
নগাঁও

মনোবৈজ্ঞানীক দৃষ্টিকোণৰ ফালৰ পৰা সমস্যা জড়িত আচৰণ হৈছে – যি আচৰণে ব্যক্তিৰ স্বাভাৱিক শিক্ষা আৰু অভিজ্ঞতা আহৰণ তথা সামাজিক আদান- প্ৰদানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। শিশুৰ সমস্যা জড়িত আচৰণৰ প্ৰধান কাৰণ কাৰণ হৈছে – অসুস্থ পৰিবেশৰ প্ৰভাৱ। পৰিবেশ আৰু পৰিস্থিতিয়ে শিশুৰ মনোদৈহিক প্ৰয়োজনবোৰ পূৰণত ব্যৰ্থ হলে শিশুৰ সমস্যা জড়িত আচৰণবোৰৰ সৃষ্টি হয়। শিশুৰ দৈহিক, মানসিক আৰু আবেগিক প্ৰয়োজনসমূহ যথোচিতভাৱে পূৰণ কৰি তাৰ আচৰণক স্বাভাৱিক ৰূপত গঢ় দিব পাৰি। শিশুৰ সমস্যা জড়িত আচৰণৰ জটিলতা আবেবিক নিৰাপত্তা আৰু পৰ্যাপ্ততা অনুভৱ কৰিব নোৱাৰাৰ ওপৰতেই বিশেষভাৱে নিৰ্ভৰশীল হয়। সেয়েহে শিশুৰ সঠিক দিশত গঢ় দিবলৈ যথেষ্ট সতৰ্কতাৰে আগ বাঢ়িব লাগিব। ইয়াৰ বাবে শিক্ষক তথা অভিভাৱকসকলে সচেতন আৰু দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।

        প্ৰথমতে, মাক – দেউতাকে শিশুক তাৰ গৃহ পৰিবেশৰ মৰম – চেনেহৰ ক্ষেত্ৰত অকুণ্ঠভাৱে প্ৰদান কৰিব লাগিব। শিশুৰ লগত সঘনাই ঘনিষ্ঠ সংস্পৰ্শ আৰু সান্নিধ্য ৰক্ষা কৰি চলিব লাগে। এই ক্ষেত্ৰত লক্ষণীয় যে, শিশুৱে আবেবিকভাৱে মাক দেউতাকৰ অধীনত নিৰাপত্তা আৰু মৰম চেনেহ, যত্নৰ পৰ্যাপ্ততা অনুভৱ কৰি উঠিব পাৰে।

        দ্বিতীয়তে, মাক দেউতাকে শিশুৰ দৈহিক প্ৰয়োজনসমূহৰ ক্ষেত্ৰত যেনে- খোৱা-লোৱা, পিন্ধা-উৰা আদিৰ ক্ষেত্ৰত সদায় সতৰ্ক দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয়।

            তৃতীয়তে, গৃহ পৰিৱেশত শিশুক উন্নত এক বৈষয়িক পৰিবেশ মাক-দেউতাকে প্ৰদান কৰিব লাগে – যাতে শিশুৱে তাৰ সুস্থ সঞ্চালনমূলক বিকাশ সাধন কৰিব পাৰে। ইয়াৰ বাবে শিশুক বিভিন্ন খেলা-ধূলাৰ আহিলা-পাতি প্ৰয়োজন মতে যোগানৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে।

            চতুৰ্থতে, মাক-দেউতাকে ল’ৰা-ছোৱালীৰ প্ৰতি কোনো পক্ষপাতমূলক মনোভাৱ বা আচৰণ দেখুৱাব নালাগে। তেওঁলোকৰ আচৰণ যথাসম্ভৱ ব্যক্তি-নিৰপেক্ষ আৰু গণতান্ত্ৰিক বিধৰ কৰি তুলিবলৈ চেষ্টা কৰিব লাগে- যাতে তেনে আচৰনত কোনো পক্ষপাতিত্বৰ ভাৱ দেখা পোৱা নাযায়।

           পঞ্চমতে, বিদ্যালয়ত এক উন্নত শিক্ষা পৰিৱেশ গঢ় দি তুলিব লাগে- য’ত শিশুৱে এক বহল পৰিসৰৰ খেলা-ধূলাৰ সা-সুবিধা লাভ কৰিব পাৰো। শিশুৰ আৱেগ-অনুভূতিৰ সুস্থ বিকাশ এনে শিক্ষা-পৰিৱেশে সম্ভৱ কৰি তুলিব লাগে।

       ষষ্ঠতে, শিক্ষক-অভিভাৱক সকলে ল’ৰা-ছোৱালীক তেওঁলোকৰ লগৰ সমনীয়া আৰু বন্ধু-বান্ধৱসকলৰ লগত সুস্থ সম্বন্ধ স্থাপন কৰি চলিব পৰাৰ প্ৰতিও চকু ৰাখিব লাগে। কিশোৰ-কিশোৰীৰ মনত বিপৰীত লিংগৰ প্ৰতি পঢ়ি উঠা যৌন আসক্তিক সমালোচনাৰ চকুৰে নাচাই আৱশ্যক মতে সন্মানৰ দৃষ্টিৰেহে বিবেচনা কৰিব লাগে।

           সপ্তমতে, গৃহ পৰিবেশত ল’ৰা-ছোৱালীয়ে মনত যাতে কোনো বিষয় বা বস্তুৰ ওপৰত অভাৱ অনুভৱ নকৰে, তাৰ প্ৰতিও অভিভাৱক সচেতন হ’ব লাগে। অৱশ্যে, এইখিনিতে মন কৰিবলগীয়া, যাতে ল’ৰা ছোৱালীক অদিক সা-সুবিধা দি সিহঁতক আলসুৱা স্বভাৱৰ তথা ধবংসৰ ফালে ঠেলি দিয়া নহয়।

          অষ্টমতে, মন কৰিবলগীয়া যে ল’ৰা-ছোৱালীয়ে যাতে সকলো কথা বাস্তৱ দৃষ্টিভংগীৰ দ্বাৰা চাবলৈ আৰু অনুভৱ কৰিবলৈ শিকে আৰু বাস্তৱ অভিজ্ঞতা লাভ কৰিব পাৰে। তাৰ প্ৰতিও দৃষ্টি ৰখাটো প্ৰয়োজন। কল্পনাৰ অৱান্তৰ প্ৰভাৱৰ পৰা ল’ৰা-ছোৱালীক পাৰ্যমানে মুক্ত কৰি ৰাখিব লাগে।

             উল্লেখযোগ্য যে সামাজিকভাৱে সুপ্ৰতিষ্ঠিত অতি বুদ্ধিমান লোকেও তেওঁৰ নিজ সন্তানৰ সমস্যা-জড়িত আচৰণ সম্বন্ধে ৰহস্যজনকভাৱে নিজৰ অজ্ঞতা প্ৰকাশ কৰিব পাৰে। সমস্যাৰ জতিলতাই তেওলোকৰ মনত উদ্বেগ আৰু ব্যৰ্থতাৰ ভাৱ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। সেয়েহে বহু সময়ত দেখা যায় যে, মাক-দাউতাক বা অভিভাৱকৰ অজ্ঞতা আৰু উদাসীনতাৰ হেতুকে শিশুৰ এনে সমস্যা-জড়িত আচৰণ অধিক জটিল হৈ পৰে। সেইবাবে এনে আচৰণৰ ওপৰত সম্যক জ্ঞান থকাটো অতি প্ৰয়োজন। শিশুৰ দেহ-মনৰ প্ৰয়োজন সম্বন্ধে বয়সস্থসকলৰ অভিজ্ঞতাই বহু পৰিমানে শিশুৰ সমস্যা-জড়িত আচৰণৰ সৃষ্টি কৰে। এই কথাৰ উপলব্ধিৰে শিশুক তাৰ প্ৰকৃত ৰূপত চাবলৈ আৰু বুজিবলৈ চেষ্টা কৰাটো আমাৰ সকলোৰে কৰ্তব্য।