শিশুৰ পৰিপূৰক আহাৰ আৰু অভিভাৱকৰ কৰণীয় – দ্বীপেন বৰুৱা

শিশুৰ পৰিপূৰক আহাৰ আৰু অভিভাৱকৰ কৰণীয়

(৮-১৪ আগষ্ট, ২০২৫ লৈ ৰাজ্যজুৰি পালন কৰা পৰিপূৰক আহাৰ সপ্তাহ উপলক্ষে)

দ্বীপেন বৰুৱা

শিশু জাতিৰ ভৱিষ্যৎ৷ প্ৰতিগৰাকী শিশুক সুস্থ-সবল সু-নাগৰিক কৰি গঢ়ি তোলাটো সমাজৰ দায়িত্ব৷ শিশুৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশৰ আধাৰ হ’ল সঠিক পুষ্টি যি শিশুৰ বৃদ্ধি আৰু বিকাশত ইন্ধন যোগায়৷ শিশু জীৱনৰ প্ৰথম ছমাহ অতি সংবেদনশীল সময়। এই সময়ছোৱাত মাতৃদুগ্ধকেই শিশুৰ বাবে যথেষ্ট পুষ্টিকৰ আহাৰ বুলি গণ্য কৰা হয়। কিন্তু ছমাহ সম্পূৰ্ণ হোৱাৰ পাছত মাতৃদুগ্ধৰ উপৰিও শিশুৰ শাৰীৰিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কিছু অন্য খাদ্যৰ প্ৰয়োজন হয়। সেই সময়ত দিয়া এনে খাদ্যসমূহকেই পৰিপূৰক আহাৰ (Complementary Feeding) বুলি কোৱা হয়। এই পৰিপূৰক আহাৰ শিশুৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এটা মাইলষ্ট’ন হ’ব পাৰে; কিন্তু ভুল খাদ্য পদ্ধতি অথবা অভিভাৱকৰ উদাসীনতাৰ বাবে ই বিপৰীত প্ৰভাৱো পেলাব পাৰে। সেয়েহে, পৰিপূৰক আহাৰৰ গুৰুত্ব তথা প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগে ২০২২ চনৰপৰা প্ৰতি আগষ্ট মাহৰ ৮ ৰপৰা ১৪ তাৰিখলৈ পৰিপূৰক আহাৰ সপ্তাহ পালন কৰি আহিছে৷ প্ৰতিগৰাকী মাতৃৰ লগতে সম্প্ৰদায়সমূহৰ মাজত পৰিপূৰক আহাৰৰ গুৰুত্ব সন্দৰ্ভত সঠিক বাৰ্তা প্ৰদানেৰে সমাজত আচৰণগত পৰিৱৰ্তন সাধন কৰাই এই সপ্তাহ পালনৰ প্ৰধান উদ্দেশ্য৷

ছমাহৰ পৰা শিশুৰ বৃদ্ধিৰ হাৰ বেছি হয়। এই সময়ত কেৱল স্তনপানে শিশুৰ খাদ্য আৰু পুষ্টিৰ চাহিদা পূৰণ নহয়৷ গতিকে পৰিপূৰক আহাৰৰ মাধ্যমেৰে প্ৰ’টিন, ভিটামিন, আইৰণ, কেলচিয়াম আদিৰ অভাৱ পূৰণ কৰা অত্যন্ত জৰুৰী হয়৷ সঠিক সময়ত পৰিপূৰক আহাৰ আৰম্ভ নকৰিলে শিশুৰ বৃদ্ধি বাধাগ্ৰস্ত হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় আৰু অতিৰিক্তভাৱে দুৰ্বলতা দেখা দিব পাৰে৷ পৰিপূৰক আহাৰে শিশুৰ দেহৰ প্ৰয়োজনীয় শক্তি, প্ৰ’টিন আৰু পুষ্টি উপাদান পূৰণ কৰে। লগতে শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰাখে আৰু অপুষ্টিৰ পৰা ৰক্ষা কৰে। ই শিশুৰ পাচনতন্ত্ৰ উন্নত কৰে। শিশুক বিভিন্ন খাদ্যৰ স্বাদৰ সৈতে পৰিচিত কৰায়।

কিন্তু পৰিতাপৰ বিষয় যে এতিয়াও অসমৰ বিভিন্ন গ্ৰামাঞ্চলত পৰিপূৰক আহাৰৰ ক্ষেত্ৰত সচেতনতাৰ অভাৱ দৃষ্টিগোচৰ হয়। বহু অভিভাৱকে পৰিপূৰক আহাৰ কি, কেতিয়া দিব লাগে বা কেনেকৈ প্ৰস্তুত কৰিব লাগে, সেই বিষয়েও একেবাৰে জ্ঞাত নহয়৷ কিছুমানে ছমাহ হোৱাৰ আগতেই শিশুক ভাত বা অন্য খাদ্য দি ক্ষতি কৰে৷ বহু অভিভাৱকৰ বিশ্বাস যে শিশুৰ দাঁত ওলালেহে খোৱা দ্ৰব্য দিয়াটো উচিত৷ সেয়া সম্পূৰ্ণ ভুল। এই ভুল বিশ্বাসৰ বাবে শিশুৰ দেহত পুষ্টিৰ অভাৱ হয়। দাঁত ওলোৱাৰ আগতেই ছমাহৰ পাছৰ পৰা শিশুক সেউজীয়া শাক-পাচলি, দাইল, খীৰ আদিৰ দৰে নৰম খাদ্য খুৱাব লাগে। তদুপৰি বহুসময়ত বজাৰত সহজে উপলব্ধ পেকেটজাত আহাৰ (Instant Baby Foods) অধিক সুবিধাজনক বুলি বিবেচনা কৰে; যি শিশুৰ স্বাভাৱিক ৰুচি আৰু পাচনতন্ত্রৰ ওপৰত কুপ্ৰভাৱ পেলাব পাৰে।

একাংশ সমাজত পৰিপূৰক আহাৰক লৈ কিছুমান অন্ধবিশ্বাসো বিদ্যমান – যেনে কিছু খাদ্য শিশুৰ বাবে ‘ঠাণ্ডা’ বা ‘গৰম’ বুলি বিশ্বাস কৰা হয় যাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। বহুতে আকৌ শিশুক পৰিপূৰক আহাৰ খুওৱাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই নাৰাখে৷ ফলত শিশুৰ হজমজনিত অসুখ, ডায়েৰিয়া, টাইফইড, হেপাটাইটিছ আদি হোৱাৰ সম্ভাৱনা থাকে। বহু সময়তে দেখা যায় যে অভিভাৱকে জোৰ কৰি বা ভয় দেখুৱাই শিশুক খুৱাবলৈ যত্ন কৰে৷ ই শিশুৰ মানসিক বিকাশৰ ওপৰত কুপ্ৰভাৱ পেলায় আৰু খোৱাৰ সময়ত আচৰণগত সমস্যাৰ সৃষ্টি হয়। দূৰ্গম অঞ্চলসমূহত বৰ্তমানো স্বাস্থ্যকেন্দ্ৰৰ অভাৱ, পুষ্টি-কেন্দ্ৰৰ অভাৱ আৰু স্বাস্থ্যকৰ্মীৰ সীমিত উপস্থিতিৰ ফলত অভিভাৱকে সঠিক পৰামৰ্শ লাভ কৰা দেখা নাযায়৷

পৰিপূৰক আহাৰ খুওৱা এটা সহজ কাম যেন লাগিলেও, দৰাচলতে ই এক জটিল বিষয়৷ পুষ্টি, পৰিচ্ছন্নতা, শিশু মনোবিজ্ঞান আৰু সচেতনতা – এই সকলোবোৰ ক্ষেত্ৰত অভিভাৱকে দায়িত্বশীল ভূমিকা ল’ব লাগিব। শিশুক পৰিপূৰক আহাৰ খুওৱাৰ ক্ষেত্ৰত কেইবাটাও নিয়ম থাকিলেও বৰ্তমান সময়ত UNICEF-ৰ সহযোগত মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ে প্ৰস্তুত কৰি উলিওৱা পাঁচটা আঙুলিৰ নিয়মকেই সৰ্বোত্তম বুলি গণ্য কৰা হৈছে৷ ইয়াৰে প্ৰথম আঙুলিৰ অৰ্থ হ’ল- শিশুৰ খাদ্যত ১ চামোচ তেল বা ঘিউ দিব লাগে৷ দ্বিতীয় আঙুলি অনুসৰি শিশুৰ বাবে দুটা পৰিষ্কাৰ বাচন (১টা বাটি আৰু ১ খন চামোচ) ল’ব লাগে৷ তৃতীয়তে শিশুক অতি কমেও দিনটোত তিনিবাৰ খুৱাব লাগে৷ চতুৰ্থ আঙুলি অনুসৰি শিশুৰ খাদ্য তালিকাত সাতটা খাদ্য গোটৰ ভিতৰত অতি কমেও চাৰিটা গোটৰ খাদ্য ব্যৱহাৰ কৰিব লাগে৷ পঞ্চম আঙুলিৰ অৰ্থ হ’ল- পঞ্চ ইন্দ্ৰিয় আৰু প্ৰাক- শৈশৱকালীন বিকাশৰ বাবে সহানুভূতিশীলভাৱে আহাৰ খুওৱাব আৰু উদ্দীপনা যোগাব লাগে৷ এইসমূহ নিয়ম সঠিকভাৱে পালন কৰি শিশুক পৰিপূৰক আহাৰ খুওৱা কাৰ্যক সফল কৰি তুলিব পৰা যায়৷

শিশুৰ পৰিপূৰক আহাৰ কেৱল খাদ্যৰ বিষয় নহয়; ই এক সামগ্ৰিক বিকাশৰ আধাৰ। এই ক্ষেত্ৰত অভিভাৱকে যদি সঠিক সময়ত সঠিক পদক্ষেপ গ্রহণ নকৰে, তেন্তে শিশুটিৰ স্বাস্থ্য দীৰ্ঘকালীনভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে। এই কথা প্ৰতিগৰাকী অভিভাৱকে মন কৰিব লাগে যে শিশুৰ ৰুচি আৰু আগ্ৰহ অনুসৰি খাদ্য বাছনি কৰাটোও তেওঁলোকৰ দায়িত্ব। খুওৱাৰ সময়ত শিশু অনিচ্ছুক হ’লে চিঞৰি উঠাৰ পৰিৱৰ্তে মৰম আৰু ধৈৰ্যসহকাৰে খুৱাবলৈ যত্ন কৰিব লাগে৷ নতুন আহাৰ দিয়াৰ পিছত শিশুৰ শৰীৰত কোনো অস্বাভাৱিকতা (বমি, এলাৰ্জি, পাতল পায়খানা আদি) দেখা পালে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। স্থানীয় স্বাস্থ্য কেন্দ্ৰৰ পৰা নিয়মীয়া পৰামৰ্শ লোৱা আৰু শিশুৰ বিকাশ পঞ্জী (Growth Chart) পৰ্যবেক্ষণ কৰা অত্যন্ত প্ৰয়োজন৷

শিশুৰ স্বাস্থ্য আৰু বিকাশত অভিভাৱকৰ ভূমিকা অতুলনীয়। কিন্তু অভিভাৱকৰ সঠিক জ্ঞান আৰু সচেতনতাৰ অভাৱত আমাৰ সমাজত এতিয়াও পৰিপূৰক আহাৰ ব্যৱস্থাপনা সম্পূৰ্ণৰূপে সফল হৈ উঠা নাই৷ এইক্ষেত্ৰত গাঁও, মফচলীয় অঞ্চল আদিত পুষ্টি বিষয়ক সজাগতা সভা আয়োজন কৰি অভিভাৱকসকলক সচেতন কৰিব তুলিব পাৰি৷ অঙ্গনবাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী, স্বাস্থ্য কেন্দ্ৰ আদিয়ে পৰিপূৰক আহাৰ সম্পৰ্কে যথেষ্ট সচেতনতা সৃষ্টি কৰিব পাৰে৷ সেয়ে, স্বাস্থ্যকেন্দ্ৰ আৰু অঙ্গনবাড়ী কেন্দ্ৰসমূহত অধিক সক্ৰিয়তা প্ৰদানেৰে নিয়মিত পৰামৰ্শ আৰু পুষ্টিকৰ খাদ্য প্ৰস্তুতকৰণ প্ৰশিক্ষণ দিয়া উচিত৷ সংবাদ মাধ্যমৰ সহায় লৈ পৰিপূৰক আহাৰৰ গুৰুত্ব সন্দৰ্ভত বিজ্ঞানসম্মত ধাৰণা প্ৰচাৰ কৰি সমাজত বিদ্যমান অবৈজ্ঞানিক ধাৰণা আৰু সমস্যাবোৰ সমাধান কৰিবলৈ সময়োচিত পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন৷

উপসংহাৰঃ

ছমাহ সম্পূৰ্ণ হোৱা প্ৰতিগৰাকী শিশুৰ বাবে পৰিপূৰক আহাৰৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য৷ কিন্তু সঠিক পদ্ধতি, বিজ্ঞানসম্মত চিন্তা আৰু সু-অভ্যাসৰ অভাৱৰ ফলত এই গুৰুত্বপূর্ণ পৰ্যায়টো বহু সময়ত ব্যর্থতালৈ আগবাঢ়ে। সমাজত বিদ্যমান কুসংস্কাৰ-অন্ধবিশ্বাসবোৰ যদি বিজ্ঞান আৰু শিক্ষাৰ আলোকেৰে ভাঙি পেলোৱা নাযায়, তেন্তে পুষ্টিৰ অভাৱত বিকাশ অবৰুদ্ধ হোৱা শিশুৰ সংখ্যা দিনকে দিনে বৃদ্ধি পাব। অন্ধবিশ্বাস কেৱল তথ্যৰ অভাৱৰ ফল নহয়, ই এটা সামাজিক মনোভাৱ। বহু অভিভাৱকে বিশেষকৈ মাতৃয়ে সমাজত গঢ়ি উঠা ভুল নিয়মৰ আগত আত্মসমৰ্পণ কৰে। নিজৰ অনুভৱ বা বৈজ্ঞানিক তথ্যক উপেক্ষা কৰি পুৰণি বিশ্বাসক আঁকোৱালি ধৰাৰ ফলত শিশুৱে পৰিণাম ভুগিবলগীয়া হয়। সেয়ে সময় থাকোতেই সজাগ হোৱাৰ লগতে পুষ্টিতত্বক বিজ্ঞানসম্মতভাৱে ব্যৱহাৰ কৰি আগন্তুক প্ৰজন্মৰ বাবে এক সুস্থ-সবল ভেঁটি গঢ়ি তোলাটো প্ৰতিগৰাকী সচেতন ব্যক্তিৰে দায়িত্ব৷

(ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ)