শিশুৰ প্রতি অভিভাৱকৰ কৰণীয়
বাহাৰুল ইছলাম (শিক্ষক),
বালিজান, মৰিগাঁও
শিশুসকল হ’ল সমাজৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত, অতি কোমল মনৰ।এটি বীজ যেনেকৈ অংকুৰিত হৈ প্রথমে পুলি তাৰ পিছত বিকশিত হৈ এজোপা ডাঙৰ গছ হৈ ফুল-ফল লাগি জাতিষ্কাৰ হৈ পৰে। এই গোটেই প্ৰক্ৰিয়াটোত বহু যত্ন, সাৰ,পানী আদিৰ দৰকাৰ হয়। তদ্ৰুপ, শিশু এটিক অভিভাৱক, শিক্ষক ও উপযুক্ত পৰিৱেশে যোগ্য ব্যক্তিলৈ পৰিণত কৰে। সু-শিক্ষাৰ জৰিয়তেহে অপৈণত শিশু এটি পৈণত হৈ নিজৰ লগতে বিশ্বক উজলাই তোলাত সহায় কৰে। আনকি সু-শিক্ষা নাপালে কুমলীয়া শিশু এটি নিজৰ লগতে সমাজ তথা বিশ্বক ধ্বংসৰ গৰাহত ঠেলি দিব পাৰে। এই শিক্ষা আনুষ্ঠানিক তথা অনানুষ্ঠানিক হ’ব পাৰে। জন্মৰ পৰা মৃত্যুলৈ গোটেই জীৱনজুৰি শিক্ষাৰ প্রভাৱে মানুহক পৰিচালিত কৰে।
শিক্ষাবিদসকলে শিক্ষাৰ অৰ্থ সেইবাবে হয়তো এনেদৰে উল্লেখ কৰিছে। শিক্ষা ( Education) শব্দটো লেটিন শব্দ ‘E’ মানে out of ( য’ৰ পৰা) আৰু ‘Docu’ মানে I lead (মই আগুৱাই যাওঁ) । আন এটা লেটিন শব্দ “Educere” যাৰ অৰ্থ to lead out বা to draw out অৰ্থাৎ বিকশিত তোলা। আনটো লেটিন শব্দ “Educare” যাৰ অৰ্থ to bring up.বা to nourish অৰ্থাৎ তুলি-তালি ধৰা বা লালন-পালন কৰা। আৰু এটা লেটিন শব্দ “Educatum” যাৰ অৰ্থ the act of teaching অৰ্থাৎ শিক্ষাদান কাৰ্য। মুঠতে উপৰোক্ত লেটিন শব্দসমূহৰ মুল অৰ্থ এয়ে যে, শিক্ষাই শিশুৰ অন্তনিহিত শক্তি বহি:শক্তিৰ প্রভাৱত সৰ্বাঙ্গীন বিকশিত কৰে।
এইক্ষেত্ৰত শিক্ষক, অভিভাৱক, পৰিৱেশ আদিৰ ভূমিকা অপৰিসীম। আমি ইয়াত শিশুৰ বিকাশত অভিভাৱকৰ ভুমিকা সম্পৰ্কে কিছু কথা আলোচনা কৰিম। শিক্ষাৰ্থী সকলৰ অভিভাৱক/অভিভাৱিক হ’ল প্ৰথম আৰু প্ৰধান অনুকৰণীয় ব্যক্তি। শিক্ষাবিদসকলৰ মতে, “Home is the first school for the child and parents are the first teacher ” অৰ্থাৎ ঘৰখনেই শিশুৰ প্রথম বিদ্যালয় আৰু পিতৃ-মাতৃ হ’ল প্রথম শিক্ষক। কোৱা হয়, এগৰাকী আদৰ্শবান মা- এশ শিক্ষকতকৈয়ো শ্ৰেষ্ঠ। অৱশ্য এই ক্ষেত্ৰত মাক গৰাকী প্রতি মুহূৰ্তত সক্ৰিয় (Active) আৰু সচেতন (conscious) থকাটো অত্যন্ত জৰুৰী।
সন্তানৰ প্রতি অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য সমূহ এনেদৰে আলোচনা কৰিব পাৰি —
১) আদৰ্শ সন্তান পাবলৈ নিজকে আদৰ্শ পিতৃ-মাতৃ হিচাপে গঢ়ি তুলিব লাগিব ।
২) উপদেশ যিহেতু বেছি দিলে আমনি পায়, সেয়ে নিজেই আদৰ্শ দেখুৱাব লাগিব যাতে সিহঁতে অনুকৰণ কৰে।
৩) মনত ৰাখিব, সন্তানৰ চকুত প্রথম আৰু প্ৰধান অনুকৰণীয় ব্যক্তি পিতৃ-মাতৃ।
৪) সন্তানৰ বাবে যিমান টকা-পইচা ব্যয় কৰা হয় তাতোকৈ বেছি সময় ব্যয় কৰাৰ চেষ্টা কৰিব লাগে।
৫) বেছিকৈ মৰম কৰিব লাগে, সেই বুলি সীমাহীন কৰিব নালাগে।
৬) সন্তানৰ মতামতক গুৰুত্ব আৰোপ কৰিব লাগে।
৭) সন্তানক গালি শপনি আৰু অভিশাপ দিব নালাগে।
৮) সন্তানৰ সৈতে খেলা-ধূলা কৰিব লাগে।
৯) স্মাৰ্ট ফোনৰ ব্যৱহাৰ নিজে কম কৰিলেহে সন্তানক বুজাবলৈ সহজ হৈ পৰে।
১০) মাজে-সময়ে ভাল কামৰ পুৰষ্কাৰ ও বেয়া কামৰ লঘু শাস্তি প্ৰদান কৰিব লাগে।
১১) যিকোনো পৰিৱেশৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰি তোলা।
১২) সন্তানক সাঁতোৰ শিকোৱা।
১৩) স্ব-ৰক্ষাৰ প্ৰশিক্ষণ দিয়া।
১৪) সময়ানুৱতীতা অৰ্থাৎ সময়ৰ কাম সময়ত সমাধা কৰাৰ উৎসাহ প্ৰদান কৰিব লাগে ।
১৫) মাজে মাজে সময় অপব্যয় কৰাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিব লাগে।
১৬) ল’ৰা আৰু ছোৱালীক সমদৃষ্টি প্ৰদান কৰা।
১৭) ধৰ্ম মানি জীৱন-যাপন কৰাৰ পৰামৰ্শ দিয়া আৰু শান্ত-শিষ্ট, নম্র-ভদ্র ও ঐক্যৰে আগুৱাই যোৱাৰ ক্ষেত্রত উৎসাহিত কৰা।
১৮) নিতৌ ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠিবলৈ উৎসাহিত কৰা।
১৯) শুই উঠাৰ অন্তত প্রাৰ্থনা কৰি কিছু লঘু ব্যায়ামৰ অভ্যাস কৰাব লাগে।
২০) মনত ৰাখিব, আপোনাৰ সন্তান সোনকালে শুৱাৰ পৰা উঠাটো বিশেষকৈ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। ২১) ঘৰত অধ্যয়নৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব লাগে।
২২) সন্তানৰ মনৰ পৰা ভয় আতৰাই প্রতি মুহূৰ্তত শিক্ষাৰ প্রতি সাহস আৰু উৎসাহ প্ৰদান কৰা।
২৩) সন্তানৰ মাজত সততা, ধৈৰ্য, সেৱাভাৱ আৰু পৰিশ্ৰম কৰাৰ প্ৰৱণতা বৃদ্ধি কৰাৰ উৎসাহ ও প্রেৰণা দিব লাগে।
২৪) দৈনিক নিয়মিত কাৰ্যসূচী ( লিখা-পঢ়া সময়, খেলৰ সময়, টি, ভি চোৱা সময়, শুৱাৰ সময় আদি) সঠিক ভাৱে পালন কৰিছেনে নাই তালৈ লক্ষ্য ৰাখিব।
২৫) বিদ্যালয়ৰ দিনপঞ্জীখন সদায় নিৰীক্ষণ কৰা উচিত।
২৬) সৰু সৰু কথা বা কামৰ বাবে সন্তানক ছুটী লোৱাত উৎসাহ নিদিব।
২৫) সন্তানৰ আগত নেতিবাচক( Negative) কথা বা আনক সমালোচনা (criticise) আদি নকৰিব।
২৬) মনত ৰাখিব, বিদ্যালয়ৰ শুভাকাংক্ষী হিচাপে আপোনাৰ গঠনমূলক পৰামৰ্শ বিদ্যালয়ৰ বাবে সৰ্বদা আদৰণীয়।
২৭) আপত্তিজনক সামগ্ৰী – ম’বাইল, কেমেৰা, টকা-পইচা আদি সমূহৰ কু-ব্যৱহাৰ আৰু লগত লৈ ফুৰাৰ পৰা আতৰাই ৰাখক।
২৮) প্রতিখন অভিভাৱক সভাত আপোনাৰ উপস্থিতি নিশ্চিত কৰক ও গঠনমূলক পৰামৰ্শ আগবঢ়াওক।
২৯) মনত ৰাখিব, আপোনাৰ সন্তান কেৱলমাত্ৰ আপোনাৰ সন্তানেই নহয়, সি/তাই ঘৰখনৰ লগতে সমাজ তথা দেশৰ ভৱিষ্যত মানৱ সম্পদ। তেনে সম্পদ গঢ় দিয়াত সক্ৰিয় অংশগ্ৰহণ কৰক।
৩০) প্রত্যক শিশুৱে শিশুসুলভ চঞ্চলতাৰে কিছুমান দুষ্টামি কৰিব খোজে। তেনে ক্ষেত্ৰত খং বা ডাবি-ধমকি নিদি কোনো অনুচিত কামত মৰমেৰে তেনে কাম নকৰিবলৈ বুজাব লাগে। উদাহৰণ স্বৰুপে – এনে কাম কৰিলে তুমি দুখ পাবা, তোমাৰ শিক্ষকে বেয়া পাব, আমি বেয়া পাম ইত্যাদি। খং বা ডাবি-ধমকিয়ে শিশুৰ জেদ ভাৱ বঢ়ায় তোলে।
৩১) ডাঙৰ হৈ অহাৰ লগে লগে শিশুটিক নিজৰ কাম নিজে কৰিবলৈ দিব লাগে। যেনে – খেলৰ পিছত খেলৰ সামগ্ৰী আগৰ জেগাত থোৱা, নিজে কাপোৰ পিন্ধা, নিজে আহাৰ খোৱা আদি। এইবোৰৰ সহায়ত শিশু আত্মনিৰ্ভৰশীল হ’বলৈ শিকে।
৩২) লাজকুৰীয়া স্বভাৱৰ শিশুক বন্ধু-বান্ধৱীৰ লগত বাহিৰত খেলিবলৈ উদ্গনি যোগাব লাগে। এনে শিশুক তেওঁলোকে কৰা কামৰ বাবে আনৰ আগত কেতিয়াও লাজ দিব নালাগে। শিশু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দিব লাগে, ঘৰলৈ অহা আলহীৰ লগত কথা পাতিবলৈ দিব লাগে, মাজে মাজে ফুৰিবলৈ নিয়া আদি কামবোৰে শিশুৰ লাজকুৰীয়া স্বভাৱ নোহোৱা হোৱাত সহায় কৰে।
৩৩) শিশুক নিতৌ ভাল কথা বা কামৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুৱাব লাগে। যেনে – অনুশাসন মানি চলা, ভদ্ৰ আচৰণ, ডাঙৰক সন্মান, সৰুক মৰম কৰা, নিয়মানুবৰ্তিতা আদি।
৩৪) কেতিয়াবা শিশুয়ে কোনো প্ৰতিযোগীতাত পিতৃ-মাতৃয়ে ভবা ধৰণে ফলাফল দেখুৱাব নোৱাৰিলে,তেনে ক্ষেত্রত নিজে হতাশ হোৱা অথবা শিশুক নিৰুৎসাহ নকৰি পিছলৈ আৰু ভাল কৰিব লাগিব ধৰণে উৎসাহিত কৰিব লাগে।
৩৫) শিশুক কামৰ সূচীমতে চলাৰ ওপৰিও মাজে সময়ে ভালপোৱা ধৰণে অকণমান সময় কটাবলৈ দিব লাগে।
৩৬) ভাল অথবা বেয়া কামৰ পৰিণতি শিশুক সাধুকথাৰ মাধ্যমেৰে বুজালে বেছি সুফল পোৱা যায়।
৩৭) অভিভাৱক/ অভিভাৱিকাৰ ওপৰিও ঘৰখনৰ অন্যান্য সদস্যৰ শাসন মৰমৰ হোৱা উচিত।
৩৮) শিশুৰ প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিব লাগে।
৩৯) কিছুমান কামত তেওঁলোকক অভিজ্ঞতাৰে জানিব দিব পাৰি। যেনে – চাহৰ কাপটো বাৰে বাৰে চুব বিচাৰিছে তেনে ক্ষেত্ৰত এবাৰ অকণমান চুই চাব দিব লাগে, অৱশ্য হাতখন যাতে নুপুৰে তালৈ লক্ষ্য কৰিব লাগে।
৪০) এগৰাকী নাৰীৰ বাবে মাতৃ হ’ব পৰাটো গৌৰৱৰ কথা, কিন্তু সঁচা অৰ্থত মাতৃত্বৰ গৌৰৱ অৰ্জন সহজ কথা নহয়। গৌৰৱৰ কথা হ’ল – সন্তানক সৎ,আদৰ্শবান সু-নাগৰিক গঢ়ি তুলিব পৰাটোহে।
সেয়েহে নেপোলিয়ান বোনাপাৰ্টে মাতৃসকলে কৈছিল, ” তোমালোকে যদি মোক সু-সন্তান দিয়া, মই তোমালোকক এটা উন্নত জাতি দিম। “
৪১) শিশুক গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ৰুচি-অভিৰুচিৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে কাৰণ তেওঁলোক কোনো জড় বস্তু নহয়।
৪২) মনত ৰাখিব, শিক্ষক, অভিভাৱক আৰু ছাত্র-ছাত্ৰীৰ সম্পৰ্ক এটা সমবাহু ত্ৰিভূজৰ দৰে। এটা বাহুত ঘূণে ধৰিলে গোটেই ত্ৰিভূজৰ ভাৰসাম্য হেৰুৱাব।
৪৩) শিক্ষক সকলৰ সৈতে এক মধুৰ সম্পৰ্ক স্থাপন কৰক যাতে শিক্ষকজনে আপোনাৰ সন্তানৰ প্ৰতিটো খবৰ (ভাল, বেয়া) দিবলৈ অকণো শংকাবোধ নকৰে।
৪৪) এখন ভাল শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰি শিক্ষক বা টিউচনৰ ওপৰত সকলো এৰি চকুমুদি থকাটো একান্ত ভুল। সন্তানৰ সৈতে অনবৰত খোলাকৈ সকলো আলোচনা কৰা, পাৰ হোৱা দিনৰ কিছু খতিয়ান লোৱা ও ব্যৱস্থা গ্ৰহণ কৰিলেহে সফল হ’ব।
৪৫) মহাত্মা গান্ধীয়ে কৈছিল, ” পৃথিৱীৰ সকলো বতাহ মই মোৰ খিৰিকীৰে সোমাবলৈ দিম, কিন্তু সেই বতাহে মোক উৰুৱাই নিবলৈ নিদিও।” এই বিচাৰক মূল মাতৃৰ হাতত। সঠিক সময়ত সঠিক আৰু উচিত শিক্ষা দিলেহে সন্তান বিপথে নাযায়।
৪৬) মনত ৰাখিব, আজিৰ বিশ্বায়নৰ যুগত সৱতে ভাল-বেয়া, সৎ-অসৎ,ভুল-শুদ্ধ সকলো পোৱা যায়। সেয়ে পিতৃ-মাতৃৰ বিশেষ ভূমিকা পালনতহে এখন সুস্থ সৱল সমাজ গঢ়িব পাৰি।
৪৭) বিশ্বকবি ৰবিন্দ্র নাথ ঠাকুৰে কৈছে, ” A woman is the builder and moulder of a nations destiny. Though delicate and soft as a lily, she has a heart far stronger than that of a man. অৰ্থাৎ এগৰাকী নাৰী ৰাষ্ট্রৰ ভাগ্য নিৰ্মাতা ও ধ্বংস কৰোতা, পদুমৰ কোমল পাহিৰ দৰে যদিও তাইৰ মনৰ দৃঢ়তা পুৰুষতকৈ বেছি শক্তিশালী। “
৪৮) শিশুৰ সুস্থ দৈহিক বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্যৰ যোগান ধৰা (সঠিক ৰূপে)।
৪৯) ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত যাতে শুদ্ধকৈ কয়, তাৰ প্রতি নজৰ ৰখা আৰু নিজেও শুদ্ধকৈ কোৱা।
৫০) শিশুৰ আৱেগিক জীৱনৰ সুস্থ বিকাশৰ প্রতি পৰিয়ালে নজৰ ৰখা।
শিশুৰ বৃদ্ধি ও বিকাশৰ বাবে আটাইতকৈ বেছি ভূমিকা অভিভাৱকৰ । প্রতি মুহূৰ্তত শিশুৰ প্ৰতিটো দিশৰ যাৱতীয় ব্যৱস্থা অভিভাৱকে গ্ৰহণ কৰিব লাগে। অৱশ্য এই ক্ষেত্ৰত মাকৰ ভূমিকা অন্যতম। শিক্ষকৰ সৈতে সহযোগিতা আগবঢ়াই শিশুৰ সৰ্ববিকাশ সুকলমে কৰিব পাৰি। এই মহান কামত ধৈৰ্য-সহ্য, সক্ৰিয়তা, সুস্থ সমাজ গঢ়া, দেশ সেৱাৰ মনোভাৱ ইত্যাদি সৎ গুণবোৰ অভিভাৱক/ অভিভাৱিকা তথা অন্যান্য সকলোৰে থাকিব লাগিব।