শিল চপৰা – মেৰী বৰদলৈ

শিল চপৰা

মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি

সেইদিনা শিল চপৰাক
সুধিছিলোঁ চিঞৰি
তুমি ইমান কঠিন
নিষ্ঠুৰ কিয়…?
শিল চপৰাই
হাঁহি এটি মাৰি
নদীখনৰ ফালে চাই
ক’লে…
সৌ যে দেখিছা
নদীৰ সোঁত
সেই সোঁতৰ বলীয়াবানৰ
কোবাল ঢৌবোৰৰ
ঠেলাহেঁচাতেই
মোৰ হৃদয়ৰ সমস্ত
কোষকেন্দ্ৰ কঠোৰ আৰু
নিষ্ঠুৰ হ’বলৈ ধৰিলে…
পুনৰ শিল চপৰাক
সুধিলোঁ চিঞৰি
বন্ধু তোমাৰ বুকুতেই যে
থিয় হৈ সহস্ৰ
কবিয়ে কৰে
আলোকপাত..?
আকৌ হাঁহি এটি মাৰি
শিল চপৰাই
ক’লে..
নদীখনলৈ চাই
শুনি যোৱা বন্ধু
এইয়াই যেন প্ৰয়োজন
তেওঁ,তোমাৰ সকলোৰেই
সহস্ৰজনৰ অহাযোৱা
মোৰেই বুকুতে
কোনেও নুবুজা নিচিনা
মই এক যাযাবৰী
শিল চপৰা….