শিলৰ বুকুত সপোনৰ গাঁও: মনচান্তো
কাজি শ্বাহাদত ইছলাম
সোনাইঘুলী , গুৱাহাটী
পাথৰেৰে নিৰ্মিত এখন বিশেষ গাঁও । শুনিলে আচৰিত লাগে নহয় নে ? হয় , পৃথিৱীত এনে বহু ঠাই আছে যিবোৰ দেখিলে চিনেমাৰ পৰ্দা বা সাধুকথাৰ দৰে লাগে ।শেহতীয়াকৈ পতুৰ্গালত জৰ্জ আৰ. আৰ. মাৰ্টিন (George R. R. Martin) আৰু ৰায়ান কণ্ডাল (Ryan Condal)-এ একেলগে নিৰ্মাণ কৰা ধাৰাবাহিক “হাউচ অৱ দ্যা ড্ৰেগন” (house of the dragon)ৰ শ্বুটিং কৰা এখন গাঁও সমাজিক মাধ্যমত বৰকৈ চৰ্চা আৰম্ভ হৈছে । ধাৰাবাহিকখনৰ ড্ৰেগনষ্টোন দুৰ্গৰ বাবে এই ঠাইখনক বাচনি কৰা হৈছিল , কিয়নো ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো আছিল অতি ৰহস্যময় আৰু মহাকাব্যিক । পৰ্তুগালৰ বিস্ময়কৰ গাঁওখনৰ নাম হৈছে মনচান্তো (Monsanto) । গাঁওখনক শিলৰ বুকুত খোদিত এক জীৱন্ত ইতিহাস বুলি ক’ব পাৰি ।
পৰ্তুগালৰ “কাষ্টেলো ব্ৰাঙ্কো” জিলাৰ পাহাৰীয়া অঞ্চলত অৱস্থিত “মনচান্তো” কেৱল এখন গাঁও নহয়, ই হ’ল প্ৰকৃতি আৰু মানুহৰ এক অপূৰ্ব সহাৱস্থানৰ ব্যতিক্ৰমী নিদৰ্শন । গাঁওখনৰ ঠেক আৰু ওখোৰা-মোখোৰা শিলৰ ৰাস্তাৰে খোজ কাঢ়িলে এনে লাগে যেন কোনোবা এখন কাল্পনিক জগততহে বিচৰণ কৰিছে । ১৯৩৮ চনত গাঁওখনে এক বিশেষ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল “পৰ্তুগালৰ আটাইতকৈ পৰ্তুগীজ গাঁও” (The Most Portuguese Village in Portugal) হিচাপে । এই স্বীকৃতিৰ বিষয়ে তলত বিতংভাৱে আলোচনা কৰা হ’ল:
পৰ্তুগালৰ তৎকালীন চৰকাৰে (Estado Novo regime) এখন প্ৰতিযোগিতাৰ আয়োজন কৰিছিল যাৰ উদ্দেশ্য আছিল দেশখনৰ আটাইতকৈ পৰম্পৰাগত আৰু খাঁটি সংস্কৃতি বহন কৰা এখন গাঁও বিচাৰি উলিওৱা। এই প্ৰতিযোগিতাত মনচান্তোৱে বিজয়ী হয় । বিজয়ীৰ পুৰষ্কাৰ স্বৰূপে গাঁওখনক এটি ৰূপৰ কুকুৰা (Silver Rooster) উপহাৰ দিয়া হৈছিল । আজিও মনচান্তোৰ বিখ্যাত ”লুকানো টাৱাৰ” (Torre de Lucano) বা ক্লক টাৱাৰৰ ওপৰত এই ৰূপৰ কুকুৰাটোৰ এটা ভাস্কৰ্য্য স্থাপন কৰা আছে , যিটো গাঁওখনৰ বাবে এক গৌৰৱৰ প্ৰতীক স্বৰূপ । মনচান্তোক এই সন্মান দিয়াৰ মূল কাৰণসমূহ বৰ গুৰুত্বপূৰ্ণ আৰু আনন্দদায়ক আছিল । সেইসমূহ তলত উল্লেখ কৰা হ’ল:
১. শিলৰ সৈতে একাকাৰ হোৱা স্থাপত্য (Integration with Nature):
মনচান্টোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল ইয়াৰ অপূৰ্ব নিৰ্মাণশৈলী । আমাৰ দেশসমূহত সৰু সৰু অজুহাত লৈ গছ-গছনি আৰু পাহাৰবোৰ কাটি মেলি প্ৰাকৃতিকভাৱে আমাক দূৰ্বল কৰে অথচ্ সেই অঞ্চলৰ মানুহে বিশালাকাৰ গ্ৰেনাইট শিলবোৰ কাটি আঁতৰাই নিদিয়াকৈ সেইবোৰক বেৰ বা চাল হিচাপে ব্যৱহাৰ কৰি ঘৰবোৰ নিৰ্মাণ কৰিছিল । এই অনন্য স্থাপত্যই গাঁওখনক এক কাল্পনিক বা পৌৰাণিক ৰূপ দিছিল, যিটো পৰ্তুগীজ সংস্কৃতিৰ বাবে এক বিৰল নিদৰ্শন আছিল।
২. পৰম্পৰা আৰু সংস্কৃতিৰ সংৰক্ষণ:
১৯৩০-ৰ দশকত যেতিয়া ইউৰোপৰ বহু ঠাইত আধুনিকীকৰণৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছিল, আধুনিকতাৰ প্ৰবাহত উটি নগৈ তেতিয়া মনচান্তোৱে ইয়াৰ পুৰণি ৰীতি-নীতি, সাজ-পাৰ আৰু লোক-সংস্কৃতি অক্ষুণ্ণ ৰাখিছিল। চৰকাৰে এনে এখন গাঁও বিচাৰিছিল যিখনত দেশৰ “আচল শিপা” বিচাৰি পোৱা যায়।
৩. ঐতিহাসিক দুৰ্গ আৰু প্ৰতিৰোধৰ ইতিহাস:
মনচান্তোৰ পাহাৰৰ ওপৰত “কেষ্টোল অৱ মনচান্তো” (Castle of Monsanto) নামৰ মধ্যযুগীয় এটি দূৰ্গ আছিল। এই দুৰ্গটো মনচান্তো পাহাৰৰ একেবাৰে শিখৰত (প্ৰায় ৭৬৩ মিটাৰ উচ্চতাত) অৱস্থিত । “কেষ্টোল অৱ মনচান্তো” (Castle of Monsanto) কেৱল শিলৰ এটা গাঁথনি নহয় , বৰঞ্চ ই পৰ্তুগীজসকলৰ অদম্য সাহস আৰু দেশপ্ৰেমৰ এক জীৱন্ত সাক্ষী । এই দুৰ্গটোৰ সৈতে জড়িত আটাইতকৈ বিখ্যাত কাহিনীটো হৈছে “ফেষ্টা ডাছ ক্ৰুজেছ” (Festa das Cruzes) বা ”ক্ৰুচৰ উৎসৱ” , যিয়ে গাঁওখনক দেশপ্ৰেমৰ এক অনন্য প্ৰতীক হিচাপে গঢ়ি তুলিছিল । কথিত আছে যে এই গাঁওখনে শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সাহসেৰে যুঁজ দিছিল । ইয়াৰ এনে ঐতিহাসিক গুৰুত্বই ইয়াক সন্মানীয় খিতাপ পোৱাত সহায় কৰিছিল ।
৪. “মাৰাফোনাছ” (Marafonas) পুতলা আৰু উৎসৱ:
গাঁওখনৰ এক অনন্য পৰম্পৰা হ’ল ‘মাৰাফোনাছ’ নামৰ মুখ নোহোৱা কাপোৰৰ পুতলা । এই পুতলাই উৰ্বৰতা আৰু সৌভাগ্যৰ প্ৰতীক হিচাপে কাম কৰে বুলি লোকবিশ্বাস আছে । লগতে ”ফেষ্টা ডি ক্ৰুজেছ” (Festa das Cruzes) নামৰ ঐতিহাসিক উৎসৱটোৱে মনচান্তোক এক সুকীয়া সাংস্কৃতিক পৰিচয় দিছিল । ”ফেষ্টা ডাছ ক্ৰুজেছ” (Festa das Cruzes) বা ”ক্ৰছৰ উৎসৱ” হ’ল পৰ্তুগালৰ অন্যতম পুৰণি আৰু বিখ্যাত ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ । মূলতঃ বাৰ্চেলোছ (Barcelos) চহৰত ই অতি জাকজমকতাৰে পালন কৰিছিল যদিও ”মাৰাফোনাছ” পুতলাৰ সৈতে জড়িত থকা কাৰণে মনচান্তো (Monsanto) গাঁৱতো ইয়াক পালন কৰিছিল । যাৰ ফলত ইয়াৰ এক বিশেষ তাৎপৰ্য্য আছে । ইয়াৰ আৰম্ভণি ১৫০৪ চনত হৈছিল বুলি বিশ্বাস কৰা হয় । কিংবদন্তি অনুসৰি, এজন মুচিয়ে মাটিত এটা উজ্জ্বল ”ক্ৰছ” বা ধৰ্মীয় চিহ্ন দেখা পাইছিল , যাক এক অলৌকিক ঘটনা বুলি গণ্য কৰা হৈছিল । তেতিয়াৰ পৰাই এই ”পৱিত্ৰ ক্ৰছ”ৰ প্ৰতি সন্মান জনাই এই উৎসৱ পালন কৰা হয়।
৫. ৰাজনৈতিক কাৰণ (Estado Novo):
সেই সময়ত পৰ্তুগালত এণ্টনিঅ’ ডি অলিভেইৰা চালাজাৰৰ শাসন চলি আছিল । তেওঁৰ চৰকাৰে ৰাষ্ট্ৰীয়তাবাদ (Nationalism) প্ৰসাৰ কৰিবলৈ বিচাৰিছিল । মনচান্তোক আদৰ্শ হিচাপে তুলি ধৰি তেওঁলোকে বিশ্বক দেখুৱাব বিচাৰিছিল যে পৰ্তুগীজসকল কিমান কষ্টসহিষ্ণু , ধাৰ্মিক আৰু নিজৰ পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল।
এই সন্মান লাভ কৰাৰ পিছত মনচান্তোক এক “জীৱন্ত সংগ্ৰহালয়” হিচাপে গণ্য কৰা হয় । আজিও ইয়াত নতুনকৈ আধুনিক ধৰণৰ ঘৰ সজা বা ইয়াৰ প্ৰাচীন ৰূপ সলনি কৰাটো আইনগতভাৱে কঠোৰভাৱে নিষিদ্ধ ।
মনচান্তোৰ ইতিহাস অতি প্ৰাচীন । খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰাই ইয়াত মানুহৰ বসতি থকাৰ প্ৰমাণ পোৱা যায় । ১২ শতিকাত ৰজা চেন্সো প্ৰথমে এই ঠাইখন মুছলমান সকলৰ পৰা উদ্ধাৰ কৰি ইয়াৰ দায়িত্ব ”নাইটছ টেম্পলাৰ” (Knights Templar) সকলক দিছিল । তেওঁলোকেই পাহাৰৰ শিখৰত সেই বিখ্যাত দুৰ্গটো নিৰ্মাণ কৰিছিল , যাৰ ধ্বংসাৱশেষ আজিও অক্ষত অৱস্থাত আছে । এই গাঁওখন ইয়াৰ চহকী লোক-সংস্কৃতিৰ বাবেও পৰিচিত । প্ৰতি বছৰে মে’ মাহত উদযাপন কৰা ”ফেষ্টা অৱ দ্যা হলি ক্ৰছ” ইয়াৰ এক অন্যতম উৎসৱ । এই উৎসৱে গাঁওবাসীৰ এক ঐতিহাসিক বিজয়ৰ কাহিনী সোঁৱৰাই দিয়ে ।
মনচান্তো এনে এক ঠাই য’ত সময় যেন থমকি ৰৈছে । শিলৰ মাজেৰে নিৰ্মিত এই গাঁওখনে আমাক এইটোৱেই শিক্ষা দিয়ে যে প্ৰকৃতিৰ পৰিৱৰ্তন নকৰাকৈয়ো মানুহে কেনেকৈ এক সুন্দৰ সভ্যতা গঢ়ি তুলিব পাৰে । পৰ্যটকসকলৰ বাবে ই কেৱল এটা গন্তব্য স্থান নহয় , বৰঞ্চ এক অবিস্মৰণীয় অভিজ্ঞতা । “হাউচ অৱ দ্যা ড্ৰেগন” (house of the dragon) ধাৰাবাহিকখন মুক্তি পোৱাৰ আগলৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেন্তে চৰ্চা হোৱা নাছিল যদিও ধাৰাবাহিকখনৰ মুক্তিৰ পাছত দেশ বিদেশৰ পৰা অগণন পৰ্যটক আৰু ইউটিউবাৰে তাত ভিৰ কৰিছে ।
আপোনালোকে যদি কেতিয়াবা তালৈ যাব বিচাৰে তেন্তে কেনেকৈ যাব পাৰিব তাৰ বিৱৰণ তলত দিয়া হ’ল :
মনচান্তো (Monsanto) লৈ যোৱাৰ বাবে কোনো পোনপটীয়া বিমান বা ৰে’ল সেৱা নাই । আপুনি মূলতঃ ৰাজধানী লিচবন (Lisbon) বা পোৰ্টো (Porto) চহৰৰ পৰা যাত্ৰা কৰিব লাগিব ।
–মনচান্তোলৈ যোৱাৰ আটাইতকৈ সুবিধাজনক উপায় হ’ল গাড়ী ভাড়া কৰা । লিচবনৰ পৰা প্ৰায় গাঁওখনৰ দূৰত্ব প্ৰায় ২৭৬ কিলোমিটাৰ আৰু সময় লাগে ৩ ঘণ্টাৰ পৰা ৩ ঘণ্টা ৩০ মিনিট । ৰাস্তাৰ বিৱৰণৰ বাবে আপুনি গুগল মেপ (Google maps)-ৰ সহায় ল’ব পাৰে । গাড়ীত লিচবনৰ পৰা A1 হাইৱে লৈ তাৰ পিছত A23 ঘাইপথেৰে কাষ্টেলো ব্ৰাংকো (Castelo Branco)ৰ দিশলৈ আগুৱাব লাগে । এই যাত্ৰাপথৰ পাহাৰীয়া দৃশ্যবোৰ অতি মনোৰম তথা উপভোগ্য , যিয়ে ভ্ৰমণকাৰীৰ মন পুলকিত কৰি তোলে।
–যদি আপুনি ৰাজহুৱা পৰিৱহণ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে প্ৰথমে লিচবনৰ ”Sete Rios” বাছ টাৰ্মিনেলৰ পৰা Rede Expressos বাছেৰে প্ৰথমে Castelo Branco চহৰলৈ যাব লাগিব । তাৰ পিছত Castelo Branco-ৰ পৰা স্থানীয় বাছেৰে মনচান্তোলৈ যাব পাৰি । এটা বিষয়ত সাৱধান হ’ব যে এই স্থানীয় বাছবোৰৰ সংখ্যা অতি কম (দিনটোত ১-২ খনহে থাকে) , গতিকে যোৱাৰ আগতে সময়সূচী ভালদৰে পৰীক্ষা কৰি ল’ব।
–ৰেলপথেৰে আপুনি পোনপটীয়াকৈ মনচান্তো পাব নোৱাৰে । সৰ্বপ্ৰথমে আপুনি লিচবনৰ পৰা ৰেলেৰে Castelo Branco ষ্টেচনলৈ যাব লাগিব । তাৰ পিছত তাৰ পৰা টেক্সি বা বাছ লৈ মনচান্তোলৈ (প্ৰায় ১ ঘণ্টাৰ ৰাস্তা) যাব লাগিব।
ভ্ৰমণৰ বাবে কিছু দৰকাৰী পৰামৰ্শ:
মনচান্তো এখন অতি পাহাৰীয়া আৰু পাথৰীয়া ঠাই । ইয়াত ঘূৰি ফুৰিবলৈ হ’লে আৰামদায়ক জোতা (Walking shoes) লগত ৰখাটো অতি প্ৰয়োজনীয় । থকা মেলাৰ ক্ষেত্ৰত এনেকুৱা ঠাই বাছনি কৰিব যাতে তাৰ পৰা মনচান্তোৰ সুন্দৰ সূৰ্যাস্তৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰে । ইয়াৰ বাবে আপুনি তাত থকা সৰু সৰু গেষ্ট হাউচ বা ”কাছা” (Casa) পাই যাব । ”কাছা” (Casa)-ৰ অৰ্থ হ’ল ঘৰ । ঠাইখন পৰ্যটনৰ বাবে বিখ্যাত হ’লেও স্থানীয় লোকৰ সৈতে যোগাযোগ কৰিবলৈ অলপ পৰ্তুগীজ শব্দ বা ”Google Translate” সহায় ল’লে ভাল।
আপুনি যদি আধুনিক চহৰৰ কোলাহলৰ পৰা আঁতৰি কোনো এক পৰীৰ দেশৰ দৰে ঠাইত হেৰাই যাব বিচাৰে , তেন্তে মনচান্তো আপোনাৰ বাবে এক নিখুঁত তথা উপযুক্ত গন্তব্যস্থান হ’ব পাৰে । গতিকে আপুনি পৰ্তুগাল ভ্ৰমণৰ কথা চিন্তা কৰক আৰু আপোনাৰ তালিকাত মনচান্তোৰ নামটোও অন্তৰ্ভুক্ত কৰক । যদিও যাতায়াতৰ বাবে অলপ পৰিকল্পনাৰ পৰিশ্ৰমৰ প্ৰয়োজন হয় , কিন্তু তাত থকা বিশাল গ্ৰেনাইট পাথৰৰ ঘৰবোৰ আৰু মনোৰম প্ৰাকৃতিক দৃশ্যই আপোনাৰ সমগ্ৰ পৰিশ্ৰম সাৰ্থক কৰি তুলিব । সোনকালে নিজৰ বেগটটো লৈ সাজু হওক এই বিস্ময়কৰ যাত্ৰাৰ বাবে!”
(তথ্য সংগ্রহ – ইউটিউব, গুগল , গুগল মেপ )
