শিল্পী-সাহিত্যিকসকলে আমাৰ সমাজখনক যুগে যুগে বাট দেখুৱাই আহিছেঃ বিমল বড়া

শিল্পী-সাহিত্যিকসকলে আমাৰ সমাজখনক যুগে যুগে বাট দেখুৱাই আহিছেঃ বিমল বড়া

ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্যিকসকলে আমাৰ সমাজখনক যুগে যুগে বাট দেখুৱাই আহিছে। এই বাট পোহৰৰ বাট। এই বাট সত্যৰ বাট। প্রজ্ঞা আৰু সুন্দৰৰ বাট। শনিবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্রদান কৰা ভাষণত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই এইদৰে কয়। শিল্পীসকলক আলোকৰ যাত্রী বুলি অভিহিত কৰি মন্ত্ৰী বিমল বড়াই শিল্পীসকলে নিজস্ব চিন্তন মননৰ জৰিয়তে নিজৰ সৃষ্টিক বিশ্ব সভালৈ লৈ যায় বুলি উল্লেখ কৰে। নিজৰ ভাষণত মন্ত্রী বড়াই এখন সুস্থ সমাজ গঠনত শিল্পী-সাহিত্যিকসকলৰ ভূমিকাৰ বিষয়েও আলোকপাত কৰে। সভাত উপস্থিত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে আনন্দ চন্দ্ৰ আগৰৱালাৰ ‘মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়িত।’ পংক্তিটো গাই যিসকল মহান অসমীয়াৰ স্মৃতিত বঁটা প্ৰদান কৰা হৈছে আৰু বঁটাপ্ৰাপকসকলৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে। উল্লেখ্য যে এই অনুষ্ঠানত দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ লগতে আন পাঁচটা ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হয়। ২০২৫ বৰ্ষৰ লোকপ্রিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি প্রদান কৰা হয় সাহিত্যিক, শিক্ষাবিদ ড° অমলেন্দু চক্রৱতীক। আনহাতে পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ মনেশ্বৰ দেউৰীক। দুয়োগৰাকীকে সাংস্কৃতিক মন্ত্রী বিমল বড়াই একোখনকৈ মানপত্র, শৰাই, গামোচা আৰু ক্রমে পাঁচ আৰু তিনি লাখকৈ টকাৰ চেক প্রদান কৰে। আনহাতে ৰাজ্যিক বঁটাৰ ভিতৰত ২০২৬ বৰ্ষৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণত শিল্পী বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰা হয় অসমীয়া আধুনিক গীত আৰু চলচ্চিত্ৰৰ বিশিষ্ট কণ্ঠশিল্পী প্রয়াত সমৰ হাজৰিকা আৰু কামৰূপী লোক গীতৰ শিল্পী ধনদা পাঠকক। ২০২৫ বৰ্ষৰ নটসূর্য ফণী শর্মা বঁটা আগবঢ়োৱা হয় নাট্যকাৰ কৰুণা ডেকাক। একেটা বৰ্ষৰে ড° ভবেন্দ্রনাথ শইকীয়া বঁটা আৰু বিজু ফুকন বঁটা প্ৰদান কৰা হয় ক্রমে চলচ্চিত্ৰ পৰিচালক অরূপ মান্না আৰু সুৰকাৰ তথা সংগীত পৰিচালক অৱনী ৰঞ্জন পাঠকক। এই আটাইকেইগৰাকীকে একোখনকৈ শৰাই, গামোচা, মানপত্ৰ আৰু দুই লাখ টকাৰ চেক প্রদান কৰা হয়। এই অনুষ্ঠানতে ৮০ গৰাকী শিল্পীক নিয়মীয়া শিল্পী পেন্সন, ১৭২গৰাকীক বার্ষিক শিল্পী সম্মান, পাঁচগৰাকী প্রয়াত শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য প্রদান কৰা হয়। বঁটাপ্ৰাপকসকলক বঁটা প্ৰদানৰ পূৰ্বে তেওঁলোকৰ জীৱন আৰু কৰ্মৰ ওপৰত যুগুতোৱা একোখনকৈ চুটি তথ্যচিত্রও অনুষ্ঠানত প্রদর্শন কৰা হয়। এই বঁটা প্রদান অনুষ্ঠানত আদৰণী ভাষণ দিয়ে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্র দাসে। অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি প্রাঞ্জল শইকীয়ায়ো ভাষণ দিয়ে।