শিল্পী তোমাক প্রণতি
শিল্পী তুমি আজীৱন যুগ -যুগান্তৰৰ
জনতাৰ প্রাণৰো প্রাণৰ, মনৰো মনৰ
গীতেৰে, সুৰেৰে সংগ্রামি জনতাৰ
অন্তৰে অন্তৰে বোৱালা সুৰৰ বন্যা
তুমি সুধাকণ্ঠ।
শংকৰ, মাধৱৰ , আজানপীৰৰ
গীত গাই অসমীয়া জাতিক
বান্ধিব খুজিছিলা একতাৰ দোলেৰে
বৰ লুইতৰ পৰা সাগৰৰ পাৰলৈ
গীতৰ মালা গাঁঠি
বিশ্ব দৰবাৰত জিলিকাই তুলিলা
বৰ লুইতৰ পাৰ।
শিল্পী তোমাক শত কোটি প্রণাম।
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট