শিলসাঁকো বিলৰ উচ্ছেদ একপক্ষীয় হৈছে নেকি ? – দেবর্ষি গৌতম

শিলসাঁকো বিলৰ উচ্ছেদ একপক্ষীয় হৈছে নেকি ?

দেবর্ষি গৌতম, বনগাঁও, নলবাৰী

শিলসাঁকো বিলত দীৰ্ঘ বিৰতিৰ অন্তত আকৌ এবাৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। এইটো বছৰৰে ফেব্ৰুৱাৰী মাহত শিলসাঁকো বিলত শেষ বাৰৰ বাবে উচ্ছেদ অভিযান চলিছিল। তাৰ পিছত বিভিন্ন কাৰণত স্তব্ধ হৈ আছিল উচ্ছেদ অভিযান। কিন্তু ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে চৰকাৰ আৰু প্ৰশাসনে আকৌ আৰম্ভ কৰিছে শিলসাঁকো বিলত উচ্ছেদ অভিযান। গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থতে চৰকাৰে শিলসাঁকো বিলত অবৈধ ভাৱে দখল কৰি বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিবলৈ লোৱা সিদ্ধান্ত যদিও এক আদৰণীয় সিদ্ধান্ত তথাপিও কিন্তু ইয়াৰ বাবে শিলসাঁকো বিলত যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে তাক কিন্তু সকলোৱে একেমুখে সমৰ্থন কৰা পৰিলক্ষিত হোৱা নাই। এই উচ্ছেদ অভিযানৰ আৰম্ভণি হোৱাৰ লগে লগে বিভিন্ন ব্যক্তিয়ে বিভিন্ন মত পোষণ কৰাৰ উপৰিও বিভিন্ন অভিযোগ-প্ৰতিঅভিযোগ উত্থাপন হৈছে। বিৰোধী দল সমূহেও উচ্ছেদিত লোকসকলৰ ওচৰলৈ গৈ চৰকাৰৰ এই কাৰ্য্যক তীব্ৰ বাক্যবানেৰে গৰিহণা দিছে। বিভিন্ন অৰাজনৈতিক দল-সংগঠনেও চৰকাৰৰ এই কাৰ্য্যৰ বিৰোধিতা কৰা আমি দেখিবলৈ পাইছোঁ। এই সকলোবোৰ অভিযোগ-প্ৰতিঅভিযোগ, বিৰোধিতাৰ মাজতে কিছুমান বাস্তৱ আৰু যুক্তিপূৰ্ণ কথা সচেতন লোকসকলৰ দৃষ্টিগোচৰ হৈছে। কিছুমান লোকে অভিযোগ কৰিছে যে প্ৰশাসনে কোনো আগতীয়াকৈ জাননী প্ৰেৰণ নকৰাকৈ হঠাৎ তেওঁলোকৰ ঘৰবোৰ ভাঙি দিছে। যদি এই অভিযোগ সত্য হয় তেনেহলে চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এপদ এপদকৈ বস্তু সংগ্ৰহ কৰি নিজৰ অতিকৈ মৰমৰ ঘৰখন সজাই লোৱাৰ পিছত এক মুহুৰ্তৰ ভিতৰতে যদি কোনোবাই ভাঙি চুৰমাৰ কৰি দিয়ে তেনেকুৱা বেদনা কিমান হৃদবিদাৰক সেইয়া কেৱল ভুক্তভোগী গৰাকীয়েহে উপলব্ধি কৰিব পাৰে।  ইয়াৰ উপৰিও চৰকাৰে অবৈধ ভাৱে দখল কৰা বুলি কৈ উচ্ছেদ কৰা লোকসকলৰ মতে তেওঁলোকে বিজুলী, পানী ইত্যাদি বিভিন্ন ধৰণৰ চৰকাৰী সুবিধা লাভ কৰি আহিছিল। গতিকে উচ্ছেদিত লোকসকলে চৰকাৰ আৰু প্ৰশাসনলৈ প্ৰশ্ন কৰিছে যে যদি তেওঁলোকে অবৈধ ভাৱে বসবাস কৰি আছিল তেনেহলে চৰকাৰী সুবিধা সমূহ তেওঁলোকক কিয় যোগান ধৰা হৈছিল ? উচ্ছেদৰ সময়ত সকলো লোকে এটা কথা লক্ষ্য কৰিছে যে শিলসাঁকো বিলত কেৱল সাধাৰণ লোকসকলৰ বাসগৃহ সমূহে উচ্ছেদ কৰা হৈছে। শিলসাঁকো বিলত কেৱল সাধাৰণ লোকসকলে বেদখল কৰি থকা নাই বিভিন্ন পুঁজিপতি, বনিয়া তথা ৰাজনৈতিক ব্যক্তিয়েও শিলসাঁকো বিলৰ মাটি দখল কৰি আছে। যদি সাধাৰণ লোকসকলৰ বাসগৃহত চৰকাৰ আৰু প্ৰশাসন উচ্ছেদ চলাবলৈ উদ্যত হৈছে তেনেহলে প্ৰতিপত্তিশালী লোকসকলৰ অট্টালিকা সমূহ এতিয়াও কিদৰে সগৌৰৱে থিয় হৈ আছে। সাংবাদিকে যেতিয়া এই বৈষম্যৰ বিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিছিল তেতিয়া তেখেতে উল্লেখ কৰিছিল যে সাধাৰণ লোকসকলে মাটি বেদখল কৰিছে আৰু প্ৰতিষ্ঠান স্থাপন কৰা সকলে চৰকাৰৰ পৰা অনুমতি লৈ তাত মাটি দখল কৰিছে। গতিকে কিছুমান প্ৰক্ৰিয়াৰ অন্তত সেই সকলোবোৰ উচ্ছেদ কৰা হব। যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে পুঁজিপতি তথা ৰাজনৈতিক ব্যক্তিসকলৰ অট্টালিকাবোৰো শিলসাঁকো বিলৰ পৰা উচ্ছেদ কৰা হব বুলি কৈ সাধাৰণ ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে তথাপিও কিন্তু সাধাৰণ ৰাইজে মুখ্যমন্ত্ৰী কথাত পতিয়ন যোৱা নাই। যদি আগতীয়া জাননী প্ৰদান নকৰাকৈ সাধাৰণ ৰাইজৰ ঘৰ প্ৰশাসনে ভাঙি দিয়ে তেনেহলে পুঁজিপতি আৰু ৰাজনৈতিক ব্যক্তিসকলৰ ক্ষমতা থকা বাবে ডাঙৰ ডাঙৰ ব্যৱসায়িক অট্টালিকাসমূহ উচ্ছেদ কৰিবলৈ সাহস গোটাব পৰা নাই নেকি ? মুখ্যমন্ত্ৰী গৰাকীয়ে কোৱাৰ দৰে প্ৰক্ৰিয়া পূৰণ কৰিবলৈ গৈ ধনবল আৰু ক্ষমতাৰ জোৰত সেই বৃহৎ অট্টালিকা সমূহ উচ্ছেদৰ পৰা ৰেহাই পাব নেকি ? যদি সচাকৈ তেনেকুৱা হয় তেতিয়াহলে এইয়া যে এক একপক্ষীয় উচ্ছেদ তাত কাৰো দ্বিমত নাথাকিব। যদি সময় বাগৰি যোৱাৰ লগে লগে এই উচ্ছেদ প্ৰক্ৰিয়া একপক্ষীয় বুলি প্ৰমাণিত হয় তেনেহলে চৰকাৰ তথা প্ৰশাসনৰ ওপৰত সাধাৰণ জনতাৰ যি আস্থা আৰু বিশ্বাস সেইয়া নোহোৱা হৈ পৰিব। সাধাৰণ লোকসকলে ঘৰ সাজি বসবাস কৰিলে সেয়া অবৈধ বেদখল বুলি গণ্য কৰা একেখিনি ঠাইতে পুঁজিপতি আৰু ৰাজনৈতিক ব্যক্তিসকলৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ চৰকাৰে দিয়া অনুমতিৰ ওপৰতো এক সঠিক তদন্ত হোৱাটো অতিকৈ জৰুৰী। যদি এক সঠিক তদন্ত হয় তেনেহলে সেই অনুমতি কিমান সঠিক আৰু নিকা আছিল সেইয়া ওলাই পৰিব। চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ দৰে প্ৰশাসনে কিমানদূৰ কামবোৰ আগবঢ়াই লৈ যাব পাৰে সেইয়া সময়ে সকলোৰে আগত উপস্থাপন কৰিব।