শিলসাঁকোৰ উচ্ছেদিত ভুক্তভোগীৰ কাষত অসম তৃণমূল কংগ্ৰেছ

শিলসাঁকোৰ উচ্ছেদিত ভুক্তভোগীৰ কাষত অসম তৃণমূল কংগ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দল মহানগৰীৰ শিলসাঁকোৰ উচ্ছেদিত ভুক্তভোগীৰ কাষত কালি উপস্থিত হৈ তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয়। দলৰ বিষয়ববীয়াসকলে ভুক্তভোগীসকলৰ লগত মত বিনিময়ো কৰে। দলটোৱে সাধাৰণ জনতাৰ ওপৰত অভিযান চলোৱা চৰকাৰে আজিলৈকে জিঞ্জাৰ হোটেলৰ নোম এডালো কিয় লৰাব পৰা নাই বুলি প্ৰশ্ন কৰে। চৰকাৰৰ ‘খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে’নীতি নচলিব বুলি অসম তৃণমূল কংগ্ৰেছৰ সঁজাতী দলটোৱে সকীয়াই দিয়ে৷আনহাতে মহানগৰীৰ কমাৰ্চ পইণ্টৰ ওচৰৰ ৰাজগড় সংযোগী উপপথত জলবোৰ্ডৰ পাইপ ফুটি কালি দুপৰীয়াৰ ভাগত জলবিস্ফোৰণ সংঘটিত হোৱা স্হলীত অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। দলৰ বিষয়ববীয়াসকলে বাৰে বাৰে এইদৰে মহানগৰীৰ ভিন্ন প্ৰান্তত পানীৰ পাইপ ফুটি জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাত উদ্বেগ প্ৰকাশ কৰে। নিম্ন মানৰ কামৰ বাবেই এইধৰণৰ কাণ্ড সংঘটিত হৈ অহা বুলি মন্তব্য কৰি দলটোৱে সঠিক তদন্ত কৰি এই কামৰ লগত জড়িত দোষীক উপযুক্ত বিহাৰ দাবী জনায়।দলটোত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু, সাধাৰণ সম্পাদক (সংগঠন) অৰূপজ্যোতি ভূঞা, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতা, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকা, অঞ্জলি ব্ৰহ্ম, সম্পাদিকা ৰুণু বৈশ্য, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইকে ধৰি কেইবাগৰাকীও দলীয় সতীৰ্থ উপস্থিত থাকে।