শিলসাঁকোত পুনৰ আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- বানমুক্ত গুৱাহাটী গঢ়াৰ পৰিকল্পনাৰে প্ৰশাসন আৰু নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ উদ্যোগত শিলসাঁকোত পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান। অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান আৰু কেন্দ্রীয় সমবায় প্রতিষ্ঠানৰ পাছত আই আই এইচ এমত উচ্ছেদ চলোৱা হয়। নগৰ উন্নয়ন পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত প্রশাসনে প্রতিষ্ঠানটো উচ্ছেদৰ কাম আৰম্ভ কৰে। উচ্ছেদ অভিযান পৰিদৰ্শন কৰি বিভাগীয় মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে প্রায় ১৫ বিঘা মাটিত থকা কেন্দ্ৰীয় চৰকাৰৰ এই প্রতিষ্ঠানটোৱে দীর্ঘসময় ধৰি উচ্চ শিক্ষা প্রদান কৰি আহিছিল। কিন্তু ভৱিষ্যতৰ তাগিদাত তথা গুৱাহাটীৰ বানপানী নোহোৱা কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত ল’বলগীয়া হৈছে। উচ্ছেদ অভিযান আৰম্ভ কৰাৰ লগে লগেই শিক্ষানুষ্ঠানখন মহানগৰীৰ জি এছ ৰোডলৈ স্থানান্তৰ কৰা হৈছে। মন্ত্ৰী বৰুৱাই কয় যে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত বাধা নপৰাকৈ জি এছ ৰোডৰ খ্ৰীষ্টান বস্তিত থকা উদ্যোগ বিভাগৰ এটা বিল্ডিঙলৈ স্থানান্তৰ কৰা হৈছে। তাত শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক কাম-কাজ আদি বর্তমান চলোৱা হ’ব। একেদৰে ছাত্ৰ-ছাত্ৰীৰ হোষ্টেলৰ বাবে গেমছ ভিলেজত থকা জিএমডিএৰ ১৯টা ফ্রেট আবণ্টন দিয়া হৈছে। প্রতিষ্ঠানখনৰ স্থায়ী নিৰ্মাণৰ বাবে সোণাপুৰত ৩০ বিঘা ভূমিও দিয়া হৈছে। পৰৱৰ্তী সময়ত চৰকাৰে আন্তঃগাঁথনি আদি নিৰ্মাণ কৰি দিব বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয়। আই আই এইচ এমৰ পাছত পর্যায়ক্রমে জিঞ্জাৰ হোটেল, টেনিছ কর্ট আদিতো উচ্ছেদ চলোৱা হ’ব বুলি জানিব পৰা গৈছে। ইপিনে, আজিৰে পৰা আৰম্ভ হোৱা উচ্ছেদ পৰৱৰ্তী প্রায় ১৫ দিনলৈ অব্যাহত থাকিব বুলি মন্তব্য কৰি মন্ত্ৰী বৰুৱাই কয় যে সকলোখিনি উচ্ছেদ সম্পূর্ণ হোৱাৰ পাছত শিলসাঁকোত প্রায় ৮০০ বিঘা মাটি ওলাব। চলিত বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ খৰালি কাল আৰম্ভহোৱাৰ লগে লগেই মাটিখিনি উপযুক্তভাৱে খননৰ কাম আৰম্ভ কৰা হ’ব। মাটিখিনি দ’কে খন্দা হ’ব যাতে কামখিনি খৰালি মাহৰ ভিতৰতে সম্পূৰ্ণ হয়। খনন কার্য সম্পূর্ণ হ’লে মহানগৰীৰ বান নিয়ন্ত্রণত শিলসাঁকো বিলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। এইক্ষেত্রত কেন্দ্ৰীয় চৰকাৰৰ পৰাও সহায়-সহযোগিতা পাব বুলি আশা প্রকাশ কৰে মন্ত্ৰী বৰুৱাই। উচ্ছেদথলীৰ পাছতেই মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ বাঘৰবড়ী, কইনাধৰা, লখৰা, গড়চুক, ধাৰাপুৰ, গাড়ীগাঁৱৰ লগতে জি এছ ৰোডৰ ভিন্ন স্থানত চলি থকা উচ্চ আৱাসিক নির্মাণ ক্ষেত্ৰসমূহো পৰিদৰ্শন কৰে। তেওঁ কয় যে এই পৰিদৰ্শনত অকল আন্তঃগাঁথনিগত আৰু আইনী ক্ষেত্ৰৰ পৰাই নহয় মহানগৰীৰ পৰিৱেশ উন্নত হৈ আছে নে নাই সেইবোৰো চোৱা-চিতা কৰা হ’ব। প্রাকৃতিকভাৱে সৃষ্টি হোৱা জলাধাৰ বা জলাশয় নিৰ্মাণৰ নামত স্তব্ধ কৰা হৈছে নেকি সেয়াও চোৱা হ’ব। পৰৱৰ্তী সময়তো জিএমডিএ, জিএমচি অথবা নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকলেও উক্ত ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰি খতিয়ান ল’ব বুলি মন্ত্ৰী বৰুৱাই লগতে কয়। এই পৰিদৰ্শনৰ সময়ছোৱাত জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াকে প্ৰমুখ্যে কৰি আন বিষয়ববীয়াসকলো উপস্থিত থাকে।