শিলচৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ

শিলচৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিকূল বতৰকো নেওচি প্ৰায় দুই সহস্ৰাধিক জনতাৰ সমাৱেশৰে শিলচৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰীৰাধেশ্যাম বিশ্বাসে। শিলচৰ লোকসভা সমষ্টিৰ সৰ্বাঙ্গীন উন্নতিৰ সংকল্পৰে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু সাংসদ সুস্মিতা দেৱক লগত লৈ আজি প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে মনোনয়ন পত্ৰ দাখিল কৰে।প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ মনোনয়ন পত্ৰ দাখিল কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, “লক্ষীমপুৰৰ পাছত শিলচৰত তৃণমূলৰ দ্বিতীয় মনোনয়ন দাখিল। মনোনয়ন দাখিল কাৰ্য্যসূচীত যিদৰে ৰাইজ একত্ৰিত হৈ ওলাই আহিছে, এয়াই প্ৰমাণিত কৰে যে জনতাই তৃণমূলক বিচাৰিছে। ৰাইজক এতিয়া স্বৈৰাচাৰী বিজেপিৰ বিকল্প লাগে। ৰাইজৰ দৃঢ় বিশ্বাস তৃণমূল কংগ্ৰেছ এক শক্তিশালী বিকল্প। আজি ৰাইজ ওলাই আহিছে গনতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, নিজৰ অধিকাৰৰ স্বাৰ্থত, সকলোৰে সৰ্বাঙ্গীন কল্যানৰ স্বাৰ্থত। ৰাইজৰ মৰম আৰু আস্থা আমাৰ বাবে সকলোৰে উৰ্ধত। আমাৰ বিশ্বাস এই লোকসভা নিৰ্বাচনত ৰাইজে নিজৰ শক্তি দেখুৱাব আৰু তৃণমূল কংগ্ৰেছৰ আটাইকেইগৰাকী প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰি জনতাৰ শক্তিশালী কন্ঠৰূপে বাছি লব।