শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ শৰীৰত ধৰা পৰিছে ক’ভিড

Pc UNEP

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ শৰীৰত ধৰা পৰিছে ক’ভিড

ৰঙিলী বাৰ্ত্তাসেৱা- শিলচৰত ধৰা পৰিছে এজন ক’ভিড পজিটিভ আক্ৰান্ত ৰোগী ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ’বায়’লজি বিভাগৰ এগৰাকী ছাত্ৰৰ শৰীৰত ধৰা পৰিছে ক’ভিড পজিটিভ৷ অৱশ্যে ছাত্ৰজনৰ শৰীৰত এই পৰ্যন্ত ক’ভিডৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাই বুলি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ লগতে অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে যে ছাত্ৰগৰাকীক চিকিৎসা মহাবিদ্যালয়খনৰ আইচ’লেছন ৱাৰ্ডত ৰখা হৈছে ৷ তেওঁ আৰু কয় যে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ইতিমধ্যে জৰুৰীকালীনভাৱে আইচ’লেছন ৱাৰ্ড স্থাপন কৰি তাত ২০ খন বিছনাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে যি কোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ৪ টাকৈ আইচ’লেছন আই চি ইউও স্থাপন কৰা হৈছে ৷ অধ্যক্ষ ডাঃ গুপ্তই আৰু কয় যে শেহতীয়াকৈ আইচ’লেছন ৱাৰ্ডত ৰখা মাইক্ৰ’বায়’লজি বিভাগৰ ছাত্ৰজনৰ শৰীৰত জ্বৰৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰিছে৷ মহাবিদ্যালয়খনৰ মেডিচিন বিভাগৰ ছাত্ৰসকলে ক’ভিড প্ৰট’কল মানি চলি ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷