শিলচৰ কেঞ্চাৰ কেন্দ্ৰত অত্যাধুনিক PET-CT সুবিধাৰ উদ্বোধন, বৰাক উপত্যকাৰ কেঞ্চাৰ চিকিৎসাত নতুন যুগৰ সূচনা

শিলচৰ কেঞ্চাৰ কেন্দ্ৰত অত্যাধুনিক PET-CT সুবিধাৰ উদ্বোধন, বৰাক উপত্যকাৰ কেঞ্চাৰ চিকিৎসাত নতুন যুগৰ সূচনা

শিলচৰ, ৰঙিলী বাৰ্ত্তাসেৱা-   শিলচৰ কেঞ্চাৰ কেন্দ্ৰে এক নতুন যুগৰ আৰম্ভণি ঘটালে, যেতিয়া এতিয়াৰ পৰা বৰাক উপত্যকাৰ ৰোগীৰ বাবে PET-CT সুবিধা উপলব্ধ হ’ল। এই আধুনিক সুবিধাৰ শুভ উদ্বোধন হয় অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্বন (ACCF)-ৰ অধীনস্থ এই কেন্দ্ৰত, যাৰ ফলত কেঞ্চাৰ নিৰ্ণয় আৰু চিকিৎসাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন ঘটিব।

উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল ACCF-ৰ চিফ অপাৰেটিং অফিচাৰ ড. (মেজৰ জেনেৰেল) জয় প্রকাশ প্ৰসাদ আৰু শিলচৰ মেডিকেল কলেজ আৰু হাস্পতালৰ অধ্যক্ষ তথা চিফ চুপাৰিন্টেণ্ডেণ্ট ড. ভাস্কৰ গুপ্ত। তেওঁলোকে ফিতা কাটি এই অত্যাধুনিক PET-CT মেশিনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। উল্লেখযোগ্য সংখ্যক চিকিৎসক, প্ৰশাসনিক বিষয়ববীয়া আৰু সমাজৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ পদক্ষেপক এক স্মৰণীয় ক্ষণত পৰিণত কৰে।

শিলচৰ কেঞ্চাৰ কেন্দ্ৰৰ মেডিকেল চুপাৰিন্টেণ্ডেণ্ট ড. বিশ্বজিৎ ঘোষে সমাগত সকলোক আন্তৰিক শুভেচ্ছা জনাই এই বৃহৎ প্ৰকল্প সফল কৰিবলৈ যিসকলে অসামান্য অৱদান আগবঢ়াইছে, তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তাৰ পাছত, PET-CT প্ৰযুক্তিৰ গৱেষণা বিশেষজ্ঞ ড. ইন্দ্ৰনীল সিনহাই আধুনিক কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত এই যন্ত্ৰৰ গুৰুত্ব সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে PET-CT ৰ সহায়ত কেঞ্চাৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ গতি অধিক উন্নত হ’ব, লগতে ৰোগ নিৰ্ণয়ৰ যথাযথতাও বৃদ্ধি পাব।

ড. জয় প্রকাশ প্ৰসাদে তেওঁৰ ভাষণত আধুনিক অনকোলজিত PET-CT প্ৰযুক্তিৰ অৱশ্যম্ভাবী প্ৰয়োজনীয়তা দৰ্শাই কয় যে, বৰাক উপত্যকাৰ ৰোগীসকলৰ বাবে এই আধুনিক যন্ত্ৰ এক আশাৰ আলোকবিন্দু হৈ উঠিব। তেওঁৰ মতে, এতিয়াৰে পৰা বিশ্বমানৰ কেঞ্চাৰ পৰীক্ষা আৰু চিকিৎসা শিলচৰতে সহজলভ্য হ’ব, যাৰ ফলত ৰোগীসকলক দূৰদূৰন্তলৈ যাত্ৰা নকৰি নিজ এলাকাতে উন্নত চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব।

শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ড. ভাস্কৰ গুপ্তে কেঞ্চাৰ চিকিৎসাৰ বাবে উন্নত প্রযুক্তিৰ প্রয়োজনীয়তা উল্লেখ কৰি অসম চৰকাৰ, ACCF আৰু টাটা ট্রাষ্টৰ যৌথ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ কয় যে এই PET-CT মেশিন স্থাপনৰে বৰাক উপত্যকাৰ স্বাস্থ্যসেৱাৰ মানত এক নতুন দিগন্ত উন্মোচিত হ’ব।

উক্ত উদ্বোধনী অনুষ্ঠানত কাছাৰ জিলা প্রশাসনৰ সহকাৰী আয়ুক্ত তথা এক্সিকিউটিভ মেজিষ্ট্ৰেট জোনালি দেৱীয়েও অংশগ্ৰহণ কৰে। তেওঁ এই পদক্ষেপক বৰাক উপত্যকাৰ স্বাস্থ্য ব্যৱস্থাৰ এক ঐতিহাসিক উন্নতি হিচাপে বর্ণনা কৰে আৰু এই বৃহৎ প্ৰকল্প বাস্তৱায়নৰ লগত জড়িত সকলো বিষয়াসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

অনুষ্ঠানত বিজেপি-কাছাৰ জিলাৰ সভাপতি ৰূপম সাহা, শিলচৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ ড. সুজিত নন্দী পুরকায়স্থ, বিভিন্ন চিকিৎসা মহলৰ বিশিষ্ট ব্যক্তি, SMCH-ৰ বিভিন্ন বিভাগৰ অধ্যক্ষ, ডেণ্টেল কলেজ আৰু নার্সিং কলেজৰ অধ্যক্ষসকল, ITA আৰু TAI-ৰ সদস্যসকল, অসম ৰাইফলছৰ প্ৰতিনিধিসহ লায়ন্স ক্লাব অৱ শিলচৰ চেন্ট্ৰেল, লায়ন্স ক্লাব অৱ শিলচৰ লায়ন্স আৰু থাউজেণ্ড সায়ান্তনসৰ সদস্যসকল উপস্থিত থাকে।

অনুষ্ঠানৰ অন্তিম পৰ্যায়ত ড. দেবস্মিতা দাস উপস্থিত সকলো অতিথি আৰু সংশ্লিষ্ট ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, যিসকল ব্যক্তি আৰু প্ৰতিষ্ঠানে এই বৃহৎ প্ৰকল্প সফল কৰিবলৈ অক্লান্ত পরিশ্রম আগবঢ়াইছে, তেওঁলোকৰ অৱদান অনন্য।

এই আধুনিক PET-CT প্ৰযুক্তিৰ সংযোজনেৰে বৰাক উপত্যকাত উন্নত মানৰ কেঞ্চাৰ চিকিৎসাৰ দিশত এক নতুন যুগৰ সূচনা ঘটিল। ৰোগ নিৰ্ণয়ত অধিক নিখুঁততা, যথাযথ চিকিৎসা আৰু উচ্চস্তৰীয় পৰীক্ষা-নিরীক্ষাৰ সুবিধা লাভ কৰি বৰাক উপত্যকাৰ ৰোগীসকল এতিয়া আগৰ তুলনাত বহুগুণ উপকৃত হ’ব। শিলচৰ কেঞ্চাৰ কেন্দ্ৰৰ এই পদক্ষেপ সমগ্ৰ অঞ্চলৰ স্বাস্থ্যসেৱাৰ মানোন্নয়নৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অধ্যায় হিচাপে পৰিগণিত হ’ব।

এই সংবাদ শিলচৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আঞ্চলিক কাৰ্যালয়ৰ প্রেস বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশিত হৈছে।