শিলচৰ এনআইটিত চাঞ্চল্যকৰ ঘটনা সংঘটিত
ৰঙিলী বাৰ্ত্তাসেৱা- শিলচৰ এন আই টিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । এন আই টিৰ গেষ্ট ৰুমৰ লগতে থকা বাথৰুমত ডিঙিত চিপলৈ এগৰাকী ছাত্ৰই আত্মহত্যা কৰে। নিহত ছাত্ৰজন মেকানিক্যাল ইঞ্জিনিয়াৰ বিভাগৰ কিশোৰ প্ৰাণ ডেকা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱা মা-দেউতাৰ লগত গেষ্ট ৰুমতে আছিল ছাত্ৰগৰাকী। ইয়াৰ পাছতে কিবা কামত মাক-দেউতাক বাহিৰলৈ ওলাই যায় আৰু উভতি আহি বাথৰুমৰ দৰ্জা বন্ধ কৰি থোৱা প্ৰত্যক্ষ কৰে । বহু সময় ধৰি বাথৰুমৰ দৰ্জা বন্ধ দেখি পিতৃ-মাতৃয়ে চিঞৰ-বাখৰ আৰম্ভ কৰে। এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাত এন আই টিৰ আন ছাত্ৰসহ কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হয় । এন আই টি কৰ্তৃপক্ষই দৰ্জা ভাঙি প্ৰত্যক্ষ কৰে যে কিশোৰ প্ৰাণ ডেকা নামৰ ছাত্ৰজন ডিঙিত চিপলৈ থকা অৱস্থাত ওলমি আছে । তাতক্ষণিকভাৱে বাবে ওলমি থকা ছাত্ৰগৰাকীক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । অৱশ্যে কি কাৰণত ছাত্ৰগৰাকীয়ে আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।