শিলচৰৰ মধুৰাঘাটত দলঙৰ আধাৰশিলা স্থাপন  মুখ্যমন্ত্ৰীৰ

শিলচৰৰ মধুৰাঘাটত দলঙৰ আধাৰশিলা স্থাপন  মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে পুৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিলচৰৰ মধুৰাঘাটত বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে গান্ধীঘাটৰ ধানকলৰ ওচৰৰ পৰা মধুৰামুখক শিলচৰ চহৰৰ সৈতে সংযোগ কৰিবলগীয়া এই দলং প্রকল্পত ২০২৫-২৬ বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি পুঁজিৰ অধীনত সংলগ্ন পথ আৰু সুৰক্ষাৰ কামো অন্তর্ভুক্ত থাকিব। ৭৯ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া দলংখনৰ মুঠ দৈর্ঘ্য হ’ব ৩৪০ মিটাৰ। দলংখনে ভৌগোলিকভাৱে বিচ্ছিন্ন হৈ থকা ইটাখোলা (শিলচৰ চহৰৰ দিশে) আৰু আনটো পাৰৰ দুধপাটিলক সংযোগ কৰি অঞ্চলটোলৈ উল্লেখযোগ্য অর্থনৈতিক, সামাজিক আৰু আন্তঃগাঁথনিগত পৰিৱৰ্তন আনিব। দুয়োখন ঠাইৰ মাজৰ দূৰত্ব প্রায় ৮ কিঃমিঃ হ্রাস কৰিব, ফলত ধন-জনৰ সুষম চলাচল সম্ভৱ হোৱাৰ লগতে সময় আৰু ইন্ধনৰ খৰচো যথেষ্ট ৰাহি হ’ব, যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্রাস কৰাতো সহায় কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বৰাক নদীৰ ওপৰেৰে নিৰ্বিঘ্নে যাতায়াতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে হাতত লোৱা এই দলংখনে বৰাক উপত্যকাৰ ৰাইজৰ এক দীর্ঘদিনীয়া অভাৱ পূৰণ কৰিব। অহা দুবছৰৰ ভিতৰত দলংখনৰ কাম সম্পূৰ্ণ কৰি ৰাইজক উপহাৰ দিয়া হ’ব বুলিও তেওঁ প্রতিশ্রুতি প্রদান কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অঞ্চলটোৰ যাতায়াত-যোগাযোগলৈ এক অভূতপূর্ব পৰিৱৰ্তন আহিছে।

অঞ্চলটোত অন্নপূর্ণা সেতু, বদ্রী সেতু, সোণাই সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে শিলঘাটত সেতু নিৰ্মাণৰ কাম প্রায় ৫০ শতাংশ সম্পূৰ্ণ হৈছে। কৰতিগ্ৰামত আন এখন দলং নিৰ্মাণৰ কাম চলি আছে। এই দলঙো অহা অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব। বৰাক নদীৰ ওপৰত আন কেইবাখনো দলঙৰ কাম চলি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয় কয় যে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত কাটাখাল, চিয়ালটেক, গৌৰী সেতু, সোণাবাৰী ঘাট আদিতো দলং নিৰ্মাণৰ কাম কৰা হৈছে। বৰ্তমানৰ চৰকাৰৰ শাসনকালত বিগত পাঁচটা বছৰত বৰাক উপত্যকাত আন কোনোকালে নোহোৱা উন্নয়ন সাধিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আৰু কিছুদিনৰ পিছতে ডলু বিমানবন্দৰেও অনুমোদন লাভ কৰিব। শিলচৰ চহৰত এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ কামো অনুমোদিত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই উৰণ সেতুৰ বাবে প্রায় ৫৬৪ কোটি টকা ব্যয় কৰা হ’ব। বৰাক উপত্যকাৰ উন্নয়নৰ দিশত এয়া সোণোৱালী সময় বুলি তেওঁ অভিহিত কৰে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, সাংসদ পৰিমল শুক্ল বৈদ্য, বিধায়কসকল ক্ৰমে মিহিৰকান্তি সোম, দীপায়ন চক্ৰৱৰ্তী, নিহাৰ ৰঞ্জন দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থৰ লগতে লোকনির্মাণ বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল তথা আন বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।