শিলচৰত ৩ কোটি টকাৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

শিলচৰত ৩ কোটি টকাৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা- শিলচৰত ৩ কোটি টকাৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা  লগতে দুখন বাহন সহ তিনি গৰাকী সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, কাছাৰ আৰক্ষীয়ে শিলচৰ বাইপাছৰ সমীপৰ আই এছ বি টিত নিচাজাতীয় সামগ্ৰীৰ অবৈধ পৰিবহণৰ বিৰুদ্ধে অভিযান চলাই ত্ৰিপুৰাৰ পৰা অহা এখন বলেৰো আৰু এখন ভেৰনা বাহন আটক কৰে। তালাচীৰ সময়ত আৰক্ষীৰ দলটোৱে গাড়ী দুখনৰ ভিতৰত লুকুৱাই থোৱা প্রায় ৫৭৬.৫৮ কিলোগ্রাম ওজনৰ গাঞ্জাৰ ৮৬টা পেকেট উদ্ধাৰ কৰে। ক’লা বজাৰত গাঞ্জাখিনিৰ মূল্য ৩ কোটি টকা হ’ব। তদুপৰি তিনি গৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী কেইজন হ’ল জ্যোতিষ দেববর্মা,  প্ৰসান দেববর্মা আৰু চিৰঞ্জিত দেববর্মা। তেওঁ কয়, উদ্ধাৰ হোৱা নিচাজাতীয় দ্রব্যটো স্বতন্ত্র সাক্ষীৰ উপস্থিতিত জব্দ কৰা হৈছে। সংঘটিত স্থানত কৰা পৰীক্ষাৰ সময়ত ড্রাগ ডিটেকচন কিটত গাঞ্জাৰ পজিটিভ ফলাফল পোৱা গৈছিল। প্রাথমিক তদন্তৰ সময়ত পোহৰলৈ আহিছে যে ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা এই মনোৰোগী পদার্থটো অবৈধভাৱে পৰিবহণ কৰা হৈছে। এই সন্দর্ভত অধিক তদন্ত চলি আছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক নোমল মাহাত্তাই।