শিলচৰত ২ কোটি টকাৰ হেৰ’ইনসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা– অসম আৰক্ষীয়ে শিলচৰত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান অভ্যাহত ৰাখিছে। অভিযানত বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। সোনাবাৰী ঘাটত চলিছিল আৰক্ষীৰ এই অভিযান। আৰক্ষীৰ  অভিযানত দুখন বাহনৰ পৰা ৪০টা হেৰ’ইন ভৰ্তি বাকচ জব্দ হয়।  জব্দ কৰা ৪০৬গ্রাম হেৰ’ইনৰ মূল্য প্রায় ২কোটি টকা। চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহ কৰিছিল হেৰ’ইনখিনি। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৫জন লোকক গ্রেপ্তাৰ কৰে।

এছ পি পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত চলিছিল এই অভিযান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে এক্স হেণ্ডেলৰ এটা পোষ্টত লিখিছে, “কাছাৰ আৰক্ষীয়ে সুনাবাৰীঘাট বাইপাছত দুখন বাহন আটক কৰি ২ কোটি টকাৰ ৪০৬ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে পাঁচজন বেপাৰীক গ্ৰেপ্তাৰ কৰে।” তেওঁ লগতে অসমত ড্ৰাগছ সৰবৰাহ কৰাটো ইমান সহজ নহয় বুলি উল্লেখ কৰে।