শিলচৰত ২৩,৫৫১ কোটিৰ অভিলাষী প্রকল্পৰ ভূমিপূজন প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে শুকুৰবাবে গুৱাহাটীত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে তথা অন্তিম দিনা বৰাক উপত্যকাৰ পথ যাতায়াত ক্ষেত্রত নতুন ইতিহাসেৰে কেইবাটাও অভিলাষী প্ৰকল্পৰ ভূমিপূজন কৰে। প্ৰায় ২৩,৫৫১ কোটি টকা ব্যয়সাপেক্ষে ৰূপায়ণ হ’বলগীয়া এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্রকল্পকেইটাই স্বাভাৱিকতে আশাৰ বতৰা কঢ়িয়াই আনিছে। মূলতঃ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ দূৰত্ব আৰু অধিক হ্রাস কৰাৰ দিশত শনিবাৰে লোৱা হয় এক ঐতিহাসিক পদক্ষেপ। এই উপলক্ষে শিলচৰ বাইপাছৰ অম্বিকাপুৰত আয়োজিত এখন বিশাল জনসভাক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ভাষণৰ আৰম্ভণিতে বঙালীত বৰাক উপত্যকাবাসীক শ্রদ্ধা জ্ঞাপন কৰি তেওঁ কয় যে শিক্ষা-দক্ষতা বিকাশ-স্বাস্থ্যসেৱাই হৈছে বিজেপিৰ ডাল ইঞ্জিন চৰকাৰৰ মুখ্য অগ্রাধিকাৰ। আজি অসমে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ এক প্রধান কেন্দ্র হিচাপে আত্মপ্রকাশ কৰিছে। ইয়াৰ পৰা যথেষ্ট লাভৱান্বিত হৈছে বৰাক উপত্যকা।

শিলচৰক বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায়। এইখন এনে এখন ঠাই, য’ত ইতিহাস-ভাষা-সংস্কৃতি-উদ্যোগ একত্ৰিত হৈ অনন্য পৰিচয়ৰ সৃষ্টি হৈছে। ইয়াত বাংলা ভাষা কোৱা হয়। অসমীয়া প্রতিধ্বনিও শুনা যায়। আন আন জনজাতীয় পৰম্পৰাও প্রস্ফুটিত হয়। এই বৈচিত্র্যক শক্তি হিচাপে লৈ সকলোৱে অঞ্চলটোত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বিকশিত কৰিছে। এয়াই বৰাক উপত্যকাৰ অপৰিসীম শক্তি। ই কেবল অসমকেই নহয়, সমগ্র উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিমবংগকো সংযোগ কৰিছে। কিছু সময়ৰ পূৰ্বে বৰাক উপত্যকা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগৰ সৈতে জড়িত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ ভূমিপুজন কৰা হয়। পথ, ৰে’ল, কৃষি মহাবিদ্যালয়েই হওক, এনে প্রতিটো প্রকল্পই বৰাক উপত্যকাক উত্তৰ-পূবৰ এক বৃহৎ পৰিবহণ-বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলৰ সৃষ্টি হ’ব অসংখ্য কর্মসংস্থাপন আৰু স্বনিয়োগ। বৰাক উপত্যকাক বাণিজ্য-ব্যৱসায়ৰ এটা প্রধান কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ আমি অক্লান্তভাবে কাম কৰি আছোঁ আছোঁ। আজি ভূমিপূজন কৰা কৰা শ্বিলং-শিলচৰ হাইস্পীড কৰিড’ৰৰ প্রসংগ উল্লেখ কৰি তেওঁ কয় যে এইটো কেৱল ঘাইপথ প্রকল্প নহয়, উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে দশক দশক ধৰি চলা অপেক্ষাৰো অন্ত পৰিল।

এই কৰিড ‘ৰে শিলচৰ, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাক সংযোগ কৰিব। তদুপৰি বাংলাদেশ আৰু ম্যানমাৰ, তাৰো সিপাৰে দক্ষিণ-পূব এছিয়াৰ বিশাল বজাৰক স্পৰ্শ কৰিব। বৰাক উপত্যকাই আজি এক উজ্জ্বল ভৱিষ্যতৰ আধাৰশিলা স্থাপন কৰিছে। ইয়াৰ দ্বাৰা অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক আৰু যুৱক-যুৱতীসকল উপকৃত হ’ব। এনে উন্নত যোগাযোগৰ সৈতে অঞ্চলটো বিকশিত হ’লে উদ্যোগ প্রতিষ্ঠান বৃদ্ধি হোৱাৰ লগতে পৰ্যটনৰ বিকাশ সাধন হ’ব। সেইদৰে শিলচৰ টাউন উৰণ সেতুৰ ভূমিপুজন সন্দৰ্ভত তেওঁ কয় যে শিলচৰৰ যান-জটৰ বাবে সকলোবে চিন্তিত। এতিয়া শিলচৰ উৰণ সেতুৱে এই সমস্যা দূৰ কৰিব। শিলচৰ চিকিৎসা মহাবিদ্যালয়, এনআইটি আৰু অসম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এয়া এক ডাঙৰ সুবিধা। ই তেওঁলোকৰ যাতায়াতৰ মূল্যৱান সময় ৰাহি কৰিব। বিজেপিৰ ডাব্ল ইঞ্জিন চৰকাৰে ৰে’ল সংযোগৰ ক্ষেত্ৰত ব্যাপক পৰিসৰত কাম কৰিছে বুলি তেওঁ মন্তব্য কৰে। বিশেষকৈ ৰে’লপথ বৈদ্যুতিকৰণ কৰাটো ডাঙৰ অগ্রাধিকাৰৰ বিষয় হিচাপে লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এতিয়া অসমৰ ২,৫০০ কিলোমিটাৰতকৈও অধিক ৰে’ল নেটৱৰ্ক বৈদ্যুতিকৰণ কৰা হৈছে। ফলত দ্রুতবেগী ৰে’ল চলাচল কৰিব পাৰিব। যিয়ে উপকৃত কৰিব বৰাক উপত্যকাৰ স্বচ্ছ পৰিৱেশকো।

বৰাক উপত্যকাৰ কৃষক আৰু চাহ শ্ৰমিকসকলে অসমৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ প্ৰসংগয়ো প্রধানমন্ত্রী মোদীৰ ভাষণত স্থান লাভ কৰে। তেওঁৰ মতে, বিজেপিৰ ডাব্ল ইঞ্জিন চৰকাৰে কৃষকৰ কল্যাণৰ বাবে ধাৰাবাহিকভাৱে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আছে। জনসভাখনত সমৱেত বৃহৎসংখ্যক জনতাক প্রত্যক্ষ কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী মোদী। যাৰ বাবে তেওঁ ভাষণৰ শেষত প্রত্যেককে কৃতজ্ঞতা তথা অভিনন্দন জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে শিলচৰত মেঘালয়ৰ উমিয়ামৰ মাওলিংখুঙৰ পৰা শিলচৰৰ পাচগ্রামলৈ নিৰ্মাণ কৰিবলগীয়া ১৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২২,৮৬৪ কোটি টকাৰ হাইস্পীড কৰিড’ৰ, ৫৬৫ কোটি শিলচৰ টাউন উৰণ সেতু আৰু ১২২ কোটি টকা ব্যয়সাপেক্ষ পাথাৰকান্দি কৃষি মহাবিদ্যালয়ৰ ভূমিপুজন কৰে। উল্লেখ্য যে এই জনসভাখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৌশিক ৰায়, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, কণাড পুৰকায়স্থ, কৃপানাথ মাল্লা, দীপায়ন চক্ৰৱৰ্তী, বিজয় মালাকাৰ, কৰিমউদ্দিন বৰভূঞাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
