শিলচৰত পুনৰ এজন ভুৱা চিকিৎসক কাছাৰ আৰক্ষীৰ জালত

শিলচৰত পুনৰ এজন ভুৱা চিকিৎসক কাছাৰ আৰক্ষীৰ জালত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। দেওবাৰে শিলচৰত পুনৰ এজন ভুৱা চিকিৎসক কাছাৰ আৰক্ষীৰ জালত পৰে। এই পর্যন্ত কাছাৰ জিলাত মুঠ ১১জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই শিলচৰৰ অম্বিকাপটি অঞ্চলৰ পৰা বিপুল চন্দ্ৰ নাথ নামৰ এজন ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে।নিজকে ডা০ বি চি নাথ বুলি পৰিচয় দি দীৰ্ঘদিন ধৰি চিকিৎসা কৰি আহিছিল। ভুৱা চিকিৎসকজনৰ চেম্বাৰৰ পৰা ভুৱা চিকিৎসকৰ ডিগ্ৰী সম্বলিত বহুতো আপত্তিজনক নথি-পত্ৰ আৰু ছীল জব্দ কৰে। ভুৱা চিকিৎসকজনে দীৰ্ঘদিন ধৰি নিজকে এজন চিকিৎসক হিচাপে পৰিচয় দি বিভিন্ন চেম্বাৰ আৰু ফাৰ্মাচীত চিকিৎসা প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। এইদৰে ভুৱা চিকিৎসা কৰি তেওঁ বহুলোকৰ পৰা ধন আদায় কৰি আহিছিল। এই অভিযোগ পোৱাৰ পিছত শিলচৰ সদৰ থানাৰ আৰক্ষীয়ে হেলথী ইউনিট লাইফ ক্লিনিক চেম্বাৰখনত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক বিপুল চন্দ্ৰ নাথ ওৰফে ডা০ বি চি নাথক। গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱা হয় বিপুল চন্দ্ৰ নাথক। আদালতে তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰে। কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি সদৰী কৰিছে ।