শিলচৰত ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

শিলচৰত ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ২০৮ খন বিছনাযুক্ত নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰে।প্রকল্পটোৰ আন্তঃগাঁথনি নিৰ্মাণৰ আৰু বিভিন্ন মেডিকেল সামগ্রী ক্ৰয়ৰ বাবে ধাৰ্য কৰা পুঁজিকে ধৰি প্ৰকল্পটোৰ বাবে ব্যয় হ’বলগীয়া মুঠ পুঁজিৰ পৰিমাণ হৈছে প্রায় ৩০০ কোটি টকা। উল্লেখ্য যে ‘জাইকা’ৰ আৰ্থিক সহযোগিতাৰে ১৬ বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া চিকিৎসালয়খনত কার্ডিঅ’লজী, কার্ডিঅ’থৰেচিক ছাৰ্জাৰী, নিউৰ’লজী, নিউৰ’-ছাৰ্জাৰী, নেফ্ৰ’লজী আৰু ইউৰ’লজী বিভাগকে ধৰি ৬টা ক্লিনিকেল বিভাগ থাকিব।  এই চিকিৎসালয়খনৰ নিৰ্মাণ ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ লক্ষ্য লোৱা হৈছে। হাস্পতালখনত কার্ডিঅ’লজী, কার্ডিঅ’থৰেচিক-ছাৰ্জাৰী, নিউৰ’লজী, নিউৰ’-ছাৰ্জাৰী, নেফ্ৰ’লজী আৰু ইউৰ’লজীৰ প্ৰতিটো বিভাগৰ বাবে ২০খনকৈ বিছনা, ১৪খন ইমাৰজেন্সী বিছনা, ২৭খন আইচিইউ বা আইচিচিইউ বিছনা, প’ষ্ট অ’পাৰেটিভ কেয়াৰৰ বাবে ৮খন, প্রি-অ’পাৰেটিভ কেয়াৰৰ বাবে ৪খন আৰু ডায়েলাইছিছৰ বাবে ১০খন বিছনা থাকিব। তদুপৰি চিকিৎসালয়খনত ২৫টা পেয়িং কেবিন থাকিব। এই উপলক্ষে প্রদান কৰা ভাষণত সম্প্ৰতি ৰাজ্যত ১৪খন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে ৰোগীলৈ সেৱা আগবঢ়াই থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা বছৰ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণ সম্পূর্ণ হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০০৬ চনত তেওঁ অসমৰ স্বাস্থ্যমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ সময়ত ৰাজ্যত এমবিবিএছ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা আছিল ৩৬০খন আৰু চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা আছিল ১৫০খন। এতিয়া আসনৰ এই সংখ্যা ক্রমে ২ হাজাৰ আৰু ১৫০০ খনলৈ বৃদ্ধি পাইছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই  কয় যে ৰাজ্যৰ চিকিৎসা শিক্ষা খণ্ডলৈ সম্প্রতি অভাৱনীয় পৰিৱৰ্তন আহিছে। আসনৰ সংখ্যা বৃদ্ধিৰ ফলত চিকিৎসা বিজ্ঞানৰ প্ৰতি আগ্ৰহী ৰাজ্যৰ শিক্ষার্থীসকলে নামভৰ্তিৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তা নোহোৱা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে চিকিৎসা সেৱা প্ৰদানৰ দিশতো ৰাজ্যখনে দেশৰ ভিতৰতে উল্লেখনীয় স্থান লাভ কৰি বলৈ সক্ষম হৈছে। মুখ্যমন্ত্রী ড° শর্মাই  প্রসূতিৰ মৃত্যুৰ হাৰ, নৱজাতকৰ মৃত্যুৰ হাৰ ৰাজ্যত দ্রুতভাৱে হ্রাস পোৱাৰ কথাও ভাষণত উল্লেখ কৰে। তেওঁ কয় যে অহা দহ বছৰত ৰাজ্যৰ চিকিৎসা শিক্ষা খণ্ডই গুণমান বৃদ্ধিত গুৰুত্ব দিব লাগিব। ৰাজ্যৰ পুৰণি তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ অন্যতম শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উন্নয়নত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। তেওঁ কয় যে জাপান ইণ্টাৰনেচনেল কো-অ’পাৰেচন এজেন্সীৰ আৰ্থিক সহযোগিতাৰে ‘আছাম হেল্থ ছিষ্টেম ষ্ট্ৰেনথেনিং প্রজেক্ট’ৰ অধীনত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত অতিবিশেষ সেৱাযুক্ত (ছুপাৰস্পেচিয়েলিটী) চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰা হৈছে যাতে হৃদৰোগ, স্নায়ুৰোগৰ অস্ত্রোপচাৰকে ধৰি বহু জটিল ৰোগৰ চিকিৎসা সেৱা জনসাধাৰণক প্ৰদান কৰিব পৰা যায়। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই সদৰী কৰে যে শিলচৰস্থিত জিলা অসামৰিক চিকিৎসালয়খনকো পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে। এই প্ৰকল্পৰ বাবে প্রায় ১৫০ কোটি টকা ব্যয় হ’ব। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত নিৰ্মাণৰত ৫০০খন বিছনাযুক্ত চিকিৎসালয়খন নিৰ্মাণৰ কাম চলিত বৰ্ষৰ শেষলৈ সম্পূর্ণ হ’ব বুলি উল্লেখ কৰি তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ মূল ভৱনটো ভাঙি ১৫০০খন বিছনাযুক্ত এটা নতুন ভৱন নিৰ্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে এই নতুন ভৱনটো নিৰ্মাণ হোৱাৰ পিছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পুৰণি মূল ভৱনটো ভাঙি পেলোৱা হ’ব আৰু সমগ্র চিকিৎসালয়খনে এটা ৰূপ লাভ কৰিব। তদুপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৩,৫০০ বিছনাযুক্ত নতুন ভৱন নিৰ্মাণৰ নিবিদা প্রক্রিয়া আৰম্ভ হৈছে বুলি উল্লেখ কৰি ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে আজি বৰাক উপত্যকা ভ্রমণকালতে তেওঁ শিলচৰ চহৰৰ যান-জঁট দূৰ কৰাৰ অৰ্থে প্রায় ৬৫০ কোটি টকা ব্যয় সাপেক্ষে এখন উৰণ সেতু নির্মাণ, মদুৰাঘাটত প্রায় ১০০ কোটি টকা ব্যয়েৰে এখন দলং নির্মাণ, প্রায় ১৫০ কোটি টকা ব্যয়েৰে জিলা অসামৰিক চিকিৎসালয়খনৰ পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰাৰ উপৰি প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে। ইয়াৰ জৰিয়তে অকল শিলচৰ চহৰেই এদিনতে প্রায় ১ হাজাৰ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্রকল্প লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়। এই সভাত অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য আৰু কনাদ পুৰকায়স্থ, বিধায়ক দীপায়ন চক্রবর্তী, মিহিৰকান্তি সোম, নিহাৰৰঞ্জন সোম, নিহাৰৰঞ্জন দাস, কমলাক্ষ দে’ পুৰকায়স্থৰ উপৰি চিকিৎসা শিক্ষ শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ড° সিদ্ধার্থ সিং, শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ অধ্যক্ষ, প্ৰফেছৰ দেৱব্ৰত সিন্‌হা, কাছাৰ জিলাৰ আয়ুক্ত মৃদুল যাদৱ প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।