শিপিনী আই-নিতিষ্মান দাস

Pc Pratham Khabar

শিপিনী আই

অ’ চেনেহৰ শিপিনী আই, বিহুলৈ যে বেছি দিন নাই,

আৰম্ভ কৰিছানে বাৰু তাঁতৰ কাম?

আৰম্ভ যে বিহুৰ আখৰা, চৌদিশে আনন্দৰ বতৰা,

এই বিহুত তোমাৰ পৰা স্নেহ পাম।

কুলি কেতেকীৰ গীত শুনি, বিনন্দীয়া যে হ’ল ধৰণী,

গছে গছে ফুলিছে ধুনীয়া কপৌ ফুল;

বসন্ত মেলা পালে ওচৰ, অসমী আইৰ যে প্ৰাণৰ,

তোমাৰ মৰম নাপাম বুলি ব্যাকুল।

অ’ চেনেহৰ শিপিনী আই, সূতা কাটা যঁতৰ ঘূৰাই,

যঁতৰ ঘূৰাই মহুৰা সাজু কৰিলা;

 মাকুৰ খিত খিতনি মাত, টিপনি যে মাৰি গৰকাত,

মোৰ হিয়াত যেন তুমি ৰং সানিলা।

বহুটো চেনেহ আনন্দেৰে, বৈছা তাঁত অতি যতনেৰে,

দিলা মৰমৰ দীঘ চেনেহৰ বাণী;

অসমী প্ৰাণ আমি সন্তান, গঢ়িলা আইৰ স্বাভিমান,

শুৱদীয়া আই তুমি কৰিলা ধৰণী।

বহা তুমি তাঁতৰ পাতত, কিন্তু চকু যে আলি বাটত,

চেনাইৰ বাবে যে তুমি কাপোৰ বৈছা;

ন চানেকিয়ে তিৰেবিৰাই, হাঁহি যে মাৰা মিচিকিয়াই,

অসমক তুমি ৰহণীয়া কৰি দিছা।

লগালা তাঁতত বিহুৱান, অসমৰ প্ৰাণ স্বাভিমান,

জ্যেষ্ঠজনক শ্ৰদ্ধাৰে বিহুৱান দিয়া;

ভকত যায় নামঘৰলৈ, তোমাৰ স্নেহ বিহুৱান লৈ,

অসমী আইৰে হৈছোঁ আমি অসমীয়া।

শিপিনী আই তুমি সুকীয়া, ধৰণী কৰিলা শুৱদীয়া,

অসমক জিলিকাই আগ বাঢ়ি যাবা;

অ’ মোৰ কৰুণাৰ সাগৰ, মোৰ আত্মা প্ৰাণৰ ঈশ্বৰ,

সকলো দুৰ্গতিৰ পৰা ৰক্ষা কৰিবা।

নিতিষ্মান দাস

অষ্টম শ্ৰেণী