শিক্ষা সেতু এপক প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকর্ষ বঁটা 

শিক্ষা সেতু এপক প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকর্ষ বঁটা 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ শিক্ষা বিভাগে লাভ কৰিছে ৰাষ্ট্ৰীয় স্বীকৃতি। ৰাজহুৱা সেৱাৰ বাবে ২০২৪ বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ উৎকর্ষ বঁটা দুটা শিতানত লাভ কৰি সমগ্ৰ দেশৰ মাজতে সুখ্যাতি অর্জন কৰিবলৈ অর্জন হৈছে অসমে। উদ্ভাৱনী শাখাত সমগ্র শিক্ষা অভিযান, অসমৰ শিক্ষা সেতু এপে দেশৰ জিলাসমূহৰ সামগ্রিক  উন্নয়নৰ শাখাত তিনিচুকীয়া জিলাই প্ৰধানমন্ত্ৰীৰ উৎকৰ্ষ বঁটা লাভ কৰিছে। নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্র শিক্ষা অসম আৰু তিনিচুকীয়া জিলা প্রশাসনক এই বঁটা প্ৰদান কৰে। সমগ্ৰ শিক্ষা অভিযানৰ হৈ মিছন সঞ্চালক ওম প্রকাশে আৰু তিনিচুকীয়াৰ হৈ জিলা আযুক্ত স্বপ্নীল পালে প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা বঁটাসমূহ গ্ৰহণ কৰে। উল্লেখ্য যে শিক্ষক আৰু শিক্ষার্থীৰ উপস্থিতি প্রদান কৰাৰ বাবে শিক্ষা সেতু এপ প্ৰৱৰ্তন কৰা হৈছে। বিশেষকৈ ভুৱা শিক্ষাৰ্থীৰ নামত যাতে কোনো ধন অপচয় হ’ব নোৱাৰে আৰু শিক্ষকসকল যাতে সময়মতে বিদ্যালয়ত উপস্থিত হয় সেয়া নিশ্চিত কৰাৰ বাবে শিক্ষা সেতু এপ প্ৰৱৰ্তন কৰা হৈছে। অৱশ্যে প্রথম পর্যায়ত শিক্ষা সেতু এপক লৈ বিভিন্ন বিতৰ্কৰো সূচনা হৈছিল। একাংশ শিক্ষক সংগঠনে অভিযোগ কৰি আহিছে যে শিক্ষা সেতু এপত যথেষ্ট বিসংগতি আছে। শিক্ষক সংগঠনসমূহৰ এই অভিযোগ চৰকাৰে নস্যাৎ কৰি আহিছে। ইতিমধ্যে ৰাজ্যৰ সকলো বিদ্যালয়তে এই এপত উপস্থিতি প্রদান কৰাটো নিশ্চিত কৰা হৈছে। আনকি শিক্ষা সেতু এপত উপস্থিতি প্ৰদান নকৰিলে শিক্ষকৰ দৰমহা কৰ্তনৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও জাননী জাৰি কৰা হৈছে। শিক্ষা সেতু এপে আজি প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকর্ষ বঁটা লাভ কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমগ্র শিক্ষা অভিযানলৈ অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্রী ড° শর্মাই কয়- শিক্ষা সেতুক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসন উৎকর্ষ বঁটা প্ৰদান কৰে। শিক্ষা সেতুৰ একক সমাধানে শিক্ষার্থী আৰু শিক্ষকৰ উপস্থিতি সুশৃংখল কৰি তুলিছে আৰু অসমৰ বিদ্যালয়সমূহত সমতা প্রদান কৰিছে। এই কৃতিত্ব অৰ্জন কৰাৰ বাবে সমগ্র শিক্ষা অভিযানৰ গোটেই দলটোলৈ অভিনন্দন জনাইছোঁ। ইফালে, সমগ্র শিক্ষা অভিযান অসমক অভিনন্দন জ্ঞাপন কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। এক শুভেচ্ছা বার্তাত তেওঁ কয়- বহু বাধা নেওচিও আমি অসমৰ বিদ্যালয় শিক্ষা ক্ষেত্রত শিক্ষা সেতু এপৰ প্ৰৱৰ্তন কৰিছিলোঁ। বিদ্যালয় ব্যৱস্থাপনাত স্বচ্ছতা আৰু গতি আনিবলৈ কৰা এই সংযোজনে ভবা মতে সফলতা অৰ্জন কৰিছে। এই শিক্ষা সেতুৱে আজি ৰাজহুৱা প্রশাসন, ২০২৪ৰ বাবে প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিক্ষা ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰি শিক্ষা সেতুৰ প্ৰৱৰ্তন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ প্ৰতিফলন। এই সুযোগতে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ অনন্য স্বীকৃতিৰ বাবে সমগ্র শিক্ষা অসম দলক অভিনন্দন জনাইছোঁ। এই স্বীকৃতিয়ে অসমৰ শিক্ষা ক্ষেত্ৰত উন্নয়নৰ দিশে আগবঢ়াই নিবলৈ আমাৰ সকলোৰে সদিচ্ছাক আৰু অধিক দৃঢ় কৰি তুলিলে। আনহাতে, বিভিন্ন উন্নয়নমূলক আঁচনি সফলভাৱে ৰূপায়ণ কৰি প্ৰধানমন্ত্ৰী উৎকর্ষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাই। তিনিচুকীয়াৰ লগতে ৰাজকোট, গোমতি, কোৰাপুত আৰু কুপৱাৰা জিলায়ো এই বঁটা লাভ কৰিছে।

উল্লেখ কৰিব পাৰি যে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে বিগত বৰ্ষত ৰাজহুৱা প্ৰশাসনত উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ কৰ্মশ্রী বঁটাও লাভ কৰিছে। তেওঁৰ কাৰ্যকালত যোৱা দুবছৰত তিনিচুকীয়া জিলাত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ বিশেষ শিবিৰ আয়োজন কৰি ৬ লাখ হিতাধিকাৰীক ই-সত্যর্পণ কৰা হৈছে। ৬০ হাজাৰৰো অধিক শিশুক প্ৰতিষেধক প্ৰদান কৰাৰ লগতে আশাকর্মীক ডিজিটেল প্ৰেছাৰ জোখা সঁজুলি যোগান ধৰা হৈছে। তদুপৰি ৩০০ আদর্শ অংগনৱাড়ী কেন্দ্ৰত জ্যোতির্বিজ্ঞান শাখা স্থাপন কৰা হৈছে। প্রধানমন্ত্রী আৱাস যোজনা, স্বনিধি আঁচনি, পিএম বিশ্বকর্মা আঁচনি আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনি সফলভাৱে ৰূপায়ণ কৰাৰ বাবেই জিলাখনে এই স্বীকৃতি লাভকৰিছে। প্রধানমন্ত্রী মোদীয়ে জিলা আয়ুক্তগৰাকীক ফলক আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰে। এই বঁটাৰ সৈতে জিলাখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ পুঁজিও লাভ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বঁটা প্ৰদান কৰি প্ৰতিখন আঁচনিৰ সৈতে জড়িত ব্যক্তিসকলক অভিনন্দন জ্ঞাপন কৰে। ভাষণ প্ৰসংগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৰস্কাৰপ্ৰাপ্ত পাঁচখন জিলাৰ কথা বিশেষভাৱে উল্লেখ কৰি কয় যে উন্নয়নমূলক বিভিন্ন আঁচনিৰ সফল ৰূপায়ণেৰে সেই জিলাসমূহে সামগ্রিকভাৱে প্ৰগতিৰ পথ প্রশস্ত কৰিছে। বিদ্যালয়ত উপস্থিতিৰ হাৰ বৃদ্ধি পোৱাৰ পৰা আৰম্ভ কৰি সৌৰ শক্তিৰ ব্যৱহাৰলৈকে বিভিন্ন ক্ষেত্ৰত এইসমূহ জিলাই দেশৰ আন জিলাসমূহক বাট দেখুৱাবলৈ সক্ষম হৈছে।