শিক্ষা সম্পৰ্কীয় ৰাষ্ট্ৰীয় নমুনা জৰীপৰ প্ৰশিক্ষণ 

শিক্ষা সম্পৰ্কীয় ৰাষ্ট্ৰীয় নমুনা জৰীপৰ প্ৰশিক্ষণ 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-   পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে ২০২৫ বৰ্ষৰ চলিত মাহৰ পৰা আৰম্ভ কৰিবলগীয়া ৰাষ্ট্ৰীয় নমুনা জৰীপৰ (এন এছ এছ) ৮০সংখ্যক পৰ্যায়ৰ অংশ হিচাপে শিক্ষাৰ সন্দৰ্ভত এক বিস্তৃত মাপাংকীয় জৰীপ (চিএমএছ)ৰ প্ৰৱৰ্তন কৰিছে৷ তথ্যৰ ব্যৱধান দূৰ কৰাৰ উদ্দেশ্য কৰিবলগীয়া এই জৰীপৰ দ্বাৰা নীতি প্ৰণয়ন আৰু মূল্যায়ন দুয়োটাৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। জৰীপৰ কামসমূহ সুচাৰুৰূপে পৰিচালিত হোৱাৰ বাবে আজি ভা: কৃ: গ: প:-কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ প্ৰশিক্ষণ কক্ষত আঞ্চলিক কাৰ্যালয়ৰ ক্ষেত্ৰ সঞ্চালন বিভাগৰ দ্বাৰা এই আঞ্চলিক প্ৰশিক্ষণ শিবিৰ (আৰ টি চি)ৰ আয়োজন কৰা হয়, য’ত এনে জৰীপ কাৰ্যত জড়িত প্ৰায় ৫০গৰাকী ক্ষেত্ৰ কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। 

উল্লেখযোগ্য যে ১৯৫০ চনতে আৰম্ভ হোৱা এন এছ এছে নিৰ্ভৰযোগ্য তথ্য সংগ্ৰহৰ জৰিয়তে নীতি নিৰ্ধাৰণ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তথ্য প্ৰদান কৰাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি চলিত বৰ্ষত উদযাপন কৰিছে। আজি শুভাৰম্ভণী অনুষ্ঠানত ভাষণ প্ৰদান কৰি আই এছ এছৰ উপ-সঞ্চালক প্ৰধান ড° স্বপ্নালী ভট্টাচাৰ্যই নতুন শিক্ষা অনুসূচীৰ তাৎপৰ্য্যৰ সন্দৰ্ভত আলোকপাত কৰে।

তেওঁ ১৯৫০ চনৰ পৰা ভাৰতত তথ্য সংগ্ৰহৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু সফলতাৰ বিষয়েও আলোকপাত কৰি কয় যে এয়া মূলতঃ শিক্ষা সম্পৰ্কীয় সূচকৰ তথ্য সংগ্ৰহৰ বাবে প্ৰস্তুত কৰা হৈছে। এনে ফলপ্ৰসূ পদক্ষেপ অব্যাহত ৰাখি আৰ্থ-সামাজিক জৰীপৰ ৮০সংখ্যক পৰ্যায়ত চলিত বৰ্ষত ‘স্বাস্থ্য’ আৰু ‘শিক্ষা’ বিষয় দুটা সামৰি লোৱা হ’ব। এই তথ্যসমূহ অসমৰ সকলো জিলাৰ পৰা CAPI চফটৱেৰৰ জৰিয়তে টেবলেটত সংগ্ৰহ কৰা হ’ব। টেবলেটত থকা চফটৱেৰৰ পৰা উলিয়াব নোৱাৰাৰ বাবে উত্তৰদাতাই প্ৰদান কৰা পৰিচয় আৰু তথ্য কঠোৰভাৱে গোপনীয় হৈ থাকিব।

এনে জৰীপৰ সফলতা সাক্ষাৎকাৰ লোৱাজনৰ লগতে ধৈৰ্য্য আৰু সত্যতাৰে প্ৰশ্নৰ উত্তৰ দিওতাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হোৱাৰ বাবে তেওঁ জনসাধাৰণৰ পূৰ্ণ সহযোগিতা বিচাৰে। দিনযোৰা এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণী অনুষ্ঠানত আই এছ এছৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী সঞ্চালক শংকৰ চক্ৰৱৰ্ত্তী আৰু সুনীল নায়ক, শিলচৰ শাখাৰ আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী সঞ্চালক ৰাকেশ সাৰেণ প্ৰমুখ্যে বহুকেইগৰাকী সমল ব্যক্তি আৰু বিষয়ববীয়া উপস্থিত থাকে৷