শিক্ষা
‘শিক্ষাই পৰম ধন’ উক্ত বাক্যশাৰী আমি সৰুৱে পৰা শুনি আহিছো শিকি আহিছো। শিক্ষা অবিহনে জীৱন অকল্পনীয়। শিক্ষাই সমাজৰ পৰিৱৰ্তন সাধন কৰে। শিক্ষাই অন্ধবিশ্বাস দূৰ কৰে। শিক্ষা সদায় সকলোৰে বাবে সমান। শিক্ষা নিচিনা পবিত্ৰ বস্তু একোৱেই নাই। শিক্ষাৰ দ্বাৰা অসম্ভৱো সম্ভৱ হয়। সমাজক এক নতুন দিশ দেখুৱাই আগুৱাই নিয়াত কিন্তু এই শিক্ষা ভূমিকা অতিগুৰুত্বপূৰ্ণ। আমি যিকোনো বিষয়ৰ ওপৰত যিয়ে নিশিকো কিয় সেই শিক্ষাই কিন্তু এদিন নহয় এদিন আমাক সহায় কৰিবই। সেইকাৰণেই হয়তো কয় – ‘শিক্ষাই পৰম ধন।’
সংযুক্তা দত্ত
দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়