শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য

Pc Free Press Journal

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য

ৰঙিলী বাৰ্ত্তাসেৱা-  টেট পাছ কৰিলেই নাপাব শিক্ষকৰ চাকৰি৷যিমান খালী পদ আছে তাৰ বিপৰীতেহে পাব চাকৰি৷সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এনেদৰে মন্তব্য কৰে৷ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে,”‘ডাক্তৰী পাছ কৰিলেই সকলোৱে চাকৰি নাপায়, প্ৰত্যেকজন ইঞ্জিনীয়াৰ গ্ৰেজুৱেটে চাকৰি নাপায়৷এতেকে টে’ট পাছ কৰা সকলোৱে চৰকাৰী চাকৰি নাপাবও পাৰে৷এই কথা বাৰম্বাৰ চৰকাৰৰ তৰফৰ পৰা কৈ অহা হৈছে৷টে’ট হৈছে এটা যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা৷এতিয়া এই পৰীক্ষাৰ লগত চাকৰি পাবলৈ বি এড, ডি এল এড লাগে৷তদুপৰি যিমান খালী পদ আছে তাৰ বিপৰীতে নম্বৰৰ এটা প্ৰতিযোগিতা হয়৷গতিকে একাংশ থাকি যায়৷কিন্তু তাৰ কাৰণে আন্দোলনৰ ভাবুকি যুক্তিসংগত নহয়৷কাৰণ শিক্ষা বিভাগত যিমান খালী পদ আছে তাৰ বিপৰীতেহে চাকৰি পাব৷’