শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ৰঙিলী বাৰ্ত্তাসেৱা- এতিয়াৰে পৰা ষষ্ঠ শ্ৰেণীৰ পৰাই পাঠদান কৰিব লাগিব বিষয় শিক্ষকসকলে। শিক্ষা বিভাগৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। শিক্ষাক্ষেত্ৰ আঁচনি অনুসৰি মাধ্যমিক শিক্ষা বিভাগে এই নিৰ্দেশনা দিয়ে।  মাধ্যমিক শিক্ষা বিভাগৰ সচিব ড০ বিজয়া চৌধুৰীৰ নিৰ্দেশনা অনুসৰি শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। উল্লেখ্য, পূৰ্বে একাদশ–দ্বাদশ শ্ৰেণীতহে পাঠদান কৰিছিল বিষয় শিক্ষকে। অৱশ্যে কিছু সংখ্যক বিষয় শিক্ষকে পাঠদান কৰিছিল মাধ্যমিক পৰ্যায়ত। সেয়া বাধ্যতামূলক নাছিল যদিও এতিয়া ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পঢ়ুওটো নিয়মত পৰিণত কৰা হৈছে।