শিক্ষা বিভাগ,ডিব্ৰুগড়ৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

প্ৰজেক্ট নেভিগেটৰ
শিক্ষা বিভাগ,ডিব্ৰুগড়ৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  বৰ্তমান সমগ্র বিশ্বতে প্ৰতিযোগিতা দিনক দিনে কঠিন হৈ আহিছে আৰু চৰকাৰী ক্ষেত্ৰ সমূহত শ্ৰেষ্ঠতা লাভ কৰাটো খুবেই কঠিন হৈ পৰিছে।ইয়াৰ বাবে প্ৰয়োজন হোৱা নিষ্ঠা ,ধৈৰ্য্য,কঠোৰ পৰিশ্ৰম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ধাৰাবাহিক প্ৰচেষ্টাৰ প্ৰয়োজন।গতিকে,এই প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুতি চলাবলৈ path the aspirants need some guidance and assistance.Keeping this into considered শিক্ষা বিভাগ,ডিব্ৰুগড়ে নেভিগেটৰ নামেৰে এটা প্ৰকল্প আৰম্ভ কৰিছে আৰু ইয়াৰ জৰিয়তে অসম চৰকাৰৰ দ্বাৰা নিয়োগ কৰিবলৈ অনুষ্ঠিত কৰা পৰীক্ষাৰ বাবে প্ৰাৰ্থী সকলক সাজু কৰি তোলাৰ বাবে প্ৰস্তুত কৰি তোলাৰ ব্যবস্থা কৰিছে ।একাডেমিক কাউন্সিল,ডিব্ৰুগড় আৰু জিলাখনৰ বহু শিক্ষকৰ সহায়ত ছেপ্টেম্বৰ,২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া আগন্তুক তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পৰীক্ষাৰ প্ৰাৰ্থী সকলক সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। জিলাখনৰ সমূহ শিক্ষিত নিবনুৱা যুৱক-যুৱতীলৈ সহায়ৰ হাত আগবঢ়োৱাটো শিক্ষা বিভাগ ডিব্ৰুগড়ে তেওঁলোকৰ মুখ্য দায়িত্ব বুলি অনুভৱ কৰিছে। এই কথা আগত ৰাখি,ডিব্ৰুগড় জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰাই শৈক্ষিক পৰিষদ,ডিব্ৰুগড়ৰ সৈতে এক বৈঠকৰ আয়োজন কৰি এই প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰিছে যাতে সৰ্বাধিক সংখ্যকে ডিব্ৰুগড় জিলাৰ পৰা নিয়োজিত হ’ব পাৰে। ডিব্ৰুগড় জিলাৰ আটাইকেইটা শিক্ষা খণ্ডৰ ২০ টা প্ৰশিক্ষণ কেন্দ্ৰত এই প্ৰকল্পৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল চাকৰি প্ৰত্যাশী শিক্ষিত সকলক এক মঞ্চ উপলব্ধ কৰা, য’ত তেওঁলোকে প্ৰয়োজনীয় সকলো সহায় আৰু নিৰ্দেশনা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। সমল ব্যক্তিসকলে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিব আৰু পৰীক্ষাৰ আৰ্হিত বুজিব পৰাকৈ সহায় কৰিব বুলি আশা কৰিয়ে এই পদক্ষেপে লোৱা হৈছে বুলি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড:সমীৰণ বৰাই জানিবলৈ দিয়াৰ লগতে জিলাখনৰ ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাল়য়ত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । এই পদক্ষেপৰ জৰিয়তে প্ৰাৰ্থী সকলৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোকৰ ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি তেখেতে মন্তব্য কৰে। শুভ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড়ৰ মনোহাৰি দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ড: শেখৰ চক্ৰৱৰ্তী, ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰবি প্ৰসাদ ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত অধ্যক্ষা গীতাশ্ৰী চৌধুৰী,সাংবাদিক যাদৱ গগৈ প্ৰমুখ্যে বহু কেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী,সমল ব্যক্তি উপস্থিত থাকে।