শিক্ষা – পপী বৰা 

Pc Brookings Institution

শিক্ষা

পপী বৰা 
মেলেং গ্ৰাণ্ট, যোৰহাট
কাকজান মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ অসমীয়া বিভাগৰ ছাত্ৰী

শিক্ষা হৈছে প্ৰকৃততে এক জীৱন জোৰা প্ৰক্ৰিয়া। শিক্ষাৰ কোনো অন্ত আদি নাই , শিক্ষা মানে আমি কেৱল কিতাপৰ মাজৰ সীমাবদ্ধতাক নুবুজো।আমি পৃথিৱীৰ সকলো বস্তুৰ, জীৱ শিক্ষা আহৰণ কৰিব পাৰোঁ ।এই শিক্ষাৰ জৰিয়তে কোনো এজন ব্যক্তিয়ে নিজৰ আচৰণ পৰিৱৰ্তন কৰি প্ৰচলিত পৰিৱেশৰ লগত খাপ খোৱাই চলিব পাৰে।

বৰ্তমান যুগত শিক্ষাৰ অবিহনে পৃথিৱীত চলিব নোৱাৰে ।বৰ্তমান সমাজ খন আগবঢ়াই নিবলৈ আমাৰ সমাজ খন শিক্ষিত তথা সমাজৰ শিক্ষা ক্ষেত্ৰত উন্নতি কৰিব লাগিব।বৰ্তমান সময়ত * প্ৰায় ৭৫ শতাংশ মানুহ শিক্ষিত হোৱা দেখা গৈছে।আমি শিক্ষা বৰ্তমান যুগত উন্নয়নৰ ইন্ধন হিচাপে গ্ৰহণ কৰি সমাজত অজ্ঞানতা,কুসংস্কাৰ, অন্ধবিশ্বাস,অন্ত পেলাই সমাজ খনৰ যিবোৰ আৱৰ্জনা সমাজ বিধ্বংসী কাৰণ সমূহ নাইকিয়া কৰিব পাৰো। মানুহৰ জীৱনত শিক্ষাই এক আহিলা শক্তি যাৰ জৰিয়তে মানুহে বৰ্তমানৰ পৰিস্থিতিৰ পৰা ভৱিষ্যতৰ পৰিস্থিতিত উন্নতি সাধন কৰিব পাৰে  ।

সমাজৰ ব্যক্তি সকল যেতিয়া শিক্ষিত হব তেতিয়া সমাজৰ মুৰব্বী জন শুদ্ধ আৰু সৎ হব । বৰ্তমান আমাৰ ভাৰতবৰ্ষত দেখা যায় যে জাতি ভিত্তিক,ভাষা ভিত্তিক,আৰু টকাৰ জোৰত ভোট দান আৰু ভোট কিনা বেচা প্ৰক্ৰিয়া দেখা যায় কিন্তু এই ব্যৱস্থাক লৈ কোনো মাত মাতিব নোৱাৰে বা সাহস নকৰে। কাৰণ আমাৰ সমাজৰ অশিক্ষিত আৰু গোৰামী মানুহৰ চিন্তা ধাৰা এই জাতি ব্যৱস্থা আৰু আঞ্চলিকতাবাদত সীমাবদ্ধ হৈছে ।আমি জানো যে শিক্ষাই এক আহিলা যাৰ জৰিয়তে আমি এই চিন্তা ধাৰা সমূহ অন্ত পেলাব পাৰিম।আমি সমাজৰ শিক্ষা প্ৰয়োজনীয়তা সমূহ পূৰণ কৰি সমাজ খন এক গোট কৰি আগবঢ়াই নিব লাগিব।মই ভাবো যে এটা পৰিয়ালে তিনিটা আহাৰ গ্ৰহণ নকৰি মাত্ৰ দুটা সময় আহাৰ গ্ৰহণ কৰি নিজৰ পৰিয়ালৰ নতুন প্ৰজন্মক শিক্ষাৰ সুবিধা দিব লাগে। শিক্ষা থাকিলেহে আমাৰ আৰ্হি থকা নতুন প্ৰজন্ম সমাজ খন সৎ আৰু সবল হব ।

শিক্ষা মানে চাকৰি মুখি হব নালাগে।শিক্ষা আমি এনেকে গ্ৰহণ কৰিব লাগে যে মই আজি যি শিক্ষা গ্ৰহণ কৰিছোঁ এই শিক্ষা খিনিৰ জৰিয়তে যাতে সমাজত তিনিজন ব্যক্তিৰ উপকাৰ হয়।আৰু সেই তিনিজন ব্যক্তিয়ে আৰু ৯ জন ব্যক্তিৰ মনৰ পৰা ভেদা-ভেদ আৰু

উচ্চ-নীচ ভাব অন্ত পেলাব পাৰে।আমি এই দৰে শিক্ষা গ্ৰহণ কৰিলেহে আমি আমাৰ সমাজৰ প্ৰতিনিধি জন শুদ্ধ আৰু নিকা ভাৱে নিৰ্বাচন কৰিব পাৰিম। এখন সমাজৰ প্ৰতিনিধি জন শিক্ষিত হলেহে সমাজ শিক্ষিত হব আৰু সমাজ আগবাঢ়িব। আমি দেখিবলৈ পোৱা যায় যে সমাজত ধৰ্ম ভিত্তিক, ধৰ্ষণ,হত্যা,বিদ্ৰো আদি।এই সমূহৰ মূল কাৰণটোৱে হল আমাৰ অশিক্ষিত সমাজ।আমাৰ চৰকাৰে চেষ্টা কৰিলে একে দিনে শিক্ষা ব্যৱস্থা উন্নতি সাধন কৰিব পাৰে কিন্তু ভোট বেংক হিচাপে ব্যৱহাৰ হৈ অহা এই অশিক্ষি সমাজ।এই সমাজ যদি শিক্ষিত হৈ যায় তেতিয়া তেওঁলোকে প্ৰকৃত আৰু সমাজৰ শিক্ষিত ব্যক্তি জনক নিৰ্বাচন কৰিব আৰু সৎ ব্যক্তি জনে দেশ চলাব আৰু এই জাতি,ধৰ্ম,অঞ্চল ভিত্তিক থকা ভোট বেংক নোহোৱা হৈ যাব।

ওপৰৰ কথা খিনিৰ পৰা মই কবি বিচাৰোঁ যে সমাজ খন শৃংখলা বদ্ধ ভাৱে প্ৰচলিত আৰু সুচাৰুৰূপে পৰিচালনা হব বাবে শিক্ষা প্ৰয়োজন।তেতিয়াহে ৰাজ্য,দেশ,ৰাজধানী উন্নতি কৰিব মানৱ সমাজ উন্নতি সাধন কৰিব সমাজৰ আবৰ্জনা নোহোৱা হব।