শিক্ষাৰ মৰ্যাদা আৰু মদ
মুজাম্মেল হ’ক,গুৱাহাটী
দুঃস্বপ্নৰ স্বপ্ন দেখা মানুহবোৰে
দুখীয়া ল’ৰাবোৰক হাতিয়াৰ কৰে
সপোনটো দেখুৱাই
গা-ৰ ছাল এৰুৱাই
শিক্ষাই সমাজক মদ যোগান ধৰে।
ৰাখিছে ডেকা শক্তিক মদত ডুবাই
অপৰাধী হৈ ডেকা জেইলত সোমায়
কৰে শেষ ভবিষ্যৎ
কয় উদ্দেশ্য মহৎ
শিক্ষিতই শিক্ষাৰ মৰ্যাদা পুৰি খায়।
বাঢ়ে শিক্ষাহাৰ দেশ পুৰি চাৰ্ খাৰ্
ৰক্ষকেই ভক্ষক হৈ কৰে অত্যাচাৰ
দিন ভিক্ষা প্ৰাণ ৰক্ষা
যি-হে আঁচনি সুৰক্ষা
সেয়েহে বিভেদ আজি ধনী দুখীয়াৰ।
