শিক্ষাৰ উৰ্দ্ধত জ্ঞান – দিপ্তী মনি গোস্বামী

শিক্ষাৰ উৰ্দ্ধত জ্ঞান

দিপ্তী মনি গোস্বামী, লখিমপুৰ

এটি শিশুৱে পৃথিৱীত চকু মেলাৰ পৰাই অভিভাৱক সকল ব্যস্ত হৈ পৰে শিশুটিক লৈ অলীক কল্পনাত।সেই কল্পনা বিলাসী মনে শিশুটিৰ বাবে ভৱিষ্যতৰ এখন কল্পনাৰ আসন নিৰ্মাণ কৰি লয়। সেই কল্পনা ক বাস্তৱৰ ৰূপ দিবলৈ আহোপুৰুষাৰ্থ কৰে শিশু টিয়ে বুজা নোবুজা বয়সৰ পৰাই । তাৰে অংগ হিচাপে শিশুটিৰ শিক্ষা জীৱনৰ পাতনি আৰম্ভ হয়। সেই ব্যস্ততা সুদূৰ প্ৰসাৰী কৰি তুলিবলৈ যাওঁতে কেতিয়াবা শিশুটিয়ে অনুশাসন নীতি শিক্ষা নামৰ বিষয় বস্তুৰ সৈতে মুখামুখি হবলৈ সময়ৰ নাটনি হয়। কালক্ৰমত সেই শিশু টি উচ্চ শিক্ষাৰে শিক্ষিত হৈ প্ৰতিষ্ঠিত ও হৈ উঠে কিন্তু তেওঁ লোকৰ বহুতৰে মাজত জ্ঞানৰ অভাৱ পৰিলক্ষিত হয়। শিক্ষাটো নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰনে বা ঘৰখনৰ কাৰণে যিমান জৰুৰী জ্ঞান টো এখন সমাজ ব্যৱস্থাৰ বাবে তাতোকৈ অধিক জৰুৰী। শিক্ষাই কেৱল নিজক পোহৰাবলৈ সক্ষম হয়, কিন্তু জ্ঞানে এখন সমাজক পোহৰাবলৈ সক্ষম হয়।