শিক্ষাৰ্থীসকলৰ বাবে অনুপ্ৰেৰণামূলক গ্ৰন্থ : ‘পাখি মেলা সপোন’
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
‘পাখি মেলা সপোন’ হৈছে ‘১৫ মিনিট শিক্ষা’ নামৰ এখন অনলাইন শিক্ষা মঞ্চত প্রদান কৰা কুৰিটা বক্তৃতাৰ প্ৰৱন্ধৰ ৰূপ । এই গ্ৰন্থখনৰ লেখক হৈছে পাঠকসমাজৰ মাজত স্তম্ভলেখক হিচাপে পৰিচিত ওদালগুৰি জিলাৰ কলাইগাঁৱৰ মুনিন্দ্ৰ বৈশ্য।
গ্রন্থখনৰ ‘পাতনিতে’ত আমেৰিকাৰ ছেম হিউষ্টন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক ডঃ হিৰণ্য কুমাৰ নাথে এনেদৰে লিখিছে – ‘…আমাৰ বক্তৃতা আৰু আন অনুষ্ঠানসমূহ ইউটিউব আৰু ফেইচবুকত সংগৃহীত হৈ থাকে। মুনিন্দ্ৰই অনুপ্ৰেৰণামূলক বক্তৃতা, আলোচনা, আলাপ অনুষ্ঠানৰ কুৰিটা বাছি লৈ তাৰ কাহিনীবোৰ নিজস্ব ৰচনাশৈলীৰে পাঠকলৈ সজাই তুলিছে। অনলাইন বক্তৃতা-আলোচনা-আলাপ অনুষ্ঠান শুনি তাৰ আধাৰত লিখি উলিওৱা এইখন বোধহয় অসমীয়া ভাষাৰ প্ৰথম গ্রন্থ। লিখনিবোৰত যাতে তথ্যগত ভ্রান্তি ৰৈ নেযায় তাৰ বাবে কাহিনীৰ মূল ব্যক্তিসকলৰ সৈতে যোগাযোগ কৰি তথ্যসমূহৰ সত্যাপন কৰা হৈছে। যি দুই-এটা কাহিনীত সেইটো কৰিব পৰা নাই, ৰিফাত মান্নান আৰু মই পুনৰ ভিডিঅ’বোৰ পৰীক্ষা কৰি যথাসম্ভৱ শুদ্ধ তথ্য আৰু বাৰ্তা প্রতিফলনৰ চেষ্টা কৰিছোঁ। আশা কৰোঁ মুনিন্দ্ৰ, শশাংক আৰু এই অনুষ্ঠানবোৰৰ লগত প্রত্যক্ষভাৱে জড়িত থকা আমি আটায়ে আশা কৰাৰ দৰে ১৫ মিনিট শিক্ষাৰ মঞ্চত প্রচাৰিত এই ‘পাখি মেলা সপোন’ৰ কাহিনীবোৰ এই সংকলনটিৰ জৰিয়তে আমাৰ মুলুকৰ নিভৃততম কোণৰ শিক্ষাৰ্থীসকলৰ ওচৰ পাবগৈ আৰু তেওঁলোকৰ সপোনবোৰতো সাৰ-পানী যোগাব।…’
বাটচ’ৰাত লেখক মুনিন্দ্ৰ বৈশ্যই এনেদৰে লিখিছে – ‘… ‘১৫ মিনিট শিক্ষা’ৰ মঞ্চত প্ৰদান কৰা বক্তৃতাসমূহৰ বিষয় ভিন ভিন। বহু গুণী-জ্ঞানী লোকে প্রদান কৰা বহু উচ্চ পৰ্যায়ৰ বৌদ্ধিক আৰু বিদ্যায়তনিক বক্তৃতাও আছে, যিবোৰ সৰ্বসাধাৰণ লোকৰ কাৰণে উপযোগী নহয়। গতিকে তিনিকুৰিৰো অধিক বক্তৃতাৰ মাজৰ পৰা এনে কুৰিটা বক্তৃতা নিৰ্বাচন কৰা হ’ল যিকেইটা বক্তৃতাই উচ্চ শিক্ষিত লোকজনৰ পৰা আৰম্ভ কৰি একেবাৰে সৰ্বসাধাৰণজনকো গভীৰভাৱে প্ৰভাৱিত কৰিব- বিশেষকৈ ছাত্র-ছাত্রীসকলক। ছাত্র-ছাত্রীসকলক ‘ভাল মানুহ’ হোৱাত লেখাকেইটাই নিশ্চিতভাৱে প্রভূত অৰিহণা যোগাব বুলি মই বিশ্বাস কৰোঁ। সেইবাবেই গ্ৰন্থখনৰ নাম দিয়া হ’ল ‘পাখি মেলা সপোন: পোন্ধৰ মিনিট শিক্ষাৰ প্ৰজ্ঞাযাত্রা’। বক্তৃতা এটাক প্ৰৱন্ধৰ ৰূপ দিয়াটো জটিল কাম। প্রায় এঘণ্টা সময়ৰ বক্তৃতা এটাৰ পৰা মূল কথাখিনি লৈ সেইখিনিৰে প্ৰৱন্ধৰ ৰূপ দিয়া হৈছে। তাৰ লগত সংযোগ কৰা হৈছে প্রশ্নোত্তৰ শিতানৰ দুই-এটা প্রশ্ন। তাকে কৰিবলৈ যাওঁতে ঠায়ে ঠায়ে ইংৰাজী শব্দ ব্যৱহাৰ কৰা হৈছে যাতে পাঠকে পঢ়ি যাওঁতে প্ৰৱন্ধসমূহ মূল বক্তাৰ মুখেৰে শুনি থকা বক্তব্য যেন অনুভৱ কৰে। …’
‘১৫ মিনিট শিক্ষা (https://15minitxikhya.com)’ এখন অনলাইন শিক্ষা মঞ্চ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ বিভিন্ন ঠাইত থকা অসম মূলৰ এমুঠি লোকৰ প্ৰচেষ্টাত ২০২১ বর্ষত গঢ় লৈ উঠা এই মঞ্চখনে অসমৰ শিক্ষাৰ্থীসকলৰ কামত আহিব পৰা বিভিন্ন অধ্যয়ন ক্ষেত্ৰৰ বিদ্যায়তনিক বিষয়ৰ বক্তৃতা, বৃত্তি আৰু উচ্চশিক্ষাৰ সুবিধা সম্পর্কীয় আলচ, প্রতিবন্ধকতা আৰু প্ৰত্যাহ্বান নেওচি সফলতা লাভৰ কাহিনী আৰু গুৰুত্বপূৰ্ণ সমসাময়িক ঘটনাপ্রবাহৰ আলোচনা নিয়মীয়াকৈ আয়োজন কৰি আহিছে। বিশ্বৰ বিভিন্ন ঠাই আৰু ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু সফল ব্যক্তিসকলৰ অংশগ্রহণে এই অনুষ্ঠানসমূহক তথ্যসমৃদ্ধ কৰাৰ লগতে গাঁৱে-ভূঞে, চহৰে-নগৰে বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে যুজি থকা নতুন প্ৰজন্মৰ মাজত আশা আৰু প্ৰেৰণাৰো সঞ্চাৰ কৰে। ‘১৫ মিনিট শিক্ষা’ পৰিয়ালৰ সদস্যসকল হৈছে – আমেৰিকাৰ ছেম হিউষ্টন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অর্থনীতি বিভাগৰ অধ্যাপক ডঃ হিৰণ্য কুমাৰ নাথ, পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ সেই সময়ৰ সহকাৰী অধ্যাপক ডাঃ ৰিফাত মান্নান (বর্তমান কেলিফর্ণিয়াৰ চিটী অব্ হ’প নেচনেল মেডিকেল চেন্টাৰৰ পেথ’লজি বিভাগৰ সহযোগী অধ্যাপক), ব্লু অৰিজিন কোম্পানীৰ গবেষক ডঃ সংঘমিত্রা গোস্বামী, কটন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ প্রাক্তন মুৰব্বী অধ্যাপক ডঃ পৱন কুমাৰ চহৰীয়া, গুৱাহাটীৰ ইনষ্টিটিউট্ অব এডভান্সড ষ্টাডিজ ইন ছায়েন্স এন্ড টেকন’লজিৰ সহযোগী অধ্যাপক ডঃ মুনিমা বৰা চহৰীয়া, গুৱাহাটী আই আই টিৰ অংকশাস্ত্ৰৰ অধ্যাপক তথা কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ একমাত্র অসমীয়া বেঙলাৰ ডঃ অনুপম শইকীয়া, মেকানিকেল ইঞ্জিনীয়াৰিঙৰ সহকাৰী অধ্যাপক ডঃ প্রসেনজিৎ খনিকৰ আৰু ৰসায়ন বিজ্ঞানৰ সহকাৰী অধ্যাপক ডঃ কল্যাণ ৰাইদঙীয়া, আই আই টি ধাৰৱাৰৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ নীলকমল মহন্ত, বহুজাতিক কোম্পানীৰ বিষয়া চৈয়দা তামান্না জেৰিন আৰু আমেৰিকাৰ জার্জিয়াস্থ কেনেশ্ব’ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কনফ্লিক্ট মেনেজমেন্টৰ সহকাৰী অধ্যাপক ডঃ উদ্দীপনা গোস্বামী।
গ্রন্থখনত অন্তৰ্ভুক্ত প্ৰৱন্ধসমূহ হ’ল – বিশিষ্ট বিজ্ঞানী ডঃ ৰুবুল মাউতৰ কথাৰে ,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিক আৰুণি কাশ্যপৰ সফলতাৰ আঁৰৰ মন্ত্র , ময়ুৰ বৰাৰ দৃষ্টিৰে ‘এক্সপেৰিমেন্টিং উইথ লাইফ’ ,গৌৰাংগলাল দাস: উদাৰ শিক্ষাই যাৰ জীৱন সলনি কৰি পেলাইছিল,কেন্সাৰ মানেই মৃত্যু নহয়: ডাঃ তপন কুমাৰ শইকীয়া,ডাঃ সুৰজিৎ গিৰিৰ মনৰ কথা ,’শান্তিস্বৰূপ ভাটনগৰ বঁটা’প্রাপক বিশিষ্ট বিজ্ঞানী ডঃ বিনয় কুমাৰ শইকীয়া ,’বিগ বেং তত্ত্ব’ক প্রত্যাহ্বান জনোৱা প্রখ্যাত ভাৰতীয় বিজ্ঞানী ডঃ জয়ন্ত নার্লিকাৰ, কৃত্রিম বুদ্ধিমত্তাৰ যুগত জীবিকা হিচাপে সাংবাদিকতাঃ শচীন গগৈ ,পুষ্পধৰ দাসঃ আই আই এমৰ পৰা খেতিপথাৰলৈ সফল যাত্রা ,’হাড়গিলা আর্মী’ খ্যাত ডঃ পূর্ণিমা দেৱী বৰ্মনৰ সফলতাৰ আঁৰৰ কাহিনী, সৰগৰ পাৰিজাত মৰতলৈ নমাই আনিছে উত্তম টেৰণে, UPSC পৰীক্ষাত পঞ্চম স্থান লাভেৰে জিলিকি উঠা ডাঃ ময়ুৰ হাজৰিকা ,২০২৩ বৰ্ষৰ ‘অসম আৰক্ষী সেৱা’ত প্রথম স্থানপ্রাপক পার্থ প্রতিম শর্মা ,প্ৰেৰণাৰ আন এটি নাম ৰূপশিখা নাথ ,ডঃ জুৰিটি ৰাজবংশী: দেওমৰনৈৰ পৰা আমেৰিকালৈ বৌদ্ধিক যাত্রা , প্রত্যাহ্বান নেওচি জ্যোতিষ্মান হোৱা জ্যোতিষ ৰঞ্জন ডেকা,সপোনৰ স্ৰষ্টা আৰু দ্রষ্টা নীলাক্ষী দেবী ,দৰিদ্ৰতাৰ নিষ্ঠুৰ আঘাত নেওচি জীৱন জয় কৰা ডঃ পিংকি দেৱীৰ জীৱনগাথা আৰু উচ্চ শিক্ষালাভৰ উদ্দেশ্য বিদেশলৈ যোৱাৰ আগতে জানিবলগীয়া কিছু কথা ।
‘পাখি মেলা সপোন’ নামৰ গ্ৰন্থখন শিক্ষাৰ্থী, অভিভাৱক তথা অনুপ্ৰেৰণা বিচাৰোঁতাসকলক ধনাত্মকভাৱে প্ৰভাৱিত কৰিব পৰা এখন অতি মূল্যৱান গ্ৰন্থ। এই গ্রন্থখনৰ প্রকাশক অজয় কুমাৰ দত্ত, স্টুডেণ্টচ্ ষ্ট’ৰচ্ ,গুৱাহাটী আৰু ইয়াৰ মূল্য ২৫০ টকা । গ্রন্থখনত মুঠ ২০৭ পৃষ্ঠা আছে আৰু গ্রন্থখনৰ প্রথম প্রকাশ: নৱেম্বৰ, ২০২৫। অনুপ্ৰেৰণামূলক গ্ৰন্থখন পাঠকসমাজলৈ আগবঢ়াই দিয়াৰ বাবে লেখক মুনিন্দ্ৰ বৈশ্যক ধন্যবাদ জনাইছো ।
